--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাথৌ মন্দিৰৰ চৌহদত অৰ্ধ শতাধিক নাহৰৰ গছপুলি ৰোপণ কৰাৰ লগতে গোলাপী কাঞ্চন, মহানিম, ৰাধাচুড়া, দেৱদাৰু, বগা চন্দন, ৰঙা চন্দন আদিবোৰ থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়।

ডিজিটেল ডেস্কঃ গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিৰ ঘগৰা কছাৰী গাঁৱত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান । সেউজ ছচাইটীৰ উদ্যোগত অৰ্ধ শতাধিক নাহৰ গছপুলি ৰোপণ।


সেই উপলক্ষে বাথৌ মন্দিৰৰ চৌহদত অৰ্ধ শতাধিক নাহৰৰ গছপুলি ৰোপণ কৰাৰ লগতে গোলাপী কাঞ্চন, মহানিম, ৰাধাচুড়া, দেৱদাৰু, বগা চন্দন, ৰঙা চন্দন আদিবোৰ থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই গছপুলি সমূহ অৰ্পণ কৰিছিল এডিছনেল এছ. পি. প্ৰাঞ্জল বৰাই।


উল্লেখ্য যে প্ৰকৃতিপ্ৰেমী প্ৰফুল্ল দাস আৰু সমাজকৰ্মী কৰুণা দত্ত বৰাৰ পৃষ্ঠপোষকতাত পৰিৱেশ সংৰক্ষণমূলক সংস্থা 'সেউজ ছচাইটী'ৰ উদ্যোগত অনুষ্ঠিত আজিৰ অনুষ্ঠানভাগ পৰিচালনা কৰে সংস্থাৰ সভাপতি সঞ্জয় বৰুৱাই।


সম্পূৰ্ণ অনুষ্ঠানভাগ সুশৃংখলিতভাৱে আগবঢ়ায় নিয়াত সহযোগ কৰে সমাজকৰ্মী মাধুৰ্য বৰা, গাঁও সমাজৰ সভাপতি নেলছন বসুমতাৰী আৰু সম্পাদক গকুল বড়োৱে।


স্থানীয় গাওঁবাসী উপস্থিত থকা আজি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিল্পী জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণৰে ১ মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। ইয়াৰ পিছতে #JusticeForZubeenGarg , জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আদি শ্লোগানেৰে আৰম্ভ হয় অনুষ্ঠানৰ প্ৰথম পৰ্ব।


অনুষ্ঠানৰ দ্বিতীয় পৰ্বত - সমাজকৰ্মী কৰুণা কান্ত বৰা আৰু প্ৰকৃতিপ্ৰেমী প্ৰফুল্ল দাসে - জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰে চৰকাৰ বা প্ৰশাসনে কি দৰে আগবাঢ়িছে সেইয়া সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ঘগৰা কছাৰীবাসী ৰাইজে নজৰ ৰখাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে।


সজাগতাৰ বাৰ্তাৰে সেউজ ছচাইটী'ৰ সভাপতি সঞ্জয় বৰুৱাই আজি #JusticeForZubeenGargৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে সামাজিক মাধ্যমত পোষ্ট লিখোঁতে #JusticeForZubeenGarg ৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ