--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে  উত্তৰ প্ৰদেশৰ বাৰাণসীৰ থকা ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজীৰ (বিএইচইউ)ত।  এগৰাকী ছাত্ৰীক তিনিজন অচিনাক্ত ব্যক্তিয়ে উৎপীড়ন চলাই  বলপূৰ্বক চুম্বন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে শিক্ষা প্ৰতিষ্ঠান খনৰ চৌহদত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে আনকি ছাত্ৰীগৰাকীৰ  পোছাক ফালি পেলোৱাৰো অভিযোগ উঠিছে।

 কেৱল সেয়াই নহয়, দুৰ্বৃত্তৰ দলটোৱে ছাত্ৰীগৰাকীৰ এটা ভিডিঅ'ও ৰেকৰ্ড কৰিছিল। প্ৰতিষ্ঠানটোত ব্যাপক প্ৰতিবাদ হৈছিল।খবৰ অনুসৰি ঘটনাটো বুধবাৰে  সংঘটিত হৈছিল।  বৃহস্পতিবাৰে পুৱা শাক্ষিক প্ৰতিষ্ঠানখনৰ  সঞ্চালকৰ কাৰ্যালয়ত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদত সাৱস্ত্য কৰে। তেওঁলোকে চৌহদত উন্নত সুৰক্ষা ব্যৱস্থাৰ দাবী জনায়। প্ৰতিবাদী শিক্ষাৰ্থীসকলে কয়  যে ছাত্ৰীসকল হোষ্টেলৰ চৌহদত সুৰক্ষিত নহয়।  কিয়নো প্ৰতিষ্ঠানটোৰ বেছিভাগ অঞ্চলতে কোনো সুৰক্ষা কৰ্মী নাই। চিচিটিভিৰো বিশেষ কোনো ব্যস্তা নাই। 

 শৈক্ষিক প্ৰতিষ্ঠান খনত ছাত্ৰীক এনেদৰে উৎপীড়ণ চলোৱাৰ ঘটনাত  কংগ্ৰেছেও তীব্ৰ প্ৰতিবাদ কৰিছে। ছাত্ৰীগৰাকীয়ে  আৰক্ষীৰ ওচৰত দাখিল কৰা  অভিযোগত কোৱা হৈছে: "মই আইআইটি-বিএইচইউৰ এটা হোষ্টেলৰ বাসিন্দা। ২ নৱেম্বৰৰ দিনত  মই খোজ কাঢ়িবলৈ মোৰ হোষ্টেলৰ পৰা ওলাই গৈছিলো। মই গান্ধী স্মৃতি হোষ্টেল চাৰিআলিত এগৰাকী বন্ধুক লগ পাইছিলো। আমি একেলগে খোজকাঢ়ি আছিলো আৰু যেতিয়া আমি কাৰমান বাবা মন্দিৰৰ পৰা ৩০০-৪০০ মিটাৰ দূৰত আছিলো, এখন মটৰচাইকেলত তিনিজন লোক  আমাৰ ওচৰলৈ আহিছিল। তেওঁলোকে তেওঁলোকৰ মটৰচাইকেল খন পাৰ্ক কৰিছিল আৰু মোৰ বন্ধু তথা  মোক পৃথক কৰিছিল। তেওঁলোকে মোৰ মুখখন টিপা মাৰি বন্ধ কৰিছিল আৰু মোক এটা কোণলৈ লৈ গৈছিল, মোক বলপূৰ্বক চুমা খাইছিল, আৰু মোৰ সকলো কাপোৰ খুলি দিছিল,  ফটো তুলিছিল আৰু ভিডিঅ' ৰেকৰ্ড কৰিলে। যেতিয়া মই সহায়ৰ বাবে চিঞৰিছিলো, তেওঁলোকে মোক হত্যা কৰাৰ ভাবুকি দিছিল। তেওঁলোকে মোক ১০ -১৫  মিনিটৰ পিছত যাবলৈ দিছিল। যেতিয়া মই মোৰ হোষ্টেলৰ ফালে দৌৰিছিলো, মই এজন অধ্যাপকৰ বাসগৃহত লুকাই আছিলো, যিয়ে মোক নিৰাপত্তা বিষয়াসকলৰ ওচৰলৈ লৈ গৈছিল...," ।

 প্ৰতিবেদনত কোৱা হৈছে যে তিনিজন অচিনাক্ত পুৰুষৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪-বি (মহিলাক আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ) আৰু ভাৰতীয় দণ্ডবিধিৰ ৫০৬ (অপৰাধমূলক ভাবুকি) আৰু তথ্য প্ৰযুক্তি আইনৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰিবলৈআৰক্ষীৰ এটা বিশেষ  দল গঠন কৰা হৈছে। প্ৰতিবাদৰ মাজতে আইআইটি-বিএইচইউ প্ৰশাসনে নতুন আদেশ জাৰি কৰিছে, নতুন আদেশ অনুসৰি চৌহদৰ সকলো প্ৰৱেশ দ্বাৰ  নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বন্ধ ৰাখিব লাগিব। এই সময়ছোৱাত, পোষ্টত থকা গাৰ্ডে বি.এইচ.ইউ. ষ্টিকাৰ/আই.আই.টি.(বি.এইচ.ইউ.) আই.ডি. কাৰ্ড থকা বাহনবোৰক প্ৰৱেশৰ অনুমতি দিব পাৰিব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়