--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তপ্ত হৈয়েই আছে মণিপুৰৰ পৰিস্থিতি । ৰাজ্য খনৰ আইন শৃংখলাৰ দায়িত্ব সেনা আৰু নিৰাপত্তাবাহিনীয়ে নিজৰ হাতলৈ নিয়াৰ পিছতো ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ আহি আছে। শেহতীয়াকৈ মণিপুৰত নিহত হৈছে এজন চিআৰপিএফ কমাণ্ডোকে ধৰি এজন আয়কৰ বিষয়া।

পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে মণিপুৰত ধাৰা ৩৫৫ জাৰি কৰি আৰু আইন-শৃংখলা আৰু নিৰাপত্তা বজাই ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছিল। মেইটেই সম্প্ৰদায়ৰ লোকসকলে  জনজাতি পৰিচয়ৰ বাবে  এই সপ্তাহৰ আৰম্ভণিতে আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ ৪৮  ঘণ্টাৰ ভিতৰতে মণিপুৰ প্ৰায় যুদ্ধক্ষেত্ৰত পৰিণত হৈছিল। 

শুকুৰবাৰে নিশা চুৰাচান্দপুৰত এজন চিআৰপিএফ কমাণ্ডোক  দুৰ্বৃত্তই  গুলীয়াই হত্যা কৰে।তেওঁ ছুটীত ঘৰলৈ আহিছিল। ভাৰতীয় ৰাজহ সেৱাৰ এজন আয়কৰ বিষয়াও ৰাজধানী ইম্ফলত হিংসাৰ বলি হৈছে।তেওঁকো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। মণিপুৰী ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰে (এটিএছইউএম) বুধবাৰে আন্দোলনকাৰী মেইটেই সম্প্ৰদায়ৰ জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক পদযাত্ৰা উলিয়াইছিল। 

সেই পদযাত্ৰাৰ পৰাই হিংসা বিয়পি পৰিছিল বুলি অভিযোগ উঠিছে। শেহতীয়াকৈ গৌহাটি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটিসকলক  অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ঠিক পিছতে জনজাতীয় সংগঠনবোৰে এই  নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। লগে লগে আৰম্ভ হৈছিল  বিবাদ, সংঘৰ্ষ আৰু ৰক্তপাতৰ।

মণিপুৰত  মেইটিসকল সৰ্বাধিক জনসংখ্যাৰ জনগোষ্ঠী। আনহাতে, কুকি, আংগামি, লুচাই, নাগা, থাদাৰৱাছৰ দৰে প্ৰায় ৩০ টা জনজাতীয় গোটৰ লোককে  পাহাৰীয়া ৰাজ্য খনত  বাস কৰে। তেওঁলোকে আশংকা কৰে যে মেইটেইসকলে জনজাতীয় মৰ্যাদা পালে তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব।  মাটি কিনা-বেচাৰ ক্ষেত্ৰতো আন জনগোষ্ঠীৰ লোকসকলে সমস্যাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা প্ৰকাশ কৰি আহিছে। আনহাতে,মেইটেইসকলে দাবী কৰে যে ১৯৪৯ চনত মণিপুৰ ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে তেওঁলোকক এটা জনজাতি বুলি গণ্য কৰা হৈছিল। 

কিন্তু একত্ৰীকৰণৰ পিছত তেওঁলোকে সেই পৰিচয় হেৰুৱালে। ফলস্বৰূপে, জনজাতীয় ভূমি অধিকাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ সাংবিধানিক সুৰক্ষাও তেওঁলোকে হেৰুৱাই পেলোৱা বুলি অভিযোগ কৰি আহিছে। ১৯৫২  চনত মণিপুৰৰ জনসংখ্যাৰ ৫১ শতাংশ মেইটেই আছিল। ২০১১  চনৰ লোকপিয়লত তেওঁলোকৰ সংখ্যা ৪৪  শতাংশলৈ হ্ৰাস পায়। সেইবাবেই মেইটেইসকলে জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। যি দাবীৰ বিৰোধিতা কৰিছে আন জনগোষ্ঠীৰ লোকসকলে। পৰিণতিত সূত্ৰপাত ঘটিছে ৰক্তাক্ত পৰিস্থিতিৰ। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল