--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাবনাৰ ৰূপপুৰৰ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই ৰাছিয়াৰ পৰা আহিছে ‘উৰ্শা সজ্ৰে’ নামৰ এখন জাহাজ।  বাংলাদেশ পোৱাৰ আগতেই ঢাকাক আমেৰিকাৰ ফালৰ পৰা জনোৱা হৈছিল যে, ৰাছিয়াৰ মালিকানাধীন এই জাহাজখনৰ ওপৰত নিষেধাজ্ঞা আছে।  গতিকে  নিষেধাজ্ঞাৰ অধীনত থকা জাহাজ বাংলাদেশত প্ৰৱেশ কৰিলে কূটনৈতিক সমস্যা হ’ব পাৰে।  আমেৰিকাৰ পৰা পোৱা এই বাৰ্তাৰ পিছতে বাংলাদেশ চৰকাৰে ৰাছিয়াৰ জাহাজখনক বন্দৰত প্ৰবেশ কৰিবলৈ নিদিলে।

যোৱা ১৪ নৱেম্বৰত ৰাছিয়াৰ পতাকা থকা ‘উৰশা সজ্ৰে' নামৰ এখন জাহাজ পাবনাৰ ৰূপপুৰ পাৰমাণৱিক শক্তি কেন্দ্ৰলৈ সামগ্ৰী কঢ়িয়াই ছেইণ্ট পিটাৰ্ছবাৰ্গ বন্দৰৰ পৰা ওলাই আহিছিল।  ২৪ ডিচেম্বৰত বাংলাদেশত উপস্থিত হোৱাৰ কথা আছিল জাহাজখন।  কিন্তু বাংলাদেশ পোৱাৰ আগতেই আমেৰিকাই  ঢাকাক জনাইছিল যে পাৰমাণৱিক সামগ্রী কঢ়িয়াই আনা   জাহাজখন আচলতে ৰাছিয়াৰ মালিকানাধীন আৰু এখন যুদ্ধ জাহাজ৷  ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।  এই জাহাজখনৰ নতুন নাম দিয়া হৈছে ‘উৰ্শা সজ্ৰে’।বাংলাদেশৰ ৰূপপুৰত জাহাজখন ডক কৰিবলৈ দিয়াৰ বাবে ৰাছিয়াৰ পৰা হেঁচা আহিছিল।  বাংলাদেশে বিষয়টো আন্তর্জাতিক পৰ্যায়ত উত্থাপন কৰে। আৰু যোৱা ২২ ডিচেম্বৰত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এখন বৈঠকত ৰাছিয়াৰ প্ৰতিনিধিৰ উপস্থিতিত জনোৱা হৈছিল, যে নীতি অনুসৰি বাংলাদেশে কোনো নিষিদ্ধ জাহাজ প্ৰৱেশ কৰিবলৈ নিদিয়ে।  

সেইদিনা হাছিনা চৰকাৰে ঢাকাত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূতক ফোন কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ক এই বিষয়ে অৱগত কৰে।  ঢাকাত নিযুক্ত ৰাছিয়াৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ মান্টিষ্টস্কিয়েও জাহাজখন বাংলাদেশলৈ প্ৰেৰণৰ বাবে অনুৰোধ জনাইছিল।  এই অনুৰোধ তেওঁ যোৱা ২২ ডিচেম্বৰত ঢাকাত বৈদেশিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছিল।  কিন্তু সেই অনুমতি বাংলাদেশ পক্ষৰ পৰা দিয়া হোৱা নাছিল।  ইয়াৰ পিছত ঢাকাত থকা আমেৰিকাৰ দূতাবাসে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাছিয়াক জনাই যে, ৰাছিয়াৰ সেই নীতি ইউক্ৰেইনৰ ক্ষেত্ৰত প্ৰযোজ্য নেকি?  

২২ ডিচেম্বৰত মস্কোত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আৰু ঢাকাত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতে মন্তব্য কৰিছিল যে কিছুমান পশ্চিমীয়া দেশৰ কূটনীতিবিদৰ উচ্চ অধিকাৰীয়ে  বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে