--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বকালৰ শ্ৰেষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ হ’বলৈ গৈ আছে নেকি বিৰাট কোহলী? ভাৰতৰ মাটিত আটাইতকৈ বেছি শতৰাণৰ গৰাকী হোৱাৰ পাছতে বিৰাটক লৈ এই চৰ্চা চলিছে। এইক্ষেত্ৰত তেওঁ শচীন টেণ্ডুলকাৰক অতিক্ৰম কৰিছিল। অতি সোনকালেই বিৰাটে এদিনীয়া ক্ৰিকেটত শচীনৰ ৪৯ টা শতকৰ অভিলেখো ভাঙিব পাৰে।

 ঘৰুৱা মাটিত হোৱা আন্তৰজাতিক এদিনীয়া ক্ৰিকেটত ২১ টা শতক অৰ্জন কৰিলে বিৰাটে। এতিয়ালৈকে মুঠ ৪৬ টা আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শতক অৰ্জন কৰিছে তেওঁ। শচীনৰ  নামত আছে ৪৯ টা শতক।

এদিনীয়া ক্ৰিকেটত বিৰাটে শচীনক তক্কৰ দিলেও  টেষ্টত তেওঁলোকৰ মাজত যথেষ্ট পাৰ্থক্য আছে। শচীনৰ নামত টেষ্টত ৫১ টা শতক আছে। বিৰাটে এতিয়ালৈকে ২৭টা শতক অৰ্জন কৰিছে। শচীনৰ ১০০ শতকৰ অভিলেখ স্পৰ্শ কৰিবলৈ বিৰাটক এতিয়াও ২৬ টা শতকৰ প্ৰয়োজন। অৱশ্যে, বিৰাটে শচীনতকৈ যথেষ্ট কম ইনিংছ খেলিছে।

এদিনীয়া ক্ৰিকেটত শচীনে ৪৩১ টা ইনিংছত ৪৬ টা শতক অৰ্জন কৰিথিল। বিৰাটে ২৫৯ টা ইনিংছত সেই মাইলৰ খুঁটিত উপনীত হৈছে। শচীনে প্ৰথম ১০ টা শতক অৰ্জন কৰিবলৈ ১৩১ টা ইনিংছ লৈছিল। কিন্তু বিৰাটৰ প্ৰথম ১০ টা শতক ৮০ টা ইনিংছৰ দ্বাৰা আহিছিল। অৰ্থাৎ আৰম্ভণিৰে পৰা শতক অৰ্জনৰ গতিত বিৰাট শচীনতকৈ বহু ততোধিক আগবাঢ়ি আছে।

ভাৰতৰ হৈ  কোহলীয়ে খেলা ২৫৯ খন এদিনীয়া ক্ৰিকেটৰ ইনিংছত ১৫৭ খনত জয় লাভ কৰিছে। শচীনৰ ৪৫২ টা ইনিংছৰ ভিতৰত ভাৰতে ২৩১ খন মেচ জিকিছে। এই বিজয়ী মেচবোৰত বিৰাটে ৩৮ টা শতকীয় ইনিংছ খেলিছে। আনহাতে শচীনৰ নামত আছে ৩৩ টা শতক। অৰ্থাৎ, বিৰাটে ইতিমধ্যে এই পৰিসংখ্যাবোৰত শচীনক অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক