--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল-কায়েদাৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে সংগঠনটোৰ কমাণ্ডো ছাইফ আল-আদেলক।  বৰ্তমান ইৰাণত বসবাস কৰা আল-আদেলে ইজিপ্তত জন্মগ্ৰহণ কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে এই কথা সদৰী কৰিছে। যোৱা বছৰ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত নিহত হৈছিল আল-কায়দাৰ মুৰব্বী আয়মান আল-জাৱাহিৰী। তেওঁৰ স্থানত আল-আদেলক দায়িত্ব দিয়া হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই জানিব পাৰিছে।

আমেৰিকাৰ বিদেশ বিভাগৰ এজন মুখপাত্ৰই কয়, “আমাৰ পৰ্যৱেক্ষণসমূহ ৰাষ্ট্ৰসংঘৰ পৰ্যৱেক্ষণৰ সৈতে সামঞ্জস্যপূৰ্ণ। ধাৰণা কৰা হৈছে যে ছাইফ আল-আদেল আল-কায়েদাৰ নতুন মুৰব্বী হৈছে। তেওঁ ইৰাণত আছে।‘’

অৱশ্যে, আল-কায়েদাৰ পৰা ইয়াৰ নতুন মুৰব্বীৰ নিৰ্বাচন সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ টেৰৰিজম (আইচিচিটি)ৰ মতে, ইজিপ্তৰ বংশোদ্ভূত ৬২ বছৰীয়া ছাইফ আল-আদেলৰ অভিযান সম্পৰ্কীয় কামৰ বাবে পৰিকল্পনাৰ ব্যাপক অভিজ্ঞতা আছে।

ছাইফ আল-আদেলক মুহাম্মাদ ইব্ৰাহিম মাক্কি আৰু ইব্ৰাহিম আল-মাদানী বুলিও জনা যায়। তেওঁ ইতিমধ্যে ইৰাণ এৰি আফগানিস্তানলৈ গৈছে বুলিও বাতৰি ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ