--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুলাই মাহত  ফ্ৰান্স ভ্ৰমণ কৰাৰ কথা আছে। তেওঁ ১৪ জুলাইত ফ্ৰান্সৰ বাষ্টিল দিৱসৰ কুচকাৱাজত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। শুক্ৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে। 

জানিব পৰা মতে বাষ্টিল দিৱসৰ কুচকাৱাজত  ভাৰতীয় সেনায়ো  ফৰাচী সেনাৰ সৈতে পেৰেডত অংশগ্ৰহণ কৰিব। উল্লেখ্য এই বছৰ ভাৰত-ফ্ৰান্স সহযোগিতাৰ  ২৫ বছৰ পূৰ্ণ হৈছে। এই উপলক্ষে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে বাষ্টিল দিৱসলৈ  মোডীক আমন্ত্ৰণ জনাইছে । মেক্ৰ'নে হিন্দী আৰু ফৰাচী ভাষাত টুইট কৰি প্ৰধানমন্ত্ৰীক  আমন্ত্ৰণ জনাইছে।  

উল্লেখ্য প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ফ্ৰান্স ভ্ৰমণ কৰিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিগত বৰ্ষৰ মোদীৰ ফ্ৰান্স ভ্ৰমণক  বন্ধুত্বপূৰ্ণ ভ্ৰমণ বুলি উল্লেখ কৰিছিল। জুলাই মাহত  আকৌ এবাৰ, দুয়োখন ৰাষ্ট্ৰ শক্তিশালী নেতাদুগৰাকী মিলিত হোৱাৰ সম্ভাৱনা আছে। মোদীৰ এই ভ্ৰমণৰ সময়তে জলবায়ু পৰিৱৰ্তনৰ পৰা প্ৰতিৰক্ষালৈকে বিভিন্ন বিষয়ত আলোচনা হ'ব বুলি আশা কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে