--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইতিমধ্যে জামাতে ইয়াৰ বিভিন্ন নির্বাচনী সভাত শ্ল'গান দিছে- হিন্দুক আক্রমণ, হত্যা কৰক আৰু নির্বাচনত জিকক। এটা ভিডিঅ'ত এজন সাংসদ পদৰ প্রার্থীয়ে হিন্দুক আক্রমণৰ উচটনি দিয়া তথ্যও প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক: বাংলাদেশৰ সমাগত সাধাৰণ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশখনত হিন্দু-বিৰোধী অভিযান তীব্র হৈছে। দেশখনত ইতিমধ্যে হিন্দুক আক্রমণ আৰু নৃশংসভারে হত্যা কৰাৰ ঘটনা বৃদ্ধি পাইছে।


শেহতীয়াকৈ ভাৰতীয় চোৰাংচোৱাই প্রকাশ কৰা মতে, বাংলাদেশত নির্বাচনত জয়ী হোৱাৰ বাবে ইছলামিক মৌলবাদী সংগঠনবোৰ আৰু জামাত-এ-ইছলামে হিন্দু সংখ্যালঘু অঞ্চলত আক্ৰমণৰ ঘটনা সংঘটিত কৰি হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিছে। 


হিন্দুক আক্রমণ কৰক, হত্যা কৰক আদি নির্বাচনী শ্ল'গান দি সংখ্যালঘু হিন্দুসকলৰ বিৰুদ্ধে বাংলাদেশৰ নাগৰিকক উচটনি দিছে যাতে এই নির্বাচনী শ্ল'গান লৈয়ে ইছলামিক মৌলবাদীয়ে বাংলাদেশৰ শাসনভাৰ ল'ব পাৰে। কেইদিনমান পূর্বে ক্ষমতাচ্যুত প্রধানমন্ত্রী শেখ হাছিনাই দেশখনৰ অন্তৰ্কতী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বিৰুদ্ধে সৰব হোৱাৰ পাছত এইবাৰ এজন ৫৩ বছৰীয়া নির্বাচনত অবতীর্ণ হোৱা প্রার্থীয়ে স্বীকাৰ কৰিছে যে বিশেষকৈ জামাত-এ-ইছলামৰ প্রার্থীসকলে নিৰ্বাচনত জয়ী হোৱাৰ বাবে সাম্প্রদায়িক হিংসাৰ আশ্ৰয় লৈ নতুন নির্বাচনী কৌশল গ্রহণ কৰিছে। 


ইতিমধ্যে জামাতে ইয়াৰ বিভিন্ন নির্বাচনী সভাত শ্ল'গান দিছে- হিন্দুক আক্রমণ, হত্যা কৰক আৰু নির্বাচনত জিকক। এটা ভিডিঅ'ত এজন সাংসদ পদৰ প্রার্থীয়ে হিন্দুক আক্রমণৰ উচটনি দিয়া তথ্যও প্রকাশ কৰিছে। প্রার্থীজনে কৈছে যে হিন্দুক আক্রমণ কৰাসকলক ইছলামৰ জেহাদী বুলি আখ্যা দিয়া হৈছে। দেশখনত ধর্মীয় সংখ্যালঘুৰ বিৰুদ্ধে প্রণালীবদ্ধ আক্রমণ চলোৱা হৈছে বুলি নেতাজনে স্বীকাৰ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ