--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত তুলসীক পূজনীয় বুলি গণ্য কৰা হয়। এই উদ্ভিদ ভগৱান বিষ্ণুৰ অতি প্ৰিয়। কোৱা হয় যে যি ঘৰত নিয়মিতভাৱে তুলসী গছ পূজা কৰা হয়, সেই ঘৰত সদায় সুখ আৰু সমৃদ্ধি থাকে। বাস্তুতো তুলসীক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। তুলসী উদ্ভিদে ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তিক প্ৰসাৰিত কৰে। 

তুলসীক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয় যদিও ঘৰত ভালদৰে ৰখা নহ’লে শুভ ফল পোৱা নাযায়। এনে অৱস্থাত যদি আপোনাৰ ঘৰত তুলসী গছ ৰোপণ কৰা হৈছে, তেন্তে কেইটামান কথা মনত ৰাখিব। ঘৰতে তুলসী গছ ৰখাৰ শুদ্ধ নিয়ম জানো আহক...

তুলসী গছ কেতিয়াও ঘৰৰ দক্ষিণ দিশত ৰাখিব নালাগে, কাৰণ এই দিশটো পূৰ্বপুৰুষ আৰু যমৰাজৰ বুলি ধৰা হয়। বাস্তু শাস্ত্ৰৰ মতে তুলসী উদ্ভিদ ৰখাৰ সৰ্বোত্তম দিশটো হ’ল উত্তৰ-পূব।

তুলসী গছ সদায় সূৰ্যৰ পোহৰ থকা ঠাইত ৰাখিব লাগে। যদি আপোনাৰ ঘৰৰ আন্ধাৰ কোণত বা পোহৰ নপৰা ঠাইত তুলসী গছ ৰখা হয়, তেন্তে ইয়াক ভাল বুলি গণ্য কৰা নহয়।

কিছুমান মানুহে মাটিতে তুলসী গছ ৰোপণ কৰে, কিন্তু এনে কৰা উচিত নহয়। তুলসী গছ মাটিৰ পৰা সদায় ওপৰত থাকিব লাগে।  তুলসী গছ এজোপা পাত্ৰত ৰোপণ কৰাটো সদায় শুভ বুলি গণ্য কৰা হয়। পকাৰে চিৰস্থায়ী ভেটি বনাই লব পাৰি বা মাটিত ৰোলেও মাটিৰ ভেটি বনাই লব লাগে।

তুলসী গছৰ আশে-পাশে সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। জোতা, চপ্পল, লেতেৰা কাপোৰ বা ঝাড়ু আদি তাৰ ওচৰত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও তুলসী সদায় কেৱল পৰিষ্কাৰ হাতেৰেহে স্পৰ্শ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক