--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰৰ মতে ঘৰ এখন সজাই তুলিলে সুখ -সম্পদ বৃদ্ধি পায়।  দৰাচলতে বাস্তু শাস্ত্ৰই মানুহক সুখৰ সন্ধান কিদৰে কৰিব পাৰি তাৰেই বিধি দিছে। তেনে নিয়মসমূহ মানি চলিব পাৰিলেই সুখ বৃদ্ধি পাব পাৰে। ঘৰৰ দুৱাৰসমূহ উত্তৰ আৰু পূবত থকা সংখ্যাতকৈ দক্ষিণ আৰু পশ্চিমৰ সংখ্যা যেন কম হয়, সেই কথালৈ মন কৰিব।

ঘৰৰ ভিতৰৰ চাৰিওটা কোণ কিছু খালীকৈ ৰাখিব। যাতে ঘৰৰ চাৰিওটা কোণত মানুহে সহজে খোজকাঢ়ি থাকিব পাৰে।

ঘৰৰ উত্তৰ-পূব দিশত ৰেলিংযুক্ত চিৰি নাৰাখিব।

ঘৰত কিমানটা আলমাৰী ৰাখিব তাৰ কোনো নির্দিষ্ট সংখ্যা নাই। কিন্তু আলমাৰীসমূহ যাতে উত্তৰ বা পূব কোণত স্থাপন কৰা হয়, সেই কথাৰ প্ৰতি মন দিব।

মাটিৰ তলত কোনো কুঁৱা, জলাধাৰ আদি নিৰ্মাণ কৰিব লগা হ'লে সেয়া উত্তৰ-পূৰ, উত্তৰ বা পূব দিশে নিৰ্মাণ কৰিব।

ঘৰৰ ছেফটি টেংক কেতিয়াও উত্তৰ-পূব দিশত নিৰ্মাণ নকৰিব ঘৰৰ দক্ষিণ-পশ্চিম অংশত যদি কোনো জলাশয় থাকে তেন্তে সেই জলাশয় যাতে চকুত হঠাতে নপৰে তাৰ বাবে আৱৰণৰ ব্যৱস্থা কৰিব। যদি ঘৰৰ শোৱনি কোঠা উত্তৰ-পূব দিশত হয় তেন্তে তাত দেৱ-দেৱীৰ ছবি ৰাখিব। লগতে শুভ চিনো আঁৰি ৰাখিব পাৰে।

ঘৰৰ অতিথিয়ে বহিব পৰা কোঠা উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে।

শোৱাৰ সময়ত সদায় মূৰ দক্ষিণ বা পূব দিশে ৰাখিব লাগে।

পঢ়া-শুনা কৰা কোঠা ঘৰৰ দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব লাগে।

ঘৰৰ প্ৰৱেশদ্বাৰ যেন খুব ডাঙৰ অথবা খুব সৰু নহয় তাৰ প্ৰতি মন দিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰ ছয় ফুট × তিনি ফুট জোখৰ হ'ব লাগে। 

যি স্থানত ঘৰ সজা হয় সেই মাটিৰ পৰা যেন কেতিয়াও দুর্গন্ধ নোলায় সেই কথাৰ প্ৰতি মন দিব লাগে।

ঘৰৰ কাম কৰা লোকসকলৰ বাবে থকা কোঠা উত্তৰ পশ্চিম বা দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে।

ঘৰৰ বেলকনি দক্ষিণ বা পশ্চিম দিশত স্থাপন কৰিব নালাগে।

ঘৰৰ বাৰাণ্ডা সদায় উত্তৰ, পূব আৰু উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব লাগে। ঘৰৰ দক্ষিণ-পূব দিশত কোনো খালী ঠাই এৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ