--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভাগ্যনিয়ন্তা হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টী৷ সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছে অগপৰ ৰাজনৈতিক ভৱিষ্যৎ৷ 

ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ আগ্ৰাসনত আঞ্চলিকতাবাদী চিন্তা-চেতনাক জলাঞ্জলি দিয়া অগপৰ দুই নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ এতিয়া ভাগ্য নিৰ্ধাৰণ কৰে বিজেপিয়ে৷ লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবলৈ এতিয়া আৰু সাহে নুকুলায় অগপৰ কেন্দ্ৰীয় নেতৃত্বক৷ 

লোকসভা নিৰ্বাচনত দলটোৰ ভূমিকা কি হ’ব অথবা দলটোৰ সাংগঠনিক ভেটি ক’ত কিমান শক্তিশালী, তাৰ গমগতি লোৱাৰ প্ৰয়োজনবোধ নকৰে কেন্দ্ৰীয় নেতৃত্বই৷ অতুল বৰাই গম নোপোৱা অগপৰ ভিতৰচ’ৰাৰ তথ্য ৰাজহুৱা কৰে বিজেপিয়ে৷ 

শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সমাগত লোকসভা নিৰ্বাচনত এখন আসন ইউপিপিএলক আৰু এখন আসন অগপক এৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে৷ ভৱেশ কলিতাই বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বসহকাৰে ঘোষণা কৰিছে যে লোকসভা নিৰ্বাচনত এজন অগপ প্ৰাৰ্থীক জয়ী কৰোৱাটো বিজেপিৰ দায়িত্ব৷ সভাপতি কলিতাই কয়, এইবাৰ হাতীৰ প্ৰতীকত অগপই এজন সাংসদ পাবলৈ সক্ষম হ’ব৷

অৰ্থাৎ, এখন আসনতে এইবেলি সন্তুষ্ট থাকিব লাগিব অগপ৷ বিজেপিৰ অনুগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰিব অগপৰ ৰাজনৈতিক ভৱিষ্যৎ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ