--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২১ চনৰ আগষ্ট মাহত আফগানিস্তান  দখল কৰিছিল তালিবানে। আৰু তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক বৈধ ‘স্বীকৃতি’ লাভৰ বাবে অহৰহ চেষ্টা কৰি আহিছে তালিবানে।  কিন্তু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এতিয়াও যেন প্ৰাসংগিক হৈ উঠা নাই আফগানিস্তান।  অৱশ্যে এইবাৰ এইবাৰ আফগান চৰকাৰৰ পক্ষত "বন্ধুৰ ৰূপে" আহিছে  চীন । যিটো ভাৰতৰ বাবে মুঠেই শুভ নহয়। 

শেহতীয়াকৈ আফগানিস্তানৰ শাসকীয় তালিবানে চীনৰ এটা কোম্পানীৰ সৈতে দ্বিপাক্ষিক চুক্তি কৰিছে৷ আৰু এই চুক্তি অনুসৰি চীনৰ কোম্পানীটোৱে আফগানিস্তানৰ আমু দৰিয়া অৱবাহিকাত তেল  আহৰন কৰিব।  ইয়াৰ ফলস্বৰূপে কাবুলৰ অৰ্থনীতিয়ে এক নতুন মাত্রা পাব বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে, গৃহ যুদ্ধৰ ফলত আফগানিস্তানৰ অৰ্থনীতি সম্পূর্ণ ভাৱে বিধ্বস্ত হৈছিল। আৰু পৰবৰ্তী সময়ত বহু ক্ষেত্রত   ভাৰতৰ ওপৰত নিৰ্ভৰশীল হৈছিল এই দেশখন। কিন্তু এতিয়া আফগানিস্তানৰ অৰ্থনীতিত চীনৰ প্ৰভাৱ আৰম্ভ হল। 

 চুক্তি স্বাক্ষৰৰ সময়ত আফগানিস্তানৰ উপ-প্ৰধানমন্ত্ৰী (অৰ্থনীতি) মোল্লা আব্দুলৰ সৈতে চীনৰ ৰাষ্ট্ৰদূত ৱাং য়ি উপস্থিত থাকে।  তালিবান চৰকাৰে প্ৰকাশ কৰা অনুসৰি চীনৰ কোম্পানীটোৱে প্ৰথম তিনি বছৰত ৫৪ কোটি ডলাৰ বিনিয়োগ কৰিব।  আৰু কমেও ১০০০ৰ পৰা ২০ হাজাৰ টন তেল উলিওৱাৰ পৰিকল্পনা কৰা হৈছে।যোৱা আগষ্ট মাহৰ পৰা আফগানিস্তান তালিবানৰ দখলত আছে।  আৰু আফগানিস্তানত বাহৰ পাতিবলৈ সুযোগৰ সন্ধানত আছিল চীন। 

অৱশ্যে একে সময়তে তালিবান চৰকাৰে নতুন নীতিও ঘোষণা কৰিছে। সেই মৰ্মে  এতিয়া দমন নহয়, সাধাৰণ আফগান বিশেষকৈ মহিলাৰ স্বাধীনতা ৰক্ষাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হ’ব।  কিন্তু অতি সোনকালেই স্পষ্ট হৈ পৰিল যে ই কেৱল এক ঘোষণা হে আছিল।  

কিয়নো  ক্ষমতা দখল কৰাৰ পিছৰে পৰা তালিবান সকল ক্ৰমান্বয়ে নিজৰ প্ৰকৃত ৰূপলৈ ঘূৰি আহিছে।  জেহাদী নেতৃত্বই বিভিন্ন অপৰাধৰ বাবে আফগান নাগৰিকৰ অংগচ্ছেদ আৰু মূৰ কাটি পেলোৱাৰ দৰে শাস্তিৰ পোষকতা কৰিছে।  বিদেশী নাগৰিকৰ পৰা বস্তু চুৰি কৰাৰ অভিযোগত ভৰপূৰ ষ্টেডিয়ামত বেতেৰে কোবাই শাস্তি দিয়া হৈছে।  তাৰ সমান্তৰালকৈ দেশৰ অর্থনীতিৰো পতন ঘটিছে৷  
কিন্তু সেই সময়ত তালিবান চৰকাৰক অতি কৌশলেৰে অৰ্থনৈতিক সকাহ দিবলৈ চীন দেশ আগবাঢ়ি অহাতো আন্তর্জাতিক পৰ্যায়ত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিছে। কিয়নো চীনে উত্তৰ কোৰিয়াৰ পৰাও পাৰমাণৱিক অস্ত্র ক্ৰয় কৰি স্বেচ্ছাস্বাৰী শাসকক অৰ্থনৈতিক সকাহ দি আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে