--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২০ চনত গালৱান সংঘৰ্ষৰ পাছত ২০২৪ চনৰ অক্টোবৰ মাহত দুয়োখন দেশে সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰৰ কাম আৰম্ভ কৰিছিল।

ডিজিটেল ডেস্ক: এছিয়াৰ কেইবাখনো দেশত ভূ-ৰাজনৈতিক অস্থিৰতা চলি থকাৰ সময়তে ২০২৫ বৰ্ষটোত দুই প্ৰতিৱেশী ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পর্ক ক্রমাৎ উন্নত হৈছে। পূব লাডাখত থকা ভাৰত-চীনৰ সীমা বিবাদক লৈ ৪ বছৰ ধৰি অচলাৱস্থা চলাৰ পাছত ২০২৫ বর্ষত ভাৰত-চীনে কেইবাটাও ইতিবাচক দ্বিপাক্ষিক সম্পৰ্কৰ পুনৰ আৰম্ভ কৰে।


২০২০ চনত গালৱান সংঘৰ্ষৰ পাছত ২০২৪ চনৰ অক্টোবৰ মাহত দুয়োখন দেশে সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰৰ কাম আৰম্ভ কৰিছিল। সীমান্তত শান্তিৰ পৰিৱেশ অহাৰ পাছৰে পৰা ভাৰতে চীনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা লয় আৰু দুয়োপক্ষই দ্বিপাক্ষিক আলোচনা বৃদ্ধি কৰে। প্রথমে এই প্রচেষ্টা কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বিদেশ মন্ত্রী বাং য়িয়ে। এই দুজন নেতাৰ আলোচনাৰ পাছতেই ২০২৫ বর্ষত ক্রমান্বয়ে ভাৰত-চীনৰ সম্পৰ্ক উন্নত হ'বলৈ ধৰে।


আনহাতে, যোৱা জুলাই মাহত ভাৰতৰ বিদেশ মন্ত্ৰী জয়শংকৰে চীন ভ্রমণ কৰে। ইয়াৰ পাছতেই সীমান্ত সম্পর্কীয় দুয়োখন দেশৰ বিবাদ বহুখিনি শাম কাটে। সবাতোকৈ গুৰুত্বপূর্ণ দিশটো হ'ল, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক যুদ্ধৰ মাজতে চীনৰ টিয়ানজিন প্রদেশত আগষ্টত অনুষ্ঠিত হোৱা 'এছ চি অ' শীর্ষ সন্মিলনত প্রধানমন্ত্রী মোদী আৰু চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনা। দুই ৰাষ্ট্ৰনেতাৰ বৈঠকৰ পাছতেই এছিয়াৰ দুই শক্তিধৰ দেশৰ মাজত কূটনৈতিক সম্পর্ক যথেষ্ট উন্নত হয়। দুয়োজন নেতাই প্রকাশ কৰে যে দুয়োখন দেশেই হৈছে বিকাশমূলক কামৰ বাবে অংশীদাৰী, প্রতিদ্বন্দ্বী নহয়। দুয়োখন দেশেই উভয়ৰ ভিছা পদ্ধতি সহজ কৰে। ভাৰতীয় তীৰ্থযাত্ৰীৰ তিৰ্বতৰ কৈলাস মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হয়। দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱাও আৰম্ভ হয়। কিন্তু ইয়াৰ মাজতো এটা বাধা আহি পৰিছিল।


যোৱা মে' মাহত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানক চীনে অস্ত্র-শস্ত্ৰ আৰু ধনে-জনে সহায় কৰিছিল বুলি অভিযোগ উঠিছিল যদিও ভাৰতে ইয়াৰ বিৰোধিতা কৰিছিল, কিন্তু বেইজিঙে এই বিষয়টো বাৰে বাৰে অস্বীকাৰ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ