--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে এতিয়া বাস্তুশাস্ত্ৰই বিশেষ গুৰুত্ব লাভ কৰিছে। এককথাত ক'বলৈ গ'লে বাস্তু হৈছে এক বিজ্ঞান। বাস্তুৰ বিধান অনুসৰি ঘৰৰ সজ্জা হ'লে বহু সুফল পোৱা যায়। গৃহ নিৰ্মাণ আৰু গৃহসজ্জাৰ সৈতে জড়িত বিশ্বাসবোৰৰ ভিতৰত বাস্তুশাস্ত্ৰই গোটেই বিশ্বৰ মানুহৰ ওচৰত গুৰুত্ব লাভ কৰি আহিছে। এই শাস্ত্ৰৰ বিচাৰত গৃহ আৰু তাৰ অংশবোৰৰ বিভিন্ন দিশীয় অৱস্থান অতি গুৰুত্বপূৰ্ণ।

শেহতীয়াকৈ বাস্তুশাস্ত্ৰীয় প্ৰভাৱ সফল দাম্পত্য জীৱন আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমৰ ওপৰতো আছে বুলি দাবী কৰিছে বাস্তুশাস্ত্ৰ বিশেষজ্ঞসকলে। দাম্পত্য আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমক নতুন মাত্ৰা দিয়াত শোৱনি কোঠা, বিছনাৰ অৱস্থান, বিছনা চাদৰ, পোহৰ, আইনা আদিয়ে ভূমিকা লয় বুলি বিশেষজ্ঞসকলৰ দাবী।

বাস্তুশাস্ত্ৰৰ মতে শোৱনি কোঠা আহল-বহল হোৱা উচিত আৰু ই ঘৰটোৰ দক্ষিণ-পশ্চিম দিশত থকা উচিত। ই প্ৰেম আৰু সম্পৰ্কৰ বান্ধোন মজবুত কৰে বুলি দাবী। শোৱনি কোঠা সদায়ে চাৰি চুকীয়া হোৱা উচিত আৰু ইয়াৰ পূব দিশটো আৱৰ্জনা আৰু বিশৃংখলাৰ পৰা মুক্ত হোৱা উচিত।

সেইদৰে বিছনাখন আৰামদায়ক আৰু একেই দক্ষিণ-পশ্চিম দিশত হোৱা উচিত।

শোৱনি কোঠা আৰু বিছনা চাদৰৰ ৰঙে বহুখিনি প্ৰভাৱ পেলায়। ৰঙা ৰং প্ৰেমৰ প্ৰতীক। কিন্তু অতি টিকটিকীয়া ৰঙা ভাল নহয়। পাতল নীলাও ল’ব পাৰি।

ভৰিৰ  ফালে কেতিয়াও আইনা ৰাখিব নালাগে আৰু ৰাখিলেও কাপোৰেৰে ঢাকি ৰাখিব লাগে।

পোহৰ মৃদু আৰু ৰোমাণ্টিক কৰিবৰ বাবে মমবাতি নিৰ্বাচন কৰিব পাৰে।

 শোৱনি কোঠাত  জীৱ-জন্তুৰ ছবি ৰাখিব নালাগে।এনে ছবিয়ে মনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। মুঠৰ ওপৰত শোৱনি কোঠাতো বাস্তুৰ মতে সজালে দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত  প্ৰেম,  যৌনতা শক্তিশালী  হৈ উঠিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক