ডিজিটেল ডেস্কঃ দীপাৱলী সমাগত।এনে সময়তে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। শব্দবিহীন দীপাৱলী পালনৰ আহ্বান জনালে ৰাইজলৈ।
মাত্ৰ কেইবিধমান শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে মুকলি কৰিব বৰপেটা থলুৱা আতচবাজী উদ্যোগে।
প্ৰতিবছৰে দীপাৱলীৰ সময়ত বৰপেটাৰ বিখ্যাত ১৪০ বছৰ পুৰণি আতচবাজী উদ্যোগবোৰ বিশেষভাৱে সাজু হৈ উঠে। এই উদ্যোগবোৰৰ দীপাৱলীৰ দিনবোৰত ব্যস্ততা বৃদ্ধি পায় ।
চাহিদা পূৰণৰ বাবে বহু নতুন কৰ্মচাৰী নিযুক্তি কৰা হয়, আৰু তৈয়াৰ কৰা হয় ৰংবিৰঙী পোহৰৰ লগতে বিভিন্ন ধৰণৰ আতচবাজী।
কিন্তু এইবাৰ পৰিস্থিতি কিছু ভিন্ন। অসমে অকালতে হেৰুৱালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। জুবিনক হেৰুৱাৰ দুখ এতিয়াও মাৰ যোৱা নাই অসমবাসীৰ।
জুবিন গাৰ্গৰ অকাল মৃত্যুৱে বৰপেটাৰ এই ঐতিহ্যমণ্ডিত আতচবাজী উদ্যোগতো গভীৰ প্ৰভাৱ পেলাইছে। বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগে এইবাৰ শব্দ সৃষ্টিকাৰী আতচবাজী প্ৰস্তুত কৰা নাই আৰু দীপাৱলীৰ বজাৰত শব্দ সৃষ্টিকাৰী আতচবাজী বিক্ৰীও নকৰে।
তেওলোকে জানিবলৈ দিয়ে যে জুবিন গাৰ্গে মানুহক কৰ্ম কৰি জীয়াই থাকিবলৈ আহ্বান জনাইছিল। বৰপেটাৰ আতচবাজী উদ্যোগটোত কাম কৰিয়েই বহু লোকে জীৱন নিৰ্বাহ কৰি আহিছে।
শব্দ সৃষ্টিকাৰী আতচবাজী এইবাৰ প্ৰস্তুত নকৰাৰ ফলত উদ্যোগটোৰ ব্যৱসায়ত যথেষ্ট ক্ষতি হব যদিও তেনে ক্ষতিক জুবিন গাৰ্গৰ বাবে এইবাৰ গৌণ বুলি বিবেচনা কৰা হৈছে।
তাৰ পৰিৱৰ্তে ফুলজাৰি , চকৰী , কলগছ আদি কেবল পোহৰৰ সৃষ্টি কৰা সামগ্ৰীহে তৈয়াৰ কৰা হৈছে।
তেওঁলোকে ৰাইজক আহ্বান জনাইছে এইবাৰৰ দীপাৱলীত শব্দবিহীন, শান্তিপূর্ণ আৰু পোহৰৰ উৎসৱৰূপে দীপাৱলী পালন কৰিবলৈ।
দীপাৱলীৰ মূল উদ্দেশ্য হৈছে সমাজৰ পৰা আন্ধাৰ ৰূপী অসুৰবোৰক দূৰ কৰি পোহৰৰ মাধ্যমেৰে শুভ শক্তিক আহ্বান কৰা, সেই কাৰণে এইবাৰ আমাৰ দীপাৱলী হওক পোহৰ আৰু শান্তিৰ দীপাৱলী বুলি মন্তব্য কৰিছে আতচবাজীৰ ব্যৱসায়ীয়ে।