--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা বছৰ কা-ৰ নিয়মৰ অধিসূচনা জাৰি কৰাৰ পাছত মহিলাগৰাকীয়ে আৱেদন কৰে। যোৱা বছৰ জুলাইত মহিলাগৰাকীয়ে প্ৰথমবাৰ আৱেদন কৰিছিল যদিও লোক সভা নিৰ্বাচনৰ আগত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিভ্রান্তিৰ বাবে তেওঁৰ আৱেদন নাকচ হয়।

ডিজিটেল ডেস্ক: ২০০৭ চনত বাংলাদেশৰ পৰা ভাৰতত প্রৱেশ কৰা তথা অসমৰ শ্রীভূমি জিলাত বাস কৰা ৪০ বছৰীয়া এগৰাকী মহিলাক প্ৰদান কৰা হৈছে ভাৰতীয় নাগৰিকত্ব।


তেওঁ হৈছে নাগৰিকত্ব (সংশোধনী) আইনৰ (কা) অধীনত অসমত নাগৰিকত্ব পোৱা প্রথম মহিলা। বিদেশী ন্যায়াধিকৰণ প্ৰাক্তন সদস্য শিলচৰৰ জ্যেষ্ঠ অধিবক্তা ধর্মেন্দ্র দেবে কয় যে বেনাৰ্জী উপাধিৰ এই মহিলাগৰাকীয়ে পৰিয়ালৰ এজন সদস্যৰ চিকিৎসাৰ বাবে তেওঁৰ সৈতে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ আহিছিল।


তাতে তেওঁ শ্রীভূমিৰ (পূৰ্বৰ কৰিমগঞ্জ জিলা) এজন লোকৰ সৈতে চিনাকি হয়, তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু ইয়াতে থাকি যায়। এই দম্পতীৰ পাছত এটি পুত্র সন্তানো হয়। মহিলাগৰাকীৰ পৰিয়াল এতিয়াও বাংলাদেশৰ চিটাগঙতে থাকে। কিন্তু মহিলাগৰাকীয়ে বহু দিনৰ পৰাই ভাৰতীয় নাগৰিক হ'বলৈ ইচ্ছা কৰি আছিল।


যোৱা বছৰ কা-ৰ নিয়মৰ অধিসূচনা জাৰি কৰাৰ পাছত মহিলাগৰাকীয়ে আৱেদন কৰে। যোৱা বছৰ জুলাইত মহিলাগৰাকীয়ে প্ৰথমবাৰ আৱেদন কৰিছিল যদিও লোক সভা নিৰ্বাচনৰ আগত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিভ্রান্তিৰ বাবে তেওঁৰ আৱেদন নাকচ হয়। বর্তমান তেওঁ বাস কৰা বদৰপুৰ অঞ্চলৰ একাংশ শ্রীভূমিৰ পৰা কাছাৰলৈ গৈছিল, সেয়ে তেওঁৰ জিলাক লৈ বিভ্রান্তি হৈছিল। অধিবক্তাগৰাকীয়ে তেওঁৰ হৈ পুনৰ আৱেদন জনায় আৰু অনুমোদন লাভ কৰে। অধিবক্তা দেবে কয় যে তেওঁ হৈছে অসমত কা-ৰ অধীনত নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী মহিলা।


উল্লেখযোগ্য যে কা-ৰ অধীনত অসমত নাগৰিকত্ব লাভ কৰা প্ৰথমজন ব্যক্তি হৈছে দোলন দাস (৫১)। ১৯৮৮ চনত বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰি তেওঁ কাছাৰৰ শিলচৰত বাস কৰি আছে। বেনাৰ্জী উপাধিৰ উক্ত বাংলাদেশী মহিলাগৰাকীৰ সৈতে কাছাৰ জিলাৰ ৬১ বছৰীয়া আন এজন লোকেও নাগৰিকত্ব লাভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন