--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনটো ভালদৰে চলাবলৈ বাস্তুশাস্ত্ৰত বহুতো উপায়ৰ কথা উল্লেখ আছে। নিজৰ জীৱনত তথা পৰিয়ালত সুখ, সমৃদ্ধি আৰু শান্তি বজাই ৰাখিবলৈ প্ৰতিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে। যাতে নিজৰ আৰু পৰিয়ালৰ সদস্যৰ জীৱন সুখী হৈ উঠিব পাৰে। কিন্তু বহু সময়ত মানুহৰ সকলো কষ্ট অথলে যায় যদিহে ভাগ্য লগত নাথাকে। ভাগ্যই সংগ নিদিলে ব্যক্তিজনে ধনৰ ক্ষতি, ধনৰ সংকট আদিৰ সন্মুখীন হ’বলগীয়া হয়। লাহে লাহে মানুহজন ঋণৰ বোজাত পুত খাবলৈ আৰম্ভ কৰে। এই সকলো কষ্টৰ পৰা হাত সাৰিবলৈ এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে, বহু ব্যৱস্থা গ্ৰহণ কৰে, ঈশ্বৰৰ নাম জপ কৰে। 

বাস্তুশাস্ত্ৰৰ মতে, ধনৰ অভাৱ আৰু আৰ্থিক সমস্যাৰ কাৰণ হ’ব পাৰে বাস্তুৰ দোষ আৰু ঘৰত গ্ৰহৰ বিসংগতি। এই দোষবোৰ আঁতৰাবলৈ কিছুমান সহজ প্ৰতিকাৰৰ কথা কোৱা হৈছে। এই সহজ প্ৰতিকাৰ যিকোনো ব্যক্তিয়ে অতি সহজে কৰিব পাৰে। ১ টকাৰ মুদ্ৰাৰে লোৱা কিছুমান ব্যৱস্থাই মানুহৰ জীৱনৰ পৰা আৰ্থিক সমস্যাবোৰ চিৰদিনৰ বাবে আঁতৰাই পঠিয়ায়। বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি কি উপায় গ্ৰহণ কৰিলে সুফল পাব পাৰি জানো আহক।

এটকা মুদ্ৰা এনেদৰে পাৰ্চত ৰাখকঃ যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিও আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰা নাই বা ভাল সুযোগ পোৱা নাই তেন্তে এই প্ৰতিকাৰ আপোনাৰ বাবে অতি উপকাৰী হ’ব পাৰে। ইয়াৰ বাবে পাৰ্চ বা পকেটত এটা এটকাৰ মুদ্ৰা আৰু ময়ুৰৰ পাখি ৰাখক। এনে কৰিলে জীৱনত অহা সকলো বাধা আঁতৰ হ’ব। আৰু কঠোৰ পৰিশ্ৰমৰ সুফল পাব।

বিপদৰ পৰা মুক্তি পাবলৈঃ বাস্তুশাস্ত্ৰ মতে যদি টকাৰ অভাৱে পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিছে, যদি ব্যক্তি এজনে নিৰন্তৰ লোকচানৰ সন্মুখীন হৈছে, তেন্তে চাউল আৰু এটকাৰ এই প্ৰতিকাৰে সকলো সমস্যাৰ অন্ত পেলাব পাৰে। চাউল আৰু এটকীয়া মুদ্ৰা এটা পাত্ৰত লৈ মন্দিৰলৈ যাওক। আৰু ভগৱানৰ সন্মুখত প্ৰাৰ্থনা কৰি মন্দিৰৰ এটা চুকত চাউল আৰু এটা মুদ্ৰা থৈ দিব। পূজাৰ পিছত এই চাউল আৰু এটকীয়া মুদ্ৰা যিকোনো ব্যক্তিক দান কৰিব পাৰিব। এনে কৰিলে সমস্যা দূৰ হয়।

দৰিদ্ৰতাৰ পৰা মুক্ত হ’বলৈঃ যদি কোনো ব্যক্তি টকাৰ সমস্যাত পৰিছে আৰু আৰ্থিক সংকটৰ সন্মুখীন হৈছে তেন্তে সন্ধিয়া ঘৰৰ মূল দুৱাৰত নিয়মিতভাৱে চাৰিমুখী ঘিউৰ চাকি জ্বলাই দিয়াটো লাভজনক। এই চাকিত এটকা মুদ্ৰা ৰাখক। এনে কৰিলে ঘৰৰ ঋণাত্মক শক্তি আঁতৰি যায় আৰু মাতৃ লক্ষ্মীয়ে ঘৰত বাস কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ