ডিজিটেল ডেস্কঃ গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিৰ ঘগৰা কছাৰী গাঁৱত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান । সেউজ ছচাইটীৰ উদ্যোগত অৰ্ধ শতাধিক নাহৰ গছপুলি ৰোপণ।
সেই উপলক্ষে বাথৌ মন্দিৰৰ চৌহদত অৰ্ধ শতাধিক নাহৰৰ গছপুলি ৰোপণ কৰাৰ লগতে গোলাপী কাঞ্চন, মহানিম, ৰাধাচুড়া, দেৱদাৰু, বগা চন্দন, ৰঙা চন্দন আদিবোৰ থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই গছপুলি সমূহ অৰ্পণ কৰিছিল এডিছনেল এছ. পি. প্ৰাঞ্জল বৰাই।
উল্লেখ্য যে প্ৰকৃতিপ্ৰেমী প্ৰফুল্ল দাস আৰু সমাজকৰ্মী কৰুণা দত্ত বৰাৰ পৃষ্ঠপোষকতাত পৰিৱেশ সংৰক্ষণমূলক সংস্থা 'সেউজ ছচাইটী'ৰ উদ্যোগত অনুষ্ঠিত আজিৰ অনুষ্ঠানভাগ পৰিচালনা কৰে সংস্থাৰ সভাপতি সঞ্জয় বৰুৱাই।
সম্পূৰ্ণ অনুষ্ঠানভাগ সুশৃংখলিতভাৱে আগবঢ়ায় নিয়াত সহযোগ কৰে সমাজকৰ্মী মাধুৰ্য বৰা, গাঁও সমাজৰ সভাপতি নেলছন বসুমতাৰী আৰু সম্পাদক গকুল বড়োৱে।
স্থানীয় গাওঁবাসী উপস্থিত থকা আজি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিল্পী জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণৰে ১ মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। ইয়াৰ পিছতে #JusticeForZubeenGarg , জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আদি শ্লোগানেৰে আৰম্ভ হয় অনুষ্ঠানৰ প্ৰথম পৰ্ব।
অনুষ্ঠানৰ দ্বিতীয় পৰ্বত - সমাজকৰ্মী কৰুণা কান্ত বৰা আৰু প্ৰকৃতিপ্ৰেমী প্ৰফুল্ল দাসে - জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰে চৰকাৰ বা প্ৰশাসনে কি দৰে আগবাঢ়িছে সেইয়া সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ঘগৰা কছাৰীবাসী ৰাইজে নজৰ ৰখাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে।
সজাগতাৰ বাৰ্তাৰে সেউজ ছচাইটী'ৰ সভাপতি সঞ্জয় বৰুৱাই আজি #JusticeForZubeenGargৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে সামাজিক মাধ্যমত পোষ্ট লিখোঁতে #JusticeForZubeenGarg ৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।