--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে  উত্তৰ প্ৰদেশৰ বাৰাণসীৰ থকা ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজীৰ (বিএইচইউ)ত।  এগৰাকী ছাত্ৰীক তিনিজন অচিনাক্ত ব্যক্তিয়ে উৎপীড়ন চলাই  বলপূৰ্বক চুম্বন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে শিক্ষা প্ৰতিষ্ঠান খনৰ চৌহদত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে আনকি ছাত্ৰীগৰাকীৰ  পোছাক ফালি পেলোৱাৰো অভিযোগ উঠিছে।

 কেৱল সেয়াই নহয়, দুৰ্বৃত্তৰ দলটোৱে ছাত্ৰীগৰাকীৰ এটা ভিডিঅ'ও ৰেকৰ্ড কৰিছিল। প্ৰতিষ্ঠানটোত ব্যাপক প্ৰতিবাদ হৈছিল।খবৰ অনুসৰি ঘটনাটো বুধবাৰে  সংঘটিত হৈছিল।  বৃহস্পতিবাৰে পুৱা শাক্ষিক প্ৰতিষ্ঠানখনৰ  সঞ্চালকৰ কাৰ্যালয়ত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদত সাৱস্ত্য কৰে। তেওঁলোকে চৌহদত উন্নত সুৰক্ষা ব্যৱস্থাৰ দাবী জনায়। প্ৰতিবাদী শিক্ষাৰ্থীসকলে কয়  যে ছাত্ৰীসকল হোষ্টেলৰ চৌহদত সুৰক্ষিত নহয়।  কিয়নো প্ৰতিষ্ঠানটোৰ বেছিভাগ অঞ্চলতে কোনো সুৰক্ষা কৰ্মী নাই। চিচিটিভিৰো বিশেষ কোনো ব্যস্তা নাই। 

 শৈক্ষিক প্ৰতিষ্ঠান খনত ছাত্ৰীক এনেদৰে উৎপীড়ণ চলোৱাৰ ঘটনাত  কংগ্ৰেছেও তীব্ৰ প্ৰতিবাদ কৰিছে। ছাত্ৰীগৰাকীয়ে  আৰক্ষীৰ ওচৰত দাখিল কৰা  অভিযোগত কোৱা হৈছে: "মই আইআইটি-বিএইচইউৰ এটা হোষ্টেলৰ বাসিন্দা। ২ নৱেম্বৰৰ দিনত  মই খোজ কাঢ়িবলৈ মোৰ হোষ্টেলৰ পৰা ওলাই গৈছিলো। মই গান্ধী স্মৃতি হোষ্টেল চাৰিআলিত এগৰাকী বন্ধুক লগ পাইছিলো। আমি একেলগে খোজকাঢ়ি আছিলো আৰু যেতিয়া আমি কাৰমান বাবা মন্দিৰৰ পৰা ৩০০-৪০০ মিটাৰ দূৰত আছিলো, এখন মটৰচাইকেলত তিনিজন লোক  আমাৰ ওচৰলৈ আহিছিল। তেওঁলোকে তেওঁলোকৰ মটৰচাইকেল খন পাৰ্ক কৰিছিল আৰু মোৰ বন্ধু তথা  মোক পৃথক কৰিছিল। তেওঁলোকে মোৰ মুখখন টিপা মাৰি বন্ধ কৰিছিল আৰু মোক এটা কোণলৈ লৈ গৈছিল, মোক বলপূৰ্বক চুমা খাইছিল, আৰু মোৰ সকলো কাপোৰ খুলি দিছিল,  ফটো তুলিছিল আৰু ভিডিঅ' ৰেকৰ্ড কৰিলে। যেতিয়া মই সহায়ৰ বাবে চিঞৰিছিলো, তেওঁলোকে মোক হত্যা কৰাৰ ভাবুকি দিছিল। তেওঁলোকে মোক ১০ -১৫  মিনিটৰ পিছত যাবলৈ দিছিল। যেতিয়া মই মোৰ হোষ্টেলৰ ফালে দৌৰিছিলো, মই এজন অধ্যাপকৰ বাসগৃহত লুকাই আছিলো, যিয়ে মোক নিৰাপত্তা বিষয়াসকলৰ ওচৰলৈ লৈ গৈছিল...," ।

 প্ৰতিবেদনত কোৱা হৈছে যে তিনিজন অচিনাক্ত পুৰুষৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪-বি (মহিলাক আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ) আৰু ভাৰতীয় দণ্ডবিধিৰ ৫০৬ (অপৰাধমূলক ভাবুকি) আৰু তথ্য প্ৰযুক্তি আইনৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰিবলৈআৰক্ষীৰ এটা বিশেষ  দল গঠন কৰা হৈছে। প্ৰতিবাদৰ মাজতে আইআইটি-বিএইচইউ প্ৰশাসনে নতুন আদেশ জাৰি কৰিছে, নতুন আদেশ অনুসৰি চৌহদৰ সকলো প্ৰৱেশ দ্বাৰ  নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বন্ধ ৰাখিব লাগিব। এই সময়ছোৱাত, পোষ্টত থকা গাৰ্ডে বি.এইচ.ইউ. ষ্টিকাৰ/আই.আই.টি.(বি.এইচ.ইউ.) আই.ডি. কাৰ্ড থকা বাহনবোৰক প্ৰৱেশৰ অনুমতি দিব পাৰিব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement