--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বকালৰ শ্ৰেষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ হ’বলৈ গৈ আছে নেকি বিৰাট কোহলী? ভাৰতৰ মাটিত আটাইতকৈ বেছি শতৰাণৰ গৰাকী হোৱাৰ পাছতে বিৰাটক লৈ এই চৰ্চা চলিছে। এইক্ষেত্ৰত তেওঁ শচীন টেণ্ডুলকাৰক অতিক্ৰম কৰিছিল। অতি সোনকালেই বিৰাটে এদিনীয়া ক্ৰিকেটত শচীনৰ ৪৯ টা শতকৰ অভিলেখো ভাঙিব পাৰে।

 ঘৰুৱা মাটিত হোৱা আন্তৰজাতিক এদিনীয়া ক্ৰিকেটত ২১ টা শতক অৰ্জন কৰিলে বিৰাটে। এতিয়ালৈকে মুঠ ৪৬ টা আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শতক অৰ্জন কৰিছে তেওঁ। শচীনৰ  নামত আছে ৪৯ টা শতক।

এদিনীয়া ক্ৰিকেটত বিৰাটে শচীনক তক্কৰ দিলেও  টেষ্টত তেওঁলোকৰ মাজত যথেষ্ট পাৰ্থক্য আছে। শচীনৰ নামত টেষ্টত ৫১ টা শতক আছে। বিৰাটে এতিয়ালৈকে ২৭টা শতক অৰ্জন কৰিছে। শচীনৰ ১০০ শতকৰ অভিলেখ স্পৰ্শ কৰিবলৈ বিৰাটক এতিয়াও ২৬ টা শতকৰ প্ৰয়োজন। অৱশ্যে, বিৰাটে শচীনতকৈ যথেষ্ট কম ইনিংছ খেলিছে।

এদিনীয়া ক্ৰিকেটত শচীনে ৪৩১ টা ইনিংছত ৪৬ টা শতক অৰ্জন কৰিথিল। বিৰাটে ২৫৯ টা ইনিংছত সেই মাইলৰ খুঁটিত উপনীত হৈছে। শচীনে প্ৰথম ১০ টা শতক অৰ্জন কৰিবলৈ ১৩১ টা ইনিংছ লৈছিল। কিন্তু বিৰাটৰ প্ৰথম ১০ টা শতক ৮০ টা ইনিংছৰ দ্বাৰা আহিছিল। অৰ্থাৎ আৰম্ভণিৰে পৰা শতক অৰ্জনৰ গতিত বিৰাট শচীনতকৈ বহু ততোধিক আগবাঢ়ি আছে।

ভাৰতৰ হৈ  কোহলীয়ে খেলা ২৫৯ খন এদিনীয়া ক্ৰিকেটৰ ইনিংছত ১৫৭ খনত জয় লাভ কৰিছে। শচীনৰ ৪৫২ টা ইনিংছৰ ভিতৰত ভাৰতে ২৩১ খন মেচ জিকিছে। এই বিজয়ী মেচবোৰত বিৰাটে ৩৮ টা শতকীয় ইনিংছ খেলিছে। আনহাতে শচীনৰ নামত আছে ৩৩ টা শতক। অৰ্থাৎ, বিৰাটে ইতিমধ্যে এই পৰিসংখ্যাবোৰত শচীনক অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু