--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২১ চনৰ আগষ্ট মাহত আফগানিস্তান  দখল কৰিছিল তালিবানে। আৰু তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক বৈধ ‘স্বীকৃতি’ লাভৰ বাবে অহৰহ চেষ্টা কৰি আহিছে তালিবানে।  কিন্তু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এতিয়াও যেন প্ৰাসংগিক হৈ উঠা নাই আফগানিস্তান।  অৱশ্যে এইবাৰ এইবাৰ আফগান চৰকাৰৰ পক্ষত "বন্ধুৰ ৰূপে" আহিছে  চীন । যিটো ভাৰতৰ বাবে মুঠেই শুভ নহয়। 

শেহতীয়াকৈ আফগানিস্তানৰ শাসকীয় তালিবানে চীনৰ এটা কোম্পানীৰ সৈতে দ্বিপাক্ষিক চুক্তি কৰিছে৷ আৰু এই চুক্তি অনুসৰি চীনৰ কোম্পানীটোৱে আফগানিস্তানৰ আমু দৰিয়া অৱবাহিকাত তেল  আহৰন কৰিব।  ইয়াৰ ফলস্বৰূপে কাবুলৰ অৰ্থনীতিয়ে এক নতুন মাত্রা পাব বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে, গৃহ যুদ্ধৰ ফলত আফগানিস্তানৰ অৰ্থনীতি সম্পূর্ণ ভাৱে বিধ্বস্ত হৈছিল। আৰু পৰবৰ্তী সময়ত বহু ক্ষেত্রত   ভাৰতৰ ওপৰত নিৰ্ভৰশীল হৈছিল এই দেশখন। কিন্তু এতিয়া আফগানিস্তানৰ অৰ্থনীতিত চীনৰ প্ৰভাৱ আৰম্ভ হল। 

 চুক্তি স্বাক্ষৰৰ সময়ত আফগানিস্তানৰ উপ-প্ৰধানমন্ত্ৰী (অৰ্থনীতি) মোল্লা আব্দুলৰ সৈতে চীনৰ ৰাষ্ট্ৰদূত ৱাং য়ি উপস্থিত থাকে।  তালিবান চৰকাৰে প্ৰকাশ কৰা অনুসৰি চীনৰ কোম্পানীটোৱে প্ৰথম তিনি বছৰত ৫৪ কোটি ডলাৰ বিনিয়োগ কৰিব।  আৰু কমেও ১০০০ৰ পৰা ২০ হাজাৰ টন তেল উলিওৱাৰ পৰিকল্পনা কৰা হৈছে।যোৱা আগষ্ট মাহৰ পৰা আফগানিস্তান তালিবানৰ দখলত আছে।  আৰু আফগানিস্তানত বাহৰ পাতিবলৈ সুযোগৰ সন্ধানত আছিল চীন। 

অৱশ্যে একে সময়তে তালিবান চৰকাৰে নতুন নীতিও ঘোষণা কৰিছে। সেই মৰ্মে  এতিয়া দমন নহয়, সাধাৰণ আফগান বিশেষকৈ মহিলাৰ স্বাধীনতা ৰক্ষাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হ’ব।  কিন্তু অতি সোনকালেই স্পষ্ট হৈ পৰিল যে ই কেৱল এক ঘোষণা হে আছিল।  

কিয়নো  ক্ষমতা দখল কৰাৰ পিছৰে পৰা তালিবান সকল ক্ৰমান্বয়ে নিজৰ প্ৰকৃত ৰূপলৈ ঘূৰি আহিছে।  জেহাদী নেতৃত্বই বিভিন্ন অপৰাধৰ বাবে আফগান নাগৰিকৰ অংগচ্ছেদ আৰু মূৰ কাটি পেলোৱাৰ দৰে শাস্তিৰ পোষকতা কৰিছে।  বিদেশী নাগৰিকৰ পৰা বস্তু চুৰি কৰাৰ অভিযোগত ভৰপূৰ ষ্টেডিয়ামত বেতেৰে কোবাই শাস্তি দিয়া হৈছে।  তাৰ সমান্তৰালকৈ দেশৰ অর্থনীতিৰো পতন ঘটিছে৷  
কিন্তু সেই সময়ত তালিবান চৰকাৰক অতি কৌশলেৰে অৰ্থনৈতিক সকাহ দিবলৈ চীন দেশ আগবাঢ়ি অহাতো আন্তর্জাতিক পৰ্যায়ত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিছে। কিয়নো চীনে উত্তৰ কোৰিয়াৰ পৰাও পাৰমাণৱিক অস্ত্র ক্ৰয় কৰি স্বেচ্ছাস্বাৰী শাসকক অৰ্থনৈতিক সকাহ দি আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য