--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নেল মেছি বাংলাদেশলৈ আহিব। বাংলাদেশ ফুটবল ফেডাৰেচন (বিএফএফ)ৰ সভাপতি কাজী ছালাউদ্দিনে কৈছে যে বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনা দলটো জুন মাহত ঢাকালৈ খেলিবলৈ আহিব পাৰে। বাংলাদেশী সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ছালাউদ্দিনে কয় যে বাংলাদেশত আৰ্জেণ্টিনাৰ আগমন এক প্ৰকাৰৰ নিশ্চিত। কিছুমান বিষয় আলোচনা কৰি থকা হৈছে। তাৰপাছতে সকলো চূড়ান্ত হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মেছিয়ে কলকাতাত খেলি গৈছিল। মেছিয়ে সেইবাৰ ভেনিজুৱেলাৰ বিৰুদ্ধে খেলিছিল। এইবাৰ বাংলাদেশত আৰ্জেণ্টিনাই কোনখন দেশৰ বিৰুদ্ধে খেলিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। ছালাউদ্দিনে কয়, "আৰ্জেণ্টিনা বাংলাদেশলৈ অহাটো প্ৰায় নিশ্চিত। খেলখন বংগবন্ধু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ষ্টেডিয়াম কৰ্তৃপক্ষক ইতিমধ্যে অৱগত কৰা হৈছে। অৱশ্যে আৰ্জেণ্টিনাই কোন খন দেশৰ বিৰুদ্ধে খেলিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। আৰ্জেণ্টিনাই আমাক কিছুমান দেশৰ নাম দিব। তাৰ পিছত কোনখন দেশে খেলিব সেয়া সিদ্ধান্ত লোৱা হ'ব। "

মেছি ২০১১ চনত কলকাতালৈ আহিছিল। তেওঁলোকে সেইবাৰ ভেনিজুৱেলাৰ বিৰুদ্ধে ১-০ গ'লত জয়ী হৈছিল। যদিও মেছিয়ে সেই খেলখনত গ'ল কৰিব নোৱাৰিলে, নিকোলাছ ওটামেণ্ডিয়ে  এটা গ'ল কৰিছিল। সেই খেলখনত খেলপথাৰত ৮৫,০০০ দৰ্শক উপস্থিত আছিল। কলকাতাৰ দৰ্শকসকলে প্ৰাণভৰি মেছিৰ খেল উপভোগ কৰিছিল। এইবাৰ ঢাকাৰ ফুটবল অনুৰাগীসকলৰ বাবে এইটো এটা সুযোগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক