--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাবনাৰ ৰূপপুৰৰ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই ৰাছিয়াৰ পৰা আহিছে ‘উৰ্শা সজ্ৰে’ নামৰ এখন জাহাজ।  বাংলাদেশ পোৱাৰ আগতেই ঢাকাক আমেৰিকাৰ ফালৰ পৰা জনোৱা হৈছিল যে, ৰাছিয়াৰ মালিকানাধীন এই জাহাজখনৰ ওপৰত নিষেধাজ্ঞা আছে।  গতিকে  নিষেধাজ্ঞাৰ অধীনত থকা জাহাজ বাংলাদেশত প্ৰৱেশ কৰিলে কূটনৈতিক সমস্যা হ’ব পাৰে।  আমেৰিকাৰ পৰা পোৱা এই বাৰ্তাৰ পিছতে বাংলাদেশ চৰকাৰে ৰাছিয়াৰ জাহাজখনক বন্দৰত প্ৰবেশ কৰিবলৈ নিদিলে।

যোৱা ১৪ নৱেম্বৰত ৰাছিয়াৰ পতাকা থকা ‘উৰশা সজ্ৰে' নামৰ এখন জাহাজ পাবনাৰ ৰূপপুৰ পাৰমাণৱিক শক্তি কেন্দ্ৰলৈ সামগ্ৰী কঢ়িয়াই ছেইণ্ট পিটাৰ্ছবাৰ্গ বন্দৰৰ পৰা ওলাই আহিছিল।  ২৪ ডিচেম্বৰত বাংলাদেশত উপস্থিত হোৱাৰ কথা আছিল জাহাজখন।  কিন্তু বাংলাদেশ পোৱাৰ আগতেই আমেৰিকাই  ঢাকাক জনাইছিল যে পাৰমাণৱিক সামগ্রী কঢ়িয়াই আনা   জাহাজখন আচলতে ৰাছিয়াৰ মালিকানাধীন আৰু এখন যুদ্ধ জাহাজ৷  ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।  এই জাহাজখনৰ নতুন নাম দিয়া হৈছে ‘উৰ্শা সজ্ৰে’।বাংলাদেশৰ ৰূপপুৰত জাহাজখন ডক কৰিবলৈ দিয়াৰ বাবে ৰাছিয়াৰ পৰা হেঁচা আহিছিল।  বাংলাদেশে বিষয়টো আন্তর্জাতিক পৰ্যায়ত উত্থাপন কৰে। আৰু যোৱা ২২ ডিচেম্বৰত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এখন বৈঠকত ৰাছিয়াৰ প্ৰতিনিধিৰ উপস্থিতিত জনোৱা হৈছিল, যে নীতি অনুসৰি বাংলাদেশে কোনো নিষিদ্ধ জাহাজ প্ৰৱেশ কৰিবলৈ নিদিয়ে।  

সেইদিনা হাছিনা চৰকাৰে ঢাকাত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূতক ফোন কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ক এই বিষয়ে অৱগত কৰে।  ঢাকাত নিযুক্ত ৰাছিয়াৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ মান্টিষ্টস্কিয়েও জাহাজখন বাংলাদেশলৈ প্ৰেৰণৰ বাবে অনুৰোধ জনাইছিল।  এই অনুৰোধ তেওঁ যোৱা ২২ ডিচেম্বৰত ঢাকাত বৈদেশিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছিল।  কিন্তু সেই অনুমতি বাংলাদেশ পক্ষৰ পৰা দিয়া হোৱা নাছিল।  ইয়াৰ পিছত ঢাকাত থকা আমেৰিকাৰ দূতাবাসে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাছিয়াক জনাই যে, ৰাছিয়াৰ সেই নীতি ইউক্ৰেইনৰ ক্ষেত্ৰত প্ৰযোজ্য নেকি?  

২২ ডিচেম্বৰত মস্কোত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আৰু ঢাকাত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতে মন্তব্য কৰিছিল যে কিছুমান পশ্চিমীয়া দেশৰ কূটনীতিবিদৰ উচ্চ অধিকাৰীয়ে  বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ