--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল-কায়েদাৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে সংগঠনটোৰ কমাণ্ডো ছাইফ আল-আদেলক।  বৰ্তমান ইৰাণত বসবাস কৰা আল-আদেলে ইজিপ্তত জন্মগ্ৰহণ কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে এই কথা সদৰী কৰিছে। যোৱা বছৰ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত নিহত হৈছিল আল-কায়দাৰ মুৰব্বী আয়মান আল-জাৱাহিৰী। তেওঁৰ স্থানত আল-আদেলক দায়িত্ব দিয়া হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই জানিব পাৰিছে।

আমেৰিকাৰ বিদেশ বিভাগৰ এজন মুখপাত্ৰই কয়, “আমাৰ পৰ্যৱেক্ষণসমূহ ৰাষ্ট্ৰসংঘৰ পৰ্যৱেক্ষণৰ সৈতে সামঞ্জস্যপূৰ্ণ। ধাৰণা কৰা হৈছে যে ছাইফ আল-আদেল আল-কায়েদাৰ নতুন মুৰব্বী হৈছে। তেওঁ ইৰাণত আছে।‘’

অৱশ্যে, আল-কায়েদাৰ পৰা ইয়াৰ নতুন মুৰব্বীৰ নিৰ্বাচন সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ টেৰৰিজম (আইচিচিটি)ৰ মতে, ইজিপ্তৰ বংশোদ্ভূত ৬২ বছৰীয়া ছাইফ আল-আদেলৰ অভিযান সম্পৰ্কীয় কামৰ বাবে পৰিকল্পনাৰ ব্যাপক অভিজ্ঞতা আছে।

ছাইফ আল-আদেলক মুহাম্মাদ ইব্ৰাহিম মাক্কি আৰু ইব্ৰাহিম আল-মাদানী বুলিও জনা যায়। তেওঁ ইতিমধ্যে ইৰাণ এৰি আফগানিস্তানলৈ গৈছে বুলিও বাতৰি ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে