--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো এনফোৰ্চমেণ্ট ডাইৰেক্টৰেটকে ধৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইক চৰকাৰে নিজৰ সুবিধা আদায় কৰিবলৈ ব্যৱহাৰ কৰি আহিছে বুলি বিভিন্ন সময়ত চৰ্চা চলি আহিছে। আনকি   এনফোৰ্চমেণ্ট ডাইৰেক্টৰেট অৰ্থাৎ ইডিক  উচ্চতম ন্যায়ালয়েও পূৰ্বে  তীব্ৰ সমালোচনাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল  যে ইডিয়ে  তদন্ত প্ৰক্ৰিয়াত নিৰপেক্ষতা বজাই ৰখা  নাই। ন্যায়ালয়ে কৈছিল  যে তদন্তকাৰী সংস্থাটো কেতিয়াও  প্ৰতিশোধপৰায়ণ  হ'ব নালাগে।শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই মহানগৰীৰ হোটেল লিলিত অনুষ্ঠিত কৰা এখন সংবাদমেলত এই বুলি  অভিযোগ কৰিছে যে  ২০১৯ চনৰ পৰা বৰ্তমানলৈকে বিগত চাৰি বছৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চি বি আই আৰু ই ডিয়ে দেশৰ বিভিন্ন বিৰোধী দলৰ ১২৯ জন নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

কিন্তু বিভিন্ন অভিযোগেৰে পোত যোৱা  এজনো বিজেপি নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে  অডি-চিবিআইয়ে এটাও গোচৰ ৰুজু কৰা নাই বুলি তেওঁ কয়।  সম্মিলিত বিৰোধী ঐক্যমঞ্চৰ তথ্য অনুসৰি বিগত চাৰি বছৰত চি বি আই আৰু ইডিয়ে কংগ্ৰেছৰ ২৪ জন, তৃণমূল কংগ্ৰেছৰ ৩৪ জন, এন চি পিৰ ১১ জন, শিৱসেনাৰ ৮ জন, ডি এম কে আৰু বি জে ডিৰ ৬ জনকৈ, আৰ জে ডিৰ ৫ জন, বি এছ পিৰ ৫ জন, সমাজবাদী পার্টিৰ ৫ জন, তেলেগু দেশম পার্টির ৫ জন, আম আদমি পাৰ্টিৰ ৪ জন, চি পি এমৰ ২ জন, টি আৰ এছৰ ১ জন, পি ডি পিৰ ২ জন, ৱাই এছ আৰ চি পিৰ ৩ জনকে ধৰি মুঠ ১২৯ জন বিৰোধী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কেৱল সেয়াই নহয়, ২০১৪ চনৰ পৰা ২০২৩ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা তদন্তকাৰী সংস্থাই দেশৰ বিৰোধী দলৰ মুঠ ৫৬ জন নেতাক সোধা- পোছা কৰা, গ্ৰেপ্তাৰ , নতুবা  ঘৰত তালাচী আদিৰো হাৰাশাস্তি কৰিছে বুলি বৰাই কয়।


তাৎপৰ্যপূৰ্ণভাৱে, শেহতীয়াকৈ কেইবাবাৰো ইডিৰ ভূমিকা সম্পৰ্কে নানান ধৰণৰ চৰ্চা চলিছে। বিৰোধীয়ে বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰে ইডিক ৰাজনৈতিক প্ৰতি হিংসাৰ পূৰণৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ইয়াৰ মাজতে  শীৰ্ষ ন্যায়ালয়ৰ পৰ্যৱেক্ষণ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

এক কথাত বহু নেতা, ব্যৱসায়ীৰ হৃদয়ত শেহতীয়াকৈ কঁপনি তোলা এট নাম হৈছে এনফোৰ্চমেণ্ট সঞ্চালকালয়, অৰ্থাৎ ইডি।  বিৰোধীয়ে যিটো সময়ত ইডিকে ধৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক বিজেপিয়ে স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰি অহা বুলি অভিযোগ কৰিছে, তেনে সময়তে ইডিৰ কাৰ্যকুশলতাকলৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে। কেন্দ্ৰীয় সংস্থাটোৱে সময়ে সময়ে যিমান তীব্ৰতাৰে অৰ্থনৈতিক দুৰ্নীতিৰ গোচৰ সমূহত জঁপিয়াই পৰে তাৰ তুনাত সংস্থাটোৱে লাভ কৰা সাফল্যৰ হাৰ তেনেই নগন্য। এই কথা বিৰোধীয়ে কোৱা কথা নহয়। এই কথা স্পষ্ট হৈ পৰিছে সংসদত খোদ চৰকাৰেই দাখিল কৰা তথ্যৰ পৰা।

বিগত বৰ্ষত  লোকসভাত এক লিখিত প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰই কৈছিল যে ইডিয়ে যোৱা ১৭ বছৰত মুঠ ৫,৪২২ টা বিত্তীয় দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে। কিন্তু ইমানবোৰ গোচৰত মাত্ৰ ২৩ জন লোকক দোষী সাব্যস্ত কৰা হৈছে।

বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছিল যে যোৱা ১০ বছৰৰ ভিতৰত  বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইনৰ (পিএমএলএ) অধীনত সৰ্বাধিক সংখ্যক গোচৰ ২০২০-২১ বিত্তীয় বৰ্ষতে পঞ্জীয়ন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কৈছিল "২০২২ চনৰ ৩১ মাৰ্চলৈকে ইডিয়ে বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইনৰ অধীনত মুঠ ৫,৪২২ টা গোচৰ ৰুজু কৰিছে। প্ৰায় ১,০৪,৭০২ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ পঞ্জীয়ন কৰা হৈছে। 


ইয়াৰ ভিতৰত ৯৯২ টা গোচৰত অভিযোগনামা  দাখিল কৰা হৈছে আৰু  ২৩ জন অভিযুক্তৰ পৰা মুঠ ৮৬৯.৩১  কোটি টকা উদ্ধাৰ কৰা হৈছে। লোকসভাত কেন্দ্ৰই দাখিল কৰা তথ্য অনুসৰি, ২০১২-১৩ বিত্তীয় বৰ্ষত পিএমএলএৰ অধীনত মুঠ ২২১ টা গোচৰ ৰুজু কৰা হৈছিল। ২০১৩-১৪ বৰ্ষত ২০৯ টা গোচৰ ৰুজু কৰা  হৈছিল। ২০২০-২১ বিত্তীয় বৰ্ষত গোচৰৰ সংখ্যা আছিল ৯৮১। আৰু ২০২১-'২২ বিত্তীয় বৰ্ষত গোচৰৰ সংখ্যা  ১,১৮০ লৈ বৃদ্ধি পাইছিল। ইয়াৰ লগতে, ইডিয়ে বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ আইন (এফএমএ)ৰ অধীনত  প্ৰায়৫,৫০০ বিত্তীয় দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে।

২০০২ চনত বিত্তীয় প্ৰৱঞ্চনা বিৰোধী আইন গ্ৰহণ কৰা হয়। আইনখন ২০০৫ চনত কাৰ্যকৰী হৈছিল। মুখ্যতঃ, আন্তৰ্জাতিক ড্ৰাগছ আৰু ধনৰ অবৈধ সৰবৰাহ  প্ৰতিৰোধ কৰিবলৈ এই আইনখন অনা হৈছিল।  আইনখন কাৰ্যকৰী হোৱাৰ পিছত কেইবাটাও সংশোধন কৰা হৈছে।

ইমানৰ পিছতো ইডিয়ে  বিত্তীয় জালিয়াতিৰ হাজাৰ হাজাৰ গোচৰ ৰুজু কৰিও বছৰৰ পিছত বছৰ ধৰি মাত্ৰ ২৩ জন লোককহে দোষী সাৱস্ত্য কৰিব পৰাৰ কথাই সংস্থাটোৰ পৰিচালনা তথা কাৰ্য দক্ষতাৰ বিষয়ত সন্দেহৰ সৃষ্টি কৰা বুলি বহুতে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ