--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জুবিন গাৰ্গৰ অকাল মৃত্যুৱে বৰপেটাৰ এই ঐতিহ্যমণ্ডিত আতচবাজী উদ্যোগতো গভীৰ প্ৰভাৱ পেলাইছে।

ডিজিটেল ডেস্কঃ দীপাৱলী সমাগত।এনে সময়তে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। শব্দবিহীন দীপাৱলী পালনৰ আহ্বান জনালে ৰাইজলৈ।


মাত্ৰ কেইবিধমান শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে মুকলি কৰিব বৰপেটা থলুৱা আতচবাজী উদ্যোগে।


প্ৰতিবছৰে দীপাৱলীৰ সময়ত বৰপেটাৰ বিখ্যাত ১৪০ বছৰ পুৰণি আতচবাজী উদ্যোগবোৰ বিশেষভাৱে সাজু হৈ উঠে। এই উদ্যোগবোৰৰ দীপাৱলীৰ দিনবোৰত ব্যস্ততা বৃদ্ধি পায় ।


চাহিদা পূৰণৰ বাবে বহু নতুন কৰ্মচাৰী নিযুক্তি কৰা হয়, আৰু তৈয়াৰ কৰা হয় ৰংবিৰঙী পোহৰৰ লগতে বিভিন্ন ধৰণৰ আতচবাজী।


কিন্তু এইবাৰ পৰিস্থিতি কিছু ভিন্ন। অসমে অকালতে হেৰুৱালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। জুবিনক হেৰুৱাৰ দুখ এতিয়াও মাৰ যোৱা নাই অসমবাসীৰ। 


জুবিন গাৰ্গৰ অকাল মৃত্যুৱে বৰপেটাৰ এই ঐতিহ্যমণ্ডিত আতচবাজী উদ্যোগতো গভীৰ প্ৰভাৱ পেলাইছে। বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগে এইবাৰ শব্দ সৃষ্টিকাৰী আতচবাজী প্ৰস্তুত কৰা নাই আৰু দীপাৱলীৰ বজাৰত শব্দ সৃষ্টিকাৰী আতচবাজী বিক্ৰীও নকৰে।


তেওলোকে জানিবলৈ দিয়ে যে জুবিন গাৰ্গে মানুহক কৰ্ম কৰি জীয়াই থাকিবলৈ আহ্বান জনাইছিল। বৰপেটাৰ আতচবাজী উদ্যোগটোত কাম কৰিয়েই বহু লোকে জীৱন নিৰ্বাহ কৰি আহিছে।


শব্দ সৃষ্টিকাৰী আতচবাজী এইবাৰ প্ৰস্তুত নকৰাৰ ফলত উদ্যোগটোৰ ব্যৱসায়ত যথেষ্ট ক্ষতি হব যদিও তেনে ক্ষতিক জুবিন গাৰ্গৰ বাবে এইবাৰ গৌণ বুলি বিবেচনা কৰা হৈছে।


তাৰ পৰিৱৰ্তে ফুলজাৰি , চকৰী , কলগছ আদি কেবল পোহৰৰ সৃষ্টি কৰা সামগ্ৰীহে তৈয়াৰ কৰা হৈছে।


তেওঁলোকে ৰাইজক আহ্বান জনাইছে এইবাৰৰ দীপাৱলীত শব্দবিহীন, শান্তিপূর্ণ আৰু পোহৰৰ উৎসৱৰূপে দীপাৱলী পালন কৰিবলৈ।


দীপাৱলীৰ মূল উদ্দেশ্য হৈছে সমাজৰ পৰা আন্ধাৰ ৰূপী অসুৰবোৰক দূৰ কৰি পোহৰৰ মাধ্যমেৰে শুভ শক্তিক আহ্বান কৰা, সেই কাৰণে এইবাৰ আমাৰ দীপাৱলী হওক পোহৰ আৰু শান্তিৰ দীপাৱলী বুলি মন্তব্য কৰিছে আতচবাজীৰ ব্যৱসায়ীয়ে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য