--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুলাই মাহত  ফ্ৰান্স ভ্ৰমণ কৰাৰ কথা আছে। তেওঁ ১৪ জুলাইত ফ্ৰান্সৰ বাষ্টিল দিৱসৰ কুচকাৱাজত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। শুক্ৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে। 

জানিব পৰা মতে বাষ্টিল দিৱসৰ কুচকাৱাজত  ভাৰতীয় সেনায়ো  ফৰাচী সেনাৰ সৈতে পেৰেডত অংশগ্ৰহণ কৰিব। উল্লেখ্য এই বছৰ ভাৰত-ফ্ৰান্স সহযোগিতাৰ  ২৫ বছৰ পূৰ্ণ হৈছে। এই উপলক্ষে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে বাষ্টিল দিৱসলৈ  মোডীক আমন্ত্ৰণ জনাইছে । মেক্ৰ'নে হিন্দী আৰু ফৰাচী ভাষাত টুইট কৰি প্ৰধানমন্ত্ৰীক  আমন্ত্ৰণ জনাইছে।  

উল্লেখ্য প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ফ্ৰান্স ভ্ৰমণ কৰিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিগত বৰ্ষৰ মোদীৰ ফ্ৰান্স ভ্ৰমণক  বন্ধুত্বপূৰ্ণ ভ্ৰমণ বুলি উল্লেখ কৰিছিল। জুলাই মাহত  আকৌ এবাৰ, দুয়োখন ৰাষ্ট্ৰ শক্তিশালী নেতাদুগৰাকী মিলিত হোৱাৰ সম্ভাৱনা আছে। মোদীৰ এই ভ্ৰমণৰ সময়তে জলবায়ু পৰিৱৰ্তনৰ পৰা প্ৰতিৰক্ষালৈকে বিভিন্ন বিষয়ত আলোচনা হ'ব বুলি আশা কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল