--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্থ শৰীৰৰ বাবে যিদৰে সুষম আহাৰৰ প্ৰয়োজন হয় ঠিক তেনেদৰে শৰীৰক সক্ৰিয় কৰি ৰাখিবলৈ নিতৌ ভাল টোপনিৰো প্ৰয়োজন হয়। সেইবাবে টোপনি যাতে সদায় ভালদৰে মাৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। পৰিবেশ অনুকূল নহ'লে মানুহে ভালদৰে টোপনি মাৰিব নোৱাৰে। 

সেইবাবে টোপনিৰ বাবে এক সুন্দৰ পৰিবেশ গঢ়ি তোলাটো অতি প্রয়োজনীয় কথা। যদি সুন্দৰভাৱে টোপনি মাৰিব পৰা নাযায় তেন্তে বিভিন্ন ৰোগে অকালতে মানুহক আক্ৰমণ কৰিব পাৰে। বাস্তু শাস্ত্রই সেয়ে টোপনিৰ বিষয়টোত অধিক গুৰুত্ব দিছে। ক'ৰবাত শুলেই টোপনি আহিব যদিও সেই টোপনি মানুহজনৰ বাবে কিমান উপকাৰী সেয়া টোপনি মৰা স্থানৰ ওপৰতো নিৰ্ভৰ কৰে।

 বাস্তুশাস্ত্রই সেয়ে টোপনি মৰাৰ কেতবোৰ বিধি বান্ধি দিছে। বাস্তুশাস্ত্ৰৰ মতে উত্তৰ নাইবা পশ্চিম দিশে মূৰ থৈ কেতিয়াও শুব নালাগে। উত্তৰ অথবা পশ্চিম দিশে মূৰ থৈ শুলে আয়ুস ক্ষয় হয়। সদায় দক্ষিণ অথবা পূব দিশে মূৰ থৈ শুব লাগে। 

পূব দিশে মূৰ থৈ শোৱাসকলৰ বিদ্যা বৃদ্ধি পায়। দক্ষিণ দিশে মূৰ থৈ শুলে অর্থ আৰু আয়ুস বৃদ্ধি পায়। উত্তৰ দিশে মূৰ থৈ শুলে ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সৃষ্টি হয়। সেয়ে বাস্তুশাস্ত্ৰই দিয়া বিধান অনুসৰি শুলে সুফল পোৱা যায় বুলি বহুতে কয়৷ সেয়ে বাস্তুৰ বিধান অনুসৰি শোৱাৰ ব্যৱস্থা কৰিলে সুফল নিশ্চয়কৈ পাব। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement