--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰৰ মতে ঘৰত ব্যৱহৃত সকলো বস্তু সঠিক দিশত আৰু সঠিক ঠাইত ৰখাটো অতি প্ৰয়োজনীয়। যিকোনো বস্তু বাস্তুশাস্ত্ৰৰ মতে ৰাখিলেহে ফল দিয়ে। এখন ঘৰত বহুতো বস্তু থাকে, যিয়ে মানুহৰ জীৱনত ইতিবাচক আৰু নেতিবাচক শক্তি যোগান ধৰে। কিন্তু বাস্তুৰ নিয়ম মানি চলিলে নেতিবাচকতাকো ইতিবাচকতালৈ ৰূপান্তৰিত কৰিব পাৰি।

বাস্তু বিশেষজ্ঞসকলৰ মতে, ঘৰত ৰখা ছবিবোৰে মানুহৰ জীৱনতো শুভ বা অশুভ প্ৰভাৱ পেলায়। কোৱা হয় যে ঘৰত যুদ্ধপ্ৰিয় বা হিংসাত্মক জীৱ-জন্তু বা চৰাই-চিৰিকটিৰ ফটো ৰাখিলে ঘৰত ঋণাত্মক শক্তিৰ সঞ্চাৰ হয়। ইয়াৰ লগতে ঘৰত বাস্তু বিসংগতিৰ সৃষ্টি হ’বলৈ ধৰে আৰু ব্যক্তিজনৰ মানসিক আৰু শাৰীৰিক কুপ্ৰভাৱ দেখা যায়। আজি আমি জনাম কোনটো চৰাইৰ ফটো ঘৰত ৰাখিলে বিশেষভাৱে উপকাৰ হয়।

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ দক্ষিণ দিশত ফিনিক্স চৰাইৰ এখন ছবি ৰখাটো শুভ বুলি গণ্য কৰা হয়। ফিনিক্স চৰাইৰ ছবি ঘৰত ৰাখিলে ধনাত্মক শক্তিৰ বৃদ্ধি পায় আৰু ঋণাত্মক শক্তিৰ পৰা মুক্তি পায়। ঘৰৰ ড্ৰয়িং ৰূমৰ দক্ষিণ দিশত এই ছবি ৰাখিব লাগে। এনে কৰিলে ঘৰৰ সকলো সদস্যৰ চকু ইয়াৰ ওপৰত পৰিব আৰু এয়া সকলোৰে বাবে লাভজনক হ’ব। 

ফিনিক্স চৰাইয়ে অগ্নি, খ্যাতি আৰু প্ৰগতিক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হয়। বিশেষজ্ঞসকলৰ মতে প্ৰগতিৰ বাটত আহি থকা বাধাসমূহ আঁতৰাবলৈ আৰু বাস্তুৰ দোষৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰত ফিনিক্স চৰাইৰ এখন ছবি ৰাখিলে অতি শুভ ফল পোৱা যায়। ঘৰত ফিনিক্স চৰাইৰ এখন ছবি ঘৰখনত ইতিবাচক শক্তি ভৰি পৰাৰ লগতে ঘৰৰ সদস্যসকলে নতুন শক্তি লাভ কৰে। মনত উদ্যম বাঢ়ে, এলাহ আঁতৰে, যাৰ ফলত মানুহে কাম কৰাৰ মন বান্ধি ল’ব পাৰে। সেয়েহে ইয়াক সফলতাৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু সেইবাবেই ইয়াক ঘৰত ৰাখিবলৈ পৰামৰ্শ দিয়ে বাস্তু বিশেষজ্ঞসকলে। ফিনিক্স পক্ষীয়ে জুইক প্ৰতিনিধিত্ব কৰা বাবে ই এজন ব্যক্তিৰ সফলতাৰ বাটত অহা বাধাবোৰ উফৰাই পেলাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?