--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত আৰম্ভ হৈছে আজৱ চোৰৰ উপদ্ৰৱ। সঘনাই বিদ্যুতৰ মিটাৰ চুৰি হৈছে দেশখনত। শেহতীয়াকৈ দেশখনৰ বগুড়া জিলাত সংঘটিত হোৱা এটা চুৰিকাণ্ডই চকু কঁপালত তুলিছে সকলোৰে।

জিলাখনৰ বহু লোকে ৰাতিপুৱা সাৰ পাই ঘৰ বা কাৰখানাৰ মিটাৰ চুৰি হৈছে। কিন্তু চুৰি কৰাৰ পাছত চোৰে মিটাৰৰ স্থানখিনিত  তাত ফোন নম্বৰ লিখি থোৱা হৈছে। তাৰ কাষতে লিখা হৈছে- ''ইয়াত ফোন কৰিলে মিটাৰ ঘূৰাই পাব।’’

তাৰপাছত নম্বৰটোত ফোন কৰা হয়। সিফালৰ পৰা মিটাৰটো ঘূৰাই দিয়াৰ বিনিময়ত অনলাইন মাধ্যমেৰে টকা দাবী কৰা হয়। বাংলাদেশৰ সংবাদপত্ৰ "প্ৰথাম আলো"ৰ প্ৰতিবেদনত এনেদৰে লিখা হৈছে।

সমস্যাটো হ’ল, বিদ্যুৎ কাৰ্যালয়ে দিয়া মিটাৰবোৰ বজাৰত বিক্ৰী কৰাৰ কোনো উপায় নাই। সেইটোৱেই হৈছে চোৰৰ কৌশল। মিটাৰটো চুৰি কৰি যি পৰিমাণৰ ধন দাবী কৰা হৈছে, তাতকৈ বিদ্যুত কাৰ্যালয়ৰ পৰা নতুন মিটাৰ ক্ৰয় কৰিলে অধিক ধন খৰচ হ’ব। গতিকে আৰক্ষীক অভিযোগ নিদিয়াকৈয়ে কিছু টকা খৰচ কৰি চোৰৰ পৰা মিটাৰটো ঘূৰাই লৈছে ভুক্তভোগীসকলে। জানিব পৰা মতে, মিটাৰটো ঘূৰাই পাবলৈ গড়ে তিনিৰ পৰা সাত হাজাৰ টকা দিব লগা হৈছে।

মঙলবাৰে নিশা ধূনাট সদৰ ইউনিয়নৰ চলিপাৰা গাঁৱৰ মাটিকোৰা গাঁৱৰ গোলাম মোস্তাফা, আব্দুল লতিফ আৰু আব্দুল হামিদৰ কাৰখানাৰ পৰা বিদ্যুৎ মিটাৰ চুৰি কৰি নিয়া হয়। চুৰি হোৱা মিটাৰটোৰ স্থানত ওলোমাই থোৱা আছিল ‘এই নাম্বাৰটোত ফোন কৰিলে মিটাৰ পাব’ বুলি লিখা আছিল। চুৰি হোৱা মিটাৰৰ মালিকসকলে সেইদিনা সন্ধিয়া ছয়ৰ পৰা সাত হাজাৰ টকাকৈ পঠিয়াই মিটাৰবোৰ ঘূৰাই পালে।

এটা ধানবনা কলৰ স্বত্বাধিকাৰী গোলাম মোস্তাফাই প্ৰথম আলোক কয়, "বিদ্যুৎ কাৰ্যালয়ৰ পৰা থ্ৰী ফেজৰ এটা উদ্যোগিক মিটাৰ পাবলৈ ২৫ৰ পৰা ৩০ হাজাৰ টকা খৰচ হয়। কিছুদিন আগতে মোৰ চাউল মিলৰ পৰা উদ্যোগিক মিটাৰ এটা চুৰি হৈছিল। পুলিচৰ সহায় নোলোৱাকৈ চোৰে দিয়া নম্বৰত ৩ হাজাৰ টকা দি মিটাৰটো উদ্ধাৰ কৰিলোঁ।’’

বাংলাদেশৰ দৈনিক কাকত 'প্ৰথম আলো’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বিদ্যুৎ সমিতিৰ ডেপুটি জেনেৰেল মেনেজাৰ মাহবুব জিয়াই কয়- "গোটেই জিলাখনৰ বিভিন্ন উপজিলাত এনে ঘটনা সংঘটিত হৈ আছে। যোৱা এমাহত ১৫ৰ পৰা ২০টা চুৰি সংঘটিত হৈছে। প্ৰতিটো মিটাৰৰ দাম ১৩ হাজাৰৰ পৰা ৩০ হাজাৰ টকা। কিন্তু গ্ৰাহকে টকাৰে মিটাৰবোৰ ঘূৰাই আনিলেও সলনি কৰিব নোৱাৰিব। ইয়াক পৰীক্ষাৰ বাবে ঢাকালৈ প্ৰেৰণ কৰিব লাগিব। গ্ৰাহকৰ লোকচানৰ কথা বিবেচনা কৰি তেওঁলোকক বিনামূলীয়াকৈ নতুন মিটাৰ দিয়া হৈছে।”

কিন্তু এই ঘটনাত আৰক্ষী প্ৰশাসনে টোপনি হেৰুৱাইছে। আৰক্ষীয়ে কয় যে, বুধবাৰে পুৱা দুজন ব্যৱসায়ীয়ে মিটাৰ চুৰিৰ খবৰ দিয়ে। আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ পূৰ্বে ধনসহ মিটাৰটো ঘূৰাই দিলে। থানাৰ পৰাও প্ৰত্যাহাৰ কৰা হৈছে অভিযোগ। চুৰিৰ পিছত নোটত দিয়া মোবাইল নম্বৰৰ ভিত্তিত চোৰক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে