--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ জীৱনত তথা পৰিয়ালত সুখ, সমৃদ্ধি আৰু শান্তি বজাই ৰাখিবলৈ প্ৰতিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে। যাতে নিজৰ আৰু পৰিয়ালৰ সদস্যৰ জীৱন সুখী হৈ উঠিব পাৰে। কিন্তু বহু সময়ত মানুহৰ সকলো কষ্ট অথলে যায় যদিহে ভাগ্য লগত নাথাকে। ভাগ্যই সংগ নিদিলে ব্যক্তিজনে ধনৰ ক্ষতি, ধনৰ সংকট আদিৰ সন্মুখীন হ’বলগীয়া হয়। লাহে লাহে মানুহজন ঋণৰ বোজাত পুত খাবলৈ আৰম্ভ কৰে। এই সকলো কষ্টৰ পৰা হাত সাৰিবলৈ এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে, বহু ব্যৱস্থা গ্ৰহণ কৰে, ঈশ্বৰৰ নাম জপ কৰে। 

জ্যোতিষৰ মতে, ধনৰ অভাৱ আৰু আৰ্থিক সমস্যাৰ কাৰণ হ’ব পাৰে বাস্তুৰ দোষ আৰু ঘৰত গ্ৰহৰ বিসংগতি। এই দোষবোৰ আঁতৰাবলৈ কিছুমান সহজ প্ৰতিকাৰৰ কথা কোৱা হৈছে। এই সহজ প্ৰতিকাৰ যিকোনো ব্যক্তিয়ে অতি সহজে কৰিব পাৰে। ১ টকাৰ মুদ্ৰাৰে লোৱা কিছুমান ব্যৱস্থাই মানুহৰ জীৱনৰ পৰা আৰ্থিক সমস্যাবোৰ চিৰদিনৰ বাবে আঁতৰাই পঠিয়ায়। বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি কি উপায় গ্ৰহণ কৰিলে সুফল পাব পাৰি জানো আহক।

এটকা মুদ্ৰা এনেদৰে পাৰ্চত ৰাখকঃ যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিও আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰা নাই বা ভাল সুযোগ পোৱা নাই তেন্তে এই প্ৰতিকাৰ আপোনাৰ বাবে অতি উপকাৰী হ’ব পাৰে। ইয়াৰ বাবে পাৰ্চ বা পকেটত এটা এটকাৰ মুদ্ৰা আৰু ময়ুৰৰ পাখি ৰাখক। এনে কৰিলে জীৱনত অহা সকলো বাধা আঁতৰ হ’ব। আৰু কঠোৰ পৰিশ্ৰমৰ সুফল পাব।

বিপদৰ পৰা মুক্তি পাবলৈঃ বাস্তুশাস্ত্ৰ মতে যদি টকাৰ অভাৱে পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিছে, যদি ব্যক্তি এজনে নিৰন্তৰ লোকচানৰ সন্মুখীন হৈছে, তেন্তে চাউল আৰু এটকাৰ এই প্ৰতিকাৰে সকলো সমস্যাৰ অন্ত পেলাব পাৰে। চাউল আৰু এটকীয়া মুদ্ৰা এটা পাত্ৰত লৈ মন্দিৰলৈ যাওক। আৰু ভগৱানৰ সন্মুখত প্ৰাৰ্থনা কৰি মন্দিৰৰ এটা চুকত চাউল আৰু এটা মুদ্ৰা থৈ দিব। পূজাৰ পিছত এই চাউল আৰু এটকীয়া মুদ্ৰা যিকোনো ব্যক্তিক দান কৰিব পাৰিব। এনে কৰিলে সমস্যা দূৰ হয়।

দৰিদ্ৰতাৰ পৰা মুক্ত হ’বলৈঃ যদি কোনো ব্যক্তি টকাৰ সমস্যাত পৰিছে আৰু আৰ্থিক সংকটৰ সন্মুখীন হৈছে তেন্তে সন্ধিয়া ঘৰৰ মূল দুৱাৰত নিয়মিতভাৱে চাৰিমুখী ঘিউৰ চাকি জ্বলাই দিয়াটো লাভজনক। এই চাকিত এটকা মুদ্ৰা ৰাখক। এনে কৰিলে ঘৰৰ ঋণাত্মক শক্তি আঁতৰি যায় আৰু মাতৃ লক্ষ্মীয়ে ঘৰত বাস কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন