--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত আৰম্ভ হৈছে আজৱ চোৰৰ উপদ্ৰৱ। সঘনাই বিদ্যুতৰ মিটাৰ চুৰি হৈছে দেশখনত। শেহতীয়াকৈ দেশখনৰ বগুড়া জিলাত সংঘটিত হোৱা এটা চুৰিকাণ্ডই চকু কঁপালত তুলিছে সকলোৰে।

জিলাখনৰ বহু লোকে ৰাতিপুৱা সাৰ পাই ঘৰ বা কাৰখানাৰ মিটাৰ চুৰি হৈছে। কিন্তু চুৰি কৰাৰ পাছত চোৰে মিটাৰৰ স্থানখিনিত  তাত ফোন নম্বৰ লিখি থোৱা হৈছে। তাৰ কাষতে লিখা হৈছে- ''ইয়াত ফোন কৰিলে মিটাৰ ঘূৰাই পাব।’’

তাৰপাছত নম্বৰটোত ফোন কৰা হয়। সিফালৰ পৰা মিটাৰটো ঘূৰাই দিয়াৰ বিনিময়ত অনলাইন মাধ্যমেৰে টকা দাবী কৰা হয়। বাংলাদেশৰ সংবাদপত্ৰ "প্ৰথাম আলো"ৰ প্ৰতিবেদনত এনেদৰে লিখা হৈছে।

সমস্যাটো হ’ল, বিদ্যুৎ কাৰ্যালয়ে দিয়া মিটাৰবোৰ বজাৰত বিক্ৰী কৰাৰ কোনো উপায় নাই। সেইটোৱেই হৈছে চোৰৰ কৌশল। মিটাৰটো চুৰি কৰি যি পৰিমাণৰ ধন দাবী কৰা হৈছে, তাতকৈ বিদ্যুত কাৰ্যালয়ৰ পৰা নতুন মিটাৰ ক্ৰয় কৰিলে অধিক ধন খৰচ হ’ব। গতিকে আৰক্ষীক অভিযোগ নিদিয়াকৈয়ে কিছু টকা খৰচ কৰি চোৰৰ পৰা মিটাৰটো ঘূৰাই লৈছে ভুক্তভোগীসকলে। জানিব পৰা মতে, মিটাৰটো ঘূৰাই পাবলৈ গড়ে তিনিৰ পৰা সাত হাজাৰ টকা দিব লগা হৈছে।

মঙলবাৰে নিশা ধূনাট সদৰ ইউনিয়নৰ চলিপাৰা গাঁৱৰ মাটিকোৰা গাঁৱৰ গোলাম মোস্তাফা, আব্দুল লতিফ আৰু আব্দুল হামিদৰ কাৰখানাৰ পৰা বিদ্যুৎ মিটাৰ চুৰি কৰি নিয়া হয়। চুৰি হোৱা মিটাৰটোৰ স্থানত ওলোমাই থোৱা আছিল ‘এই নাম্বাৰটোত ফোন কৰিলে মিটাৰ পাব’ বুলি লিখা আছিল। চুৰি হোৱা মিটাৰৰ মালিকসকলে সেইদিনা সন্ধিয়া ছয়ৰ পৰা সাত হাজাৰ টকাকৈ পঠিয়াই মিটাৰবোৰ ঘূৰাই পালে।

এটা ধানবনা কলৰ স্বত্বাধিকাৰী গোলাম মোস্তাফাই প্ৰথম আলোক কয়, "বিদ্যুৎ কাৰ্যালয়ৰ পৰা থ্ৰী ফেজৰ এটা উদ্যোগিক মিটাৰ পাবলৈ ২৫ৰ পৰা ৩০ হাজাৰ টকা খৰচ হয়। কিছুদিন আগতে মোৰ চাউল মিলৰ পৰা উদ্যোগিক মিটাৰ এটা চুৰি হৈছিল। পুলিচৰ সহায় নোলোৱাকৈ চোৰে দিয়া নম্বৰত ৩ হাজাৰ টকা দি মিটাৰটো উদ্ধাৰ কৰিলোঁ।’’

বাংলাদেশৰ দৈনিক কাকত 'প্ৰথম আলো’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বিদ্যুৎ সমিতিৰ ডেপুটি জেনেৰেল মেনেজাৰ মাহবুব জিয়াই কয়- "গোটেই জিলাখনৰ বিভিন্ন উপজিলাত এনে ঘটনা সংঘটিত হৈ আছে। যোৱা এমাহত ১৫ৰ পৰা ২০টা চুৰি সংঘটিত হৈছে। প্ৰতিটো মিটাৰৰ দাম ১৩ হাজাৰৰ পৰা ৩০ হাজাৰ টকা। কিন্তু গ্ৰাহকে টকাৰে মিটাৰবোৰ ঘূৰাই আনিলেও সলনি কৰিব নোৱাৰিব। ইয়াক পৰীক্ষাৰ বাবে ঢাকালৈ প্ৰেৰণ কৰিব লাগিব। গ্ৰাহকৰ লোকচানৰ কথা বিবেচনা কৰি তেওঁলোকক বিনামূলীয়াকৈ নতুন মিটাৰ দিয়া হৈছে।”

কিন্তু এই ঘটনাত আৰক্ষী প্ৰশাসনে টোপনি হেৰুৱাইছে। আৰক্ষীয়ে কয় যে, বুধবাৰে পুৱা দুজন ব্যৱসায়ীয়ে মিটাৰ চুৰিৰ খবৰ দিয়ে। আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ পূৰ্বে ধনসহ মিটাৰটো ঘূৰাই দিলে। থানাৰ পৰাও প্ৰত্যাহাৰ কৰা হৈছে অভিযোগ। চুৰিৰ পিছত নোটত দিয়া মোবাইল নম্বৰৰ ভিত্তিত চোৰক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ