--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰৰ মতে ঘৰত ব্যৱহৃত সকলো বস্তু সঠিক দিশত আৰু সঠিক ঠাইত ৰখাটো অতি প্ৰয়োজনীয়। যিকোনো বস্তু বাস্তুশাস্ত্ৰৰ মতে ৰাখিলেহে ফল দিয়ে। এখন ঘৰত বহুতো বস্তু থাকে, যিয়ে মানুহৰ জীৱনত ইতিবাচক আৰু নেতিবাচক শক্তি যোগান ধৰে। কিন্তু বাস্তুৰ নিয়ম মানি চলিলে নেতিবাচকতাকো ইতিবাচকতালৈ ৰূপান্তৰিত কৰিব পাৰি।

বাস্তু বিশেষজ্ঞসকলৰ মতে, ঘৰত ৰখা ছবিবোৰে মানুহৰ জীৱনতো শুভ বা অশুভ প্ৰভাৱ পেলায়। কোৱা হয় যে ঘৰত যুদ্ধপ্ৰিয় বা হিংসাত্মক জীৱ-জন্তু বা চৰাই-চিৰিকটিৰ ফটো ৰাখিলে ঘৰত ঋণাত্মক শক্তিৰ সঞ্চাৰ হয়। ইয়াৰ লগতে ঘৰত বাস্তু বিসংগতিৰ সৃষ্টি হ’বলৈ ধৰে আৰু ব্যক্তিজনৰ মানসিক আৰু শাৰীৰিক কুপ্ৰভাৱ দেখা যায়। আজি আমি জনাম কোনটো চৰাইৰ ফটো ঘৰত ৰাখিলে বিশেষভাৱে উপকাৰ হয়।

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ দক্ষিণ দিশত ফিনিক্স চৰাইৰ এখন ছবি ৰখাটো শুভ বুলি গণ্য কৰা হয়। ফিনিক্স চৰাইৰ ছবি ঘৰত ৰাখিলে ধনাত্মক শক্তিৰ বৃদ্ধি পায় আৰু ঋণাত্মক শক্তিৰ পৰা মুক্তি পায়। ঘৰৰ ড্ৰয়িং ৰূমৰ দক্ষিণ দিশত এই ছবি ৰাখিব লাগে। এনে কৰিলে ঘৰৰ সকলো সদস্যৰ চকু ইয়াৰ ওপৰত পৰিব আৰু এয়া সকলোৰে বাবে লাভজনক হ’ব। 

ফিনিক্স চৰাইয়ে অগ্নি, খ্যাতি আৰু প্ৰগতিক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হয়। বিশেষজ্ঞসকলৰ মতে প্ৰগতিৰ বাটত আহি থকা বাধাসমূহ আঁতৰাবলৈ আৰু বাস্তুৰ দোষৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰত ফিনিক্স চৰাইৰ এখন ছবি ৰাখিলে অতি শুভ ফল পোৱা যায়। ঘৰত ফিনিক্স চৰাইৰ এখন ছবি ঘৰখনত ইতিবাচক শক্তি ভৰি পৰাৰ লগতে ঘৰৰ সদস্যসকলে নতুন শক্তি লাভ কৰে। মনত উদ্যম বাঢ়ে, এলাহ আঁতৰে, যাৰ ফলত মানুহে কাম কৰাৰ মন বান্ধি ল’ব পাৰে। সেয়েহে ইয়াক সফলতাৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু সেইবাবেই ইয়াক ঘৰত ৰাখিবলৈ পৰামৰ্শ দিয়ে বাস্তু বিশেষজ্ঞসকলে। ফিনিক্স পক্ষীয়ে জুইক প্ৰতিনিধিত্ব কৰা বাবে ই এজন ব্যক্তিৰ সফলতাৰ বাটত অহা বাধাবোৰ উফৰাই পেলাব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ