--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তপ্ত হৈয়েই আছে মণিপুৰৰ পৰিস্থিতি । ৰাজ্য খনৰ আইন শৃংখলাৰ দায়িত্ব সেনা আৰু নিৰাপত্তাবাহিনীয়ে নিজৰ হাতলৈ নিয়াৰ পিছতো ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ আহি আছে। শেহতীয়াকৈ মণিপুৰত নিহত হৈছে এজন চিআৰপিএফ কমাণ্ডোকে ধৰি এজন আয়কৰ বিষয়া।

পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে মণিপুৰত ধাৰা ৩৫৫ জাৰি কৰি আৰু আইন-শৃংখলা আৰু নিৰাপত্তা বজাই ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছিল। মেইটেই সম্প্ৰদায়ৰ লোকসকলে  জনজাতি পৰিচয়ৰ বাবে  এই সপ্তাহৰ আৰম্ভণিতে আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ ৪৮  ঘণ্টাৰ ভিতৰতে মণিপুৰ প্ৰায় যুদ্ধক্ষেত্ৰত পৰিণত হৈছিল। 

শুকুৰবাৰে নিশা চুৰাচান্দপুৰত এজন চিআৰপিএফ কমাণ্ডোক  দুৰ্বৃত্তই  গুলীয়াই হত্যা কৰে।তেওঁ ছুটীত ঘৰলৈ আহিছিল। ভাৰতীয় ৰাজহ সেৱাৰ এজন আয়কৰ বিষয়াও ৰাজধানী ইম্ফলত হিংসাৰ বলি হৈছে।তেওঁকো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। মণিপুৰী ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰে (এটিএছইউএম) বুধবাৰে আন্দোলনকাৰী মেইটেই সম্প্ৰদায়ৰ জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক পদযাত্ৰা উলিয়াইছিল। 

সেই পদযাত্ৰাৰ পৰাই হিংসা বিয়পি পৰিছিল বুলি অভিযোগ উঠিছে। শেহতীয়াকৈ গৌহাটি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটিসকলক  অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ঠিক পিছতে জনজাতীয় সংগঠনবোৰে এই  নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। লগে লগে আৰম্ভ হৈছিল  বিবাদ, সংঘৰ্ষ আৰু ৰক্তপাতৰ।

মণিপুৰত  মেইটিসকল সৰ্বাধিক জনসংখ্যাৰ জনগোষ্ঠী। আনহাতে, কুকি, আংগামি, লুচাই, নাগা, থাদাৰৱাছৰ দৰে প্ৰায় ৩০ টা জনজাতীয় গোটৰ লোককে  পাহাৰীয়া ৰাজ্য খনত  বাস কৰে। তেওঁলোকে আশংকা কৰে যে মেইটেইসকলে জনজাতীয় মৰ্যাদা পালে তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব।  মাটি কিনা-বেচাৰ ক্ষেত্ৰতো আন জনগোষ্ঠীৰ লোকসকলে সমস্যাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা প্ৰকাশ কৰি আহিছে। আনহাতে,মেইটেইসকলে দাবী কৰে যে ১৯৪৯ চনত মণিপুৰ ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে তেওঁলোকক এটা জনজাতি বুলি গণ্য কৰা হৈছিল। 

কিন্তু একত্ৰীকৰণৰ পিছত তেওঁলোকে সেই পৰিচয় হেৰুৱালে। ফলস্বৰূপে, জনজাতীয় ভূমি অধিকাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ সাংবিধানিক সুৰক্ষাও তেওঁলোকে হেৰুৱাই পেলোৱা বুলি অভিযোগ কৰি আহিছে। ১৯৫২  চনত মণিপুৰৰ জনসংখ্যাৰ ৫১ শতাংশ মেইটেই আছিল। ২০১১  চনৰ লোকপিয়লত তেওঁলোকৰ সংখ্যা ৪৪  শতাংশলৈ হ্ৰাস পায়। সেইবাবেই মেইটেইসকলে জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। যি দাবীৰ বিৰোধিতা কৰিছে আন জনগোষ্ঠীৰ লোকসকলে। পৰিণতিত সূত্ৰপাত ঘটিছে ৰক্তাক্ত পৰিস্থিতিৰ। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে