--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাণ্ডেডত ১৩ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অনুষ্ঠিত দশম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ আৰু জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতা:২০২২-২৩ ত অসমৰ ৫৯ গৰাকী খেলুৱৈয়ে পদক জিনি ৰাজ্যখনলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বাচনি লাভ কৰা মুঠ ৮২ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাৰ বিভিন্ন বিভাগৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৫৯ টা পদক জিনি ৰাজ্যবাসীক উৎফুল্লিত কৰাৰ লগতে দেশত ৰাজ্যখনক জিলিকাই তুলিছে। 

উল্লেখ্য যে দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মুঠ ১৪৬৫ প্ৰতিযোগীয়ে ভাগ লোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত ধেমাজী জিলাৰ চিলাপথাৰ অঞ্চলৰ ক্ৰমে ঔঞ্চ চেত্ৰী, নাৰায়ণ বিশ্বকৰ্মা, জয়ন্ত দাস, ঔম প্ৰকাশ শৰ্মা, মোহন কলিতা, কৰণ শইকীয়া আৰু মীলিনা ৰাণাই সোনৰ পদক, মঃ চাজিদ আৰু অৰ্পিতা নেওগে ৰূপৰ পদক, কেশৱ চেত্ৰী, ৰহণ পুড়ী, মাৰটা ৰামচিয়াৰী আশিস গগৈ, হেপ্পি দেৱনাথ, নিখিল ৰাজবংশী আৰু গ'টেৰ কাৰ্ল'ই ব্ৰ'ঞ্জৰ প্ৰদক, গোগামুখৰ ক্ৰমে দ্বীপ পাতিৰ, জুপিতৰা টায়ুঙ, ৰীজু পায়েঙ, ৰোৱাদ পেগু, লক্ষীনাথ চুংক্ৰাং আৰু কৃষ্ণাণনন দলে সোনৰ পদক, অতুল দলে, কিশোৰ টাইদ আৰু মনো পাংগিঙে ব্ৰঞ্জৰ পদক, মাজুলী জিলাৰ মাণিক পেগু ৰূপ আৰু সন্তুষ পেগুৰ ব্ৰঞ্জৰ পদক, চিৰাং জিলাৰ আতিকুৰ আলিয়ে ৰূপ আৰু উৰ্ব্বশী বড়োৱে ব্ৰঞ্জৰ পদক, গোৱালপৰা জিলাৰ আগানবিলৰা চাংমাই সোন আৰু সাগৰীকা ৰাভাই ব্ৰঞ্জৰ পদক, ওদালগুৰি জিলাৰ জেনিথ্ ৰাভাই ব্ৰঞ্জৰ পদক, বিশ্বনাথ জিলাৰ কৰণ চিন্নাৰে ব্ৰঞ্জৰ পদক, গোলাঘাট জিলাৰ ক্ৰমে শিৰোমনী গগৈ ট্যুংগুলত সোণ,টেণ্ডীঙত ৰূপ, কৃষ্ণা গগৈ টুগুলত সোণ, টেণ্ডীঙত ব্ৰঞ্জ, ৰমানন্দ খাখলাৰী ট্যুংগুলত সোণ, টেণ্ডীঙ ৰূপ, অংকিতা লিম্বুই টেণ্ডীঙত ৰূপ, টুঙগলত ব্ৰঞ্জ, পাহি বড়ো টেণ্ডঙত ৰূপ, হৃতম কৌশীকে টেণ্ডঙত ব্ৰঞ্জ, সমিৰ বড়ো টেণ্ডীঙত সোণ, প্ৰি-টিন শাখাত পৰিস্মীতা নাথে ৰেগুত সোণ, ট্যুংগুলত ব্ৰঞ্জ, প্ৰি-জুনিয়ৰ শাখাত ৰশ্মীতা নাথে টেণ্ডীঙত আৰু ৰেগুত সোণ, জাচিঙফা গগৈ ৰেগুত সোণ, ট্যুংগলত ৰূপ, টেণ্ডিঙত ৰূপ, প্ৰি-জুনীযৰ লৰাৰ ৰেগু শাখাত কিৰণ দাস, জুন শইকীয়া, মানৱজ্যোতি গগৈয়ে ৰূপ, জুনিয়ৰ শাখাত মনিকা বড়োৱে টেণ্ডিঙত সোণ, জুবিন গোহাইয়ে টুঙগলত ৰূপ আৰু অনন্যা শইকীয়াই টুগলত ব্ৰঞ্জ, লগতে ছোৱালীৰ দলীয় ৰেগু শাখাত ৰিম্মী গগৈ, অনন্যা শইকীয়া আৰু আশামনী মুচাহাৰীয়ে ব্ৰঞ্জৰ পদক জিনি জিলা কেইখনৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

উল্লেখ্য যে গত ১০ জানুৱাৰী তাৰিখে অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ প্ৰতিষ্ঠাপক সম্পাদক লক্ষ্যজিত দলেৰ নেতৃত্বত ৰাওনা হোৱা অসম দলটিত মাষ্টাৰ গগন চন্দ্ৰ বড়ো, সত্য বড়ো, ঔম চেত্ৰী, স্বপন বড়ো, বিশ্বনাথ ব্ৰহ্ম, নিপুণ দলে, মনোজ দলে আৰু মৌচুমী শইকীয়া গোহাঁইএ 'অফিচিয়েল'ৰ দায়িত্ব পালন কৰে আৰু অহা ২০ জানুৱাৰী,২০২৩ তাৰিখে অসম দলটি গুৱাহাটীত আহি পাবহি বুলি ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘৰ উপ-সভাপতি পৰমানন্দ চায়েঙীয়াই জানিব দিয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক