--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি প্ৰায় শুনা পাওঁ যে মূৰৰ বিষ হ’লেই বহু লোকে Disprinজাতীয় দৰব খায়। এই দৰববিধ প্ৰায় ১২৫ বছৰ আগতে বিকশিত কৰা এছপিৰিনৰ এটা পৰিৱৰ্তিত ৰূপ। মূৰৰ বিষত এই ঔষধ অতি ফলপ্ৰসূ বুলি বিশ্বাস কৰা হয়। কিন্তু আপুনি জানেনে যে এনেধৰণৰ দৰব সেৱনৰ ফলত শৰীৰত আৰু বহুতো পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। এনেধৰণৰ দৰব দীৰ্ঘ সময় ধৰি সেৱন কৰিলে শৰীৰৰ বাবে বিপজ্জনক হ’ব পাৰে...জানো আহক।

 কেনেদৰে পাৰ্শ্বক্ৰিয়া কৰে?

Disprinজাতীয় দৰব তেজৰ বাবে অতি বিপদজনক। এই ঔষধ অতিমাত্ৰা ব্যৱহাৰ কৰিলে তেজ পাতল হ’ব পাৰে আৰু পাচনতন্ত্ৰতো ইয়াৰ প্ৰভাৱ পেলাব পাৰে। সেয়েহে ডাক্তৰৰ পৰামৰ্শ অবিহনে এনে দৰব গ্ৰহণৰ পৰা বিৰত থকা উচিত। আনহাতে, ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যনৰ চিকিৎসা সঞ্চালক অধ্যাপক পিটাৰৰ মতে দৈনিক এনে দৰব খোৱা লোকৰ পেটৰ বিষ, বমি আৰু বদহজমৰ দৰে সমস্যা অধিক হোৱা দেখা যায়।

কিছুমান ক্ষেত্ৰত উপকাৰী-

বিশ্বাস কৰা হয় যে এই দৰবে কেৱল মূৰৰ বিষ নিৰাময় কৰে... কিন্তু সেয়া নহয় ইয়াৰ গুণ... মূৰৰ বিষৰ উপৰি ই শৰীৰৰ অন্য স্থানৰ বিষ, হাৰ্ট এটেক, মাইগ্ৰেইন, ষ্ট্ৰোক আদি ৰোগ নিৰাময় কৰিব পাৰে। জ্বৰ আৰু ব্ৰণৰ চিকিৎসাতো চিকিৎসকৰ পৰামৰ্শ মতে এই ঔষধ সেৱন কৰা হয়। আচলতে ই এক প্ৰদাহহীন ঔষধ যিটো বিষ আৰু ফুলা কমোৱাৰ বাবেও ব্যৱহাৰ কৰা হয়। বহু সময়ত চিকিৎসকে হাৰ্ট এটেকৰ দৰে গুৰুতৰ ৰোগৰ মাজেৰে পাৰ হৈ যোৱা লোকসকলক এই ঔষধ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

প্ৰতিদিনে এই দৰব খোৱাৰ পৰা বিৰত থাকক-

এইবোৰ দৰব NSAIDৰ অধীনত আহে। যদি আপুনি এই ঔষধ নিয়মিতভাৱে খায় তেন্তে ই আপোনাৰ ৰক্তচাপ বৃদ্ধি কৰে। ইয়াৰ লগতে যদি গৰ্ভৱতী মহিলাই এই ঔষধ দৈনিক সেৱন কৰি আছে, তেন্তে ইয়াৰ গুৰুতৰ প্ৰভাৱ তেওঁলোকৰ শিশুৰ ওপৰতো পৰা দেখা যায়। যিসকল মহিলাই স্তনপান কৰাই আছে তেওঁলোকে এনেধৰণৰ দৰব গ্ৰহণ কৰা অনুচিত। আনহাতে যদি আপুনি হাঁপানী, ৰেইজ চিনড্ৰম আৰু গাউটৰ দৰে সমস্যাত ভুগি আছে, তেন্তে আপুনি কেৱল চিকিৎসকৰ পৰামৰ্শ অনুসৰিহেএনে দৰব গ্ৰহণ কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ