--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি প্ৰায় শুনা পাওঁ যে মূৰৰ বিষ হ’লেই বহু লোকে Disprinজাতীয় দৰব খায়। এই দৰববিধ প্ৰায় ১২৫ বছৰ আগতে বিকশিত কৰা এছপিৰিনৰ এটা পৰিৱৰ্তিত ৰূপ। মূৰৰ বিষত এই ঔষধ অতি ফলপ্ৰসূ বুলি বিশ্বাস কৰা হয়। কিন্তু আপুনি জানেনে যে এনেধৰণৰ দৰব সেৱনৰ ফলত শৰীৰত আৰু বহুতো পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। এনেধৰণৰ দৰব দীৰ্ঘ সময় ধৰি সেৱন কৰিলে শৰীৰৰ বাবে বিপজ্জনক হ’ব পাৰে...জানো আহক।

 কেনেদৰে পাৰ্শ্বক্ৰিয়া কৰে?

Disprinজাতীয় দৰব তেজৰ বাবে অতি বিপদজনক। এই ঔষধ অতিমাত্ৰা ব্যৱহাৰ কৰিলে তেজ পাতল হ’ব পাৰে আৰু পাচনতন্ত্ৰতো ইয়াৰ প্ৰভাৱ পেলাব পাৰে। সেয়েহে ডাক্তৰৰ পৰামৰ্শ অবিহনে এনে দৰব গ্ৰহণৰ পৰা বিৰত থকা উচিত। আনহাতে, ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যনৰ চিকিৎসা সঞ্চালক অধ্যাপক পিটাৰৰ মতে দৈনিক এনে দৰব খোৱা লোকৰ পেটৰ বিষ, বমি আৰু বদহজমৰ দৰে সমস্যা অধিক হোৱা দেখা যায়।

কিছুমান ক্ষেত্ৰত উপকাৰী-

বিশ্বাস কৰা হয় যে এই দৰবে কেৱল মূৰৰ বিষ নিৰাময় কৰে... কিন্তু সেয়া নহয় ইয়াৰ গুণ... মূৰৰ বিষৰ উপৰি ই শৰীৰৰ অন্য স্থানৰ বিষ, হাৰ্ট এটেক, মাইগ্ৰেইন, ষ্ট্ৰোক আদি ৰোগ নিৰাময় কৰিব পাৰে। জ্বৰ আৰু ব্ৰণৰ চিকিৎসাতো চিকিৎসকৰ পৰামৰ্শ মতে এই ঔষধ সেৱন কৰা হয়। আচলতে ই এক প্ৰদাহহীন ঔষধ যিটো বিষ আৰু ফুলা কমোৱাৰ বাবেও ব্যৱহাৰ কৰা হয়। বহু সময়ত চিকিৎসকে হাৰ্ট এটেকৰ দৰে গুৰুতৰ ৰোগৰ মাজেৰে পাৰ হৈ যোৱা লোকসকলক এই ঔষধ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

প্ৰতিদিনে এই দৰব খোৱাৰ পৰা বিৰত থাকক-

এইবোৰ দৰব NSAIDৰ অধীনত আহে। যদি আপুনি এই ঔষধ নিয়মিতভাৱে খায় তেন্তে ই আপোনাৰ ৰক্তচাপ বৃদ্ধি কৰে। ইয়াৰ লগতে যদি গৰ্ভৱতী মহিলাই এই ঔষধ দৈনিক সেৱন কৰি আছে, তেন্তে ইয়াৰ গুৰুতৰ প্ৰভাৱ তেওঁলোকৰ শিশুৰ ওপৰতো পৰা দেখা যায়। যিসকল মহিলাই স্তনপান কৰাই আছে তেওঁলোকে এনেধৰণৰ দৰব গ্ৰহণ কৰা অনুচিত। আনহাতে যদি আপুনি হাঁপানী, ৰেইজ চিনড্ৰম আৰু গাউটৰ দৰে সমস্যাত ভুগি আছে, তেন্তে আপুনি কেৱল চিকিৎসকৰ পৰামৰ্শ অনুসৰিহেএনে দৰব গ্ৰহণ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত