--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখ-শান্তি বৃদ্ধিৰ বাবে বাস্তু শাস্ত্ৰই ঘৰৰ কোন দিশত কি কোঠা স্থাপন কৰিব লাগে সেই বিষয়ত বিধান দিছে। ঘৰত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে আছুতীয়া কোঠাৰ প্ৰয়োজন হয়। আচুতীয়া কোঠা নহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মে। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে নিৰিবিলি পৰিৱেশত যাতে অধ্যয়ন কৰিব পাৰে সেইবাবে সুকীয়া কোঠা নিৰ্ধাৰণ কৰিব লাগে। 

ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে ঘৰৰ উত্তৰ-পূব বা পূব দিশে কোঠা নিৰ্ধাৰণ কৰিব লাগে। উত্তৰ-পূব বা পূব দিশে থকা কোঠাত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা তথা মনোযোগ বৃদ্ধি পায়। ফলত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

ঘৰৰ ভিতৰত ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত ৰাখিব লাগে । এই দিশটো হৈছে অগ্নিৰ অৱস্থানৰ দিশ। সেয়ে এই দিশটোত ৰান্ধনীশাল স্থাপন কৰিব লাগে । এই দিশটোতে ঘৰৰ ইলেকট্রিক মিটাৰ আদিও স্থাপন কৰিব লাগে । ঘৰৰ উত্তৰ-পূব দিশত বা মাজ ভাগত কেতিয়াও ৰান্ধনীশাল নতুন বৈদ্যুতিক সা-সৰঞ্জাম আদি স্থাপন কৰিব নালাগে । একেদৰে কাৰখানাৰ ক্ষেত্ৰত সদায় দক্ষিণ-পূব দিশতহে কাৰখানাৰ বয়লাৰ আদি স্থাপন কৰিব লাগে।

ঘৰত পানী ৰখা জলাধাৰ, স্নানাগাৰ আৰু পানী সম্পৰ্কীয় যিকোনো স্থান সদায় উত্তৰ-পশ্চিম কোণত স্থাপন কৰিব লাগে। ঘৰৰ দক্ষিণ পূব দিশত কেতিয়াও স্নানাগাৰ, শৌচাগাৰ, জলাধাৰ, দমকল আদি স্থাপন কৰিব নালাগে । ঘৰত যিদৰে মানুহে বাস কৰে ঠিক তেনেদৰে ঘৰত দেৱতাই বাস কৰাৰ বাবেও বিশেষ গৃহৰ প্ৰয়োজন হয়। তেনে গৃহক আমি সাধাৰণতে মন্দিৰ বুলি কও। ঘৰত এটা মন্দিৰ থাকিলে ঘৰৰ পৰিবেশ সুন্দৰ হৈ থাকে আৰু নানান অপায় অমংগলৰ পৰা গৃহস্থ ৰক্ষা পৰে।  ঘৰত মন্দিৰ স্থাপনৰ উপযুক্ত দিশ হ'ল উত্তৰ-পূব দিশ। উত্তৰ-পূব দিশত স্থাপন কৰা মন্দিৰত বিধি অনুসৰি দেৱ-দেৱতাৰ মূৰ্তি অথবা ছবি ৰাখিব লাগে।

ঘৰত নানান ধৰণৰ ওজনযুক্ত বস্তু ৰখা হয়। তেনে ওজনযুক্ত বস্তুসমূহ ঘৰৰ য'তে ত'তে ৰাখিলে দুৰ্ঘটনা হোৱাৰ আশংকা থকাৰ লগতে নানান অমংগল হ'ব পাৰে। ঘৰত সদায় ওজনযুক্ত বস্তু আৰু ভঁৰালগৃহ ঘৰৰ দক্ষিণ-পশ্চিম দিশত স্থাপন কৰা উচিত। ভঁৰালগৃহ কেতিয়াও উত্তৰ-পূব, দক্ষিণ-পূর্ব, উত্তৰ- পশ্চিম দিশত স্থাপন কৰিব নালাগে। এই দিশকেইটাত কোনো গধুৰ বস্তু ৰাখিব নালাগে ৷ একেদৰে ঘৰৰ মধ্যস্থলত ভঁৰালগৃহ স্থাপন কৰিব নালাগে আৰু কোনো অত্যধিক ওজনৰ বস্তু ৰাখিব নালাগে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement