--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নেল মেছি বাংলাদেশলৈ আহিব। বাংলাদেশ ফুটবল ফেডাৰেচন (বিএফএফ)ৰ সভাপতি কাজী ছালাউদ্দিনে কৈছে যে বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনা দলটো জুন মাহত ঢাকালৈ খেলিবলৈ আহিব পাৰে। বাংলাদেশী সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ছালাউদ্দিনে কয় যে বাংলাদেশত আৰ্জেণ্টিনাৰ আগমন এক প্ৰকাৰৰ নিশ্চিত। কিছুমান বিষয় আলোচনা কৰি থকা হৈছে। তাৰপাছতে সকলো চূড়ান্ত হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মেছিয়ে কলকাতাত খেলি গৈছিল। মেছিয়ে সেইবাৰ ভেনিজুৱেলাৰ বিৰুদ্ধে খেলিছিল। এইবাৰ বাংলাদেশত আৰ্জেণ্টিনাই কোনখন দেশৰ বিৰুদ্ধে খেলিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। ছালাউদ্দিনে কয়, "আৰ্জেণ্টিনা বাংলাদেশলৈ অহাটো প্ৰায় নিশ্চিত। খেলখন বংগবন্ধু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ষ্টেডিয়াম কৰ্তৃপক্ষক ইতিমধ্যে অৱগত কৰা হৈছে। অৱশ্যে আৰ্জেণ্টিনাই কোন খন দেশৰ বিৰুদ্ধে খেলিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। আৰ্জেণ্টিনাই আমাক কিছুমান দেশৰ নাম দিব। তাৰ পিছত কোনখন দেশে খেলিব সেয়া সিদ্ধান্ত লোৱা হ'ব। "

মেছি ২০১১ চনত কলকাতালৈ আহিছিল। তেওঁলোকে সেইবাৰ ভেনিজুৱেলাৰ বিৰুদ্ধে ১-০ গ'লত জয়ী হৈছিল। যদিও মেছিয়ে সেই খেলখনত গ'ল কৰিব নোৱাৰিলে, নিকোলাছ ওটামেণ্ডিয়ে  এটা গ'ল কৰিছিল। সেই খেলখনত খেলপথাৰত ৮৫,০০০ দৰ্শক উপস্থিত আছিল। কলকাতাৰ দৰ্শকসকলে প্ৰাণভৰি মেছিৰ খেল উপভোগ কৰিছিল। এইবাৰ ঢাকাৰ ফুটবল অনুৰাগীসকলৰ বাবে এইটো এটা সুযোগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু