--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ জীৱনত তথা পৰিয়ালত সুখ, সমৃদ্ধি আৰু শান্তি বজাই ৰাখিবলৈ প্ৰতিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে। যাতে নিজৰ আৰু পৰিয়ালৰ সদস্যৰ জীৱন সুখী হৈ উঠিব পাৰে। কিন্তু বহু সময়ত মানুহৰ সকলো কষ্ট অথলে যায় যদিহে ভাগ্য লগত নাথাকে। ভাগ্যই সংগ নিদিলে ব্যক্তিজনে ধনৰ ক্ষতি, ধনৰ সংকট আদিৰ সন্মুখীন হ’বলগীয়া হয়। লাহে লাহে মানুহজন ঋণৰ বোজাত পুত খাবলৈ আৰম্ভ কৰে। এই সকলো কষ্টৰ পৰা হাত সাৰিবলৈ এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে, বহু ব্যৱস্থা গ্ৰহণ কৰে, ঈশ্বৰৰ নাম জপ কৰে। 

জ্যোতিষৰ মতে, ধনৰ অভাৱ আৰু আৰ্থিক সমস্যাৰ কাৰণ হ’ব পাৰে বাস্তুৰ দোষ আৰু ঘৰত গ্ৰহৰ বিসংগতি। এই দোষবোৰ আঁতৰাবলৈ কিছুমান সহজ প্ৰতিকাৰৰ কথা কোৱা হৈছে। এই সহজ প্ৰতিকাৰ যিকোনো ব্যক্তিয়ে অতি সহজে কৰিব পাৰে। ১ টকাৰ মুদ্ৰাৰে লোৱা কিছুমান ব্যৱস্থাই মানুহৰ জীৱনৰ পৰা আৰ্থিক সমস্যাবোৰ চিৰদিনৰ বাবে আঁতৰাই পঠিয়ায়। বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি কি উপায় গ্ৰহণ কৰিলে সুফল পাব পাৰি জানো আহক।

এটকা মুদ্ৰা এনেদৰে পাৰ্চত ৰাখকঃ যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিও আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰা নাই বা ভাল সুযোগ পোৱা নাই তেন্তে এই প্ৰতিকাৰ আপোনাৰ বাবে অতি উপকাৰী হ’ব পাৰে। ইয়াৰ বাবে পাৰ্চ বা পকেটত এটা এটকাৰ মুদ্ৰা আৰু ময়ুৰৰ পাখি ৰাখক। এনে কৰিলে জীৱনত অহা সকলো বাধা আঁতৰ হ’ব। আৰু কঠোৰ পৰিশ্ৰমৰ সুফল পাব।

বিপদৰ পৰা মুক্তি পাবলৈঃ বাস্তুশাস্ত্ৰ মতে যদি টকাৰ অভাৱে পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিছে, যদি ব্যক্তি এজনে নিৰন্তৰ লোকচানৰ সন্মুখীন হৈছে, তেন্তে চাউল আৰু এটকাৰ এই প্ৰতিকাৰে সকলো সমস্যাৰ অন্ত পেলাব পাৰে। চাউল আৰু এটকীয়া মুদ্ৰা এটা পাত্ৰত লৈ মন্দিৰলৈ যাওক। আৰু ভগৱানৰ সন্মুখত প্ৰাৰ্থনা কৰি মন্দিৰৰ এটা চুকত চাউল আৰু এটা মুদ্ৰা থৈ দিব। পূজাৰ পিছত এই চাউল আৰু এটকীয়া মুদ্ৰা যিকোনো ব্যক্তিক দান কৰিব পাৰিব। এনে কৰিলে সমস্যা দূৰ হয়।

দৰিদ্ৰতাৰ পৰা মুক্ত হ’বলৈঃ যদি কোনো ব্যক্তি টকাৰ সমস্যাত পৰিছে আৰু আৰ্থিক সংকটৰ সন্মুখীন হৈছে তেন্তে সন্ধিয়া ঘৰৰ মূল দুৱাৰত নিয়মিতভাৱে চাৰিমুখী ঘিউৰ চাকি জ্বলাই দিয়াটো লাভজনক। এই চাকিত এটকা মুদ্ৰা ৰাখক। এনে কৰিলে ঘৰৰ ঋণাত্মক শক্তি আঁতৰি যায় আৰু মাতৃ লক্ষ্মীয়ে ঘৰত বাস কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ