--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে এতিয়া বাস্তুশাস্ত্ৰই বিশেষ গুৰুত্ব লাভ কৰিছে। এককথাত ক'বলৈ গ'লে বাস্তু হৈছে এক বিজ্ঞান। বাস্তুৰ বিধান অনুসৰি ঘৰৰ সজ্জা হ'লে বহু সুফল পোৱা যায়। গৃহ নিৰ্মাণ আৰু গৃহসজ্জাৰ সৈতে জড়িত বিশ্বাসবোৰৰ ভিতৰত বাস্তুশাস্ত্ৰই গোটেই বিশ্বৰ মানুহৰ ওচৰত গুৰুত্ব লাভ কৰি আহিছে। এই শাস্ত্ৰৰ বিচাৰত গৃহ আৰু তাৰ অংশবোৰৰ বিভিন্ন দিশীয় অৱস্থান অতি গুৰুত্বপূৰ্ণ।

শেহতীয়াকৈ বাস্তুশাস্ত্ৰীয় প্ৰভাৱ সফল দাম্পত্য জীৱন আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমৰ ওপৰতো আছে বুলি দাবী কৰিছে বাস্তুশাস্ত্ৰ বিশেষজ্ঞসকলে। দাম্পত্য আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমক নতুন মাত্ৰা দিয়াত শোৱনি কোঠা, বিছনাৰ অৱস্থান, বিছনা চাদৰ, পোহৰ, আইনা আদিয়ে ভূমিকা লয় বুলি বিশেষজ্ঞসকলৰ দাবী।

বাস্তুশাস্ত্ৰৰ মতে শোৱনি কোঠা আহল-বহল হোৱা উচিত আৰু ই ঘৰটোৰ দক্ষিণ-পশ্চিম দিশত থকা উচিত। ই প্ৰেম আৰু সম্পৰ্কৰ বান্ধোন মজবুত কৰে বুলি দাবী। শোৱনি কোঠা সদায়ে চাৰি চুকীয়া হোৱা উচিত আৰু ইয়াৰ পূব দিশটো আৱৰ্জনা আৰু বিশৃংখলাৰ পৰা মুক্ত হোৱা উচিত।

সেইদৰে বিছনাখন আৰামদায়ক আৰু একেই দক্ষিণ-পশ্চিম দিশত হোৱা উচিত।

শোৱনি কোঠা আৰু বিছনা চাদৰৰ ৰঙে বহুখিনি প্ৰভাৱ পেলায়। ৰঙা ৰং প্ৰেমৰ প্ৰতীক। কিন্তু অতি টিকটিকীয়া ৰঙা ভাল নহয়। পাতল নীলাও ল’ব পাৰি।

ভৰিৰ  ফালে কেতিয়াও আইনা ৰাখিব নালাগে আৰু ৰাখিলেও কাপোৰেৰে ঢাকি ৰাখিব লাগে।

পোহৰ মৃদু আৰু ৰোমাণ্টিক কৰিবৰ বাবে মমবাতি নিৰ্বাচন কৰিব পাৰে।

 শোৱনি কোঠাত  জীৱ-জন্তুৰ ছবি ৰাখিব নালাগে।এনে ছবিয়ে মনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। মুঠৰ ওপৰত শোৱনি কোঠাতো বাস্তুৰ মতে সজালে দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত  প্ৰেম,  যৌনতা শক্তিশালী  হৈ উঠিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু