--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভাগ্যনিয়ন্তা হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টী৷ সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছে অগপৰ ৰাজনৈতিক ভৱিষ্যৎ৷ 

ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ আগ্ৰাসনত আঞ্চলিকতাবাদী চিন্তা-চেতনাক জলাঞ্জলি দিয়া অগপৰ দুই নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ এতিয়া ভাগ্য নিৰ্ধাৰণ কৰে বিজেপিয়ে৷ লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবলৈ এতিয়া আৰু সাহে নুকুলায় অগপৰ কেন্দ্ৰীয় নেতৃত্বক৷ 

লোকসভা নিৰ্বাচনত দলটোৰ ভূমিকা কি হ’ব অথবা দলটোৰ সাংগঠনিক ভেটি ক’ত কিমান শক্তিশালী, তাৰ গমগতি লোৱাৰ প্ৰয়োজনবোধ নকৰে কেন্দ্ৰীয় নেতৃত্বই৷ অতুল বৰাই গম নোপোৱা অগপৰ ভিতৰচ’ৰাৰ তথ্য ৰাজহুৱা কৰে বিজেপিয়ে৷ 

শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সমাগত লোকসভা নিৰ্বাচনত এখন আসন ইউপিপিএলক আৰু এখন আসন অগপক এৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে৷ ভৱেশ কলিতাই বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বসহকাৰে ঘোষণা কৰিছে যে লোকসভা নিৰ্বাচনত এজন অগপ প্ৰাৰ্থীক জয়ী কৰোৱাটো বিজেপিৰ দায়িত্ব৷ সভাপতি কলিতাই কয়, এইবাৰ হাতীৰ প্ৰতীকত অগপই এজন সাংসদ পাবলৈ সক্ষম হ’ব৷

অৰ্থাৎ, এখন আসনতে এইবেলি সন্তুষ্ট থাকিব লাগিব অগপ৷ বিজেপিৰ অনুগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰিব অগপৰ ৰাজনৈতিক ভৱিষ্যৎ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউল হকৰ কৰুণ মৃত্যু
আজি আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস! বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশ বাঘ সংৰক্ষিত হৈ আছে ভাৰতত
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে