--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখন সুন্দৰকৈ সজাবলৈ সকলোৱে ভাল পায়। আমাৰ ড্ৰয়িং ৰুমত বা বেড ৰুমত ধুনীয়া ধুনীয়া শ্ব’পিছ, ফটো বা কিছুমান ৰঙীন মৰমলগা বস্তু আমি ৰাখিবলৈ ভালপাওঁ। ঘৰখন সুন্দৰকৈ সজাই থলে দেখি ভাল লাগে। এই সকলোবোৰ বস্তু বাস্তুশাস্ত্ৰ অনুযায়ী ৰাখিলে ঘৰখনত ধনাত্মক শক্তিৰ সৃষ্টি হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰ সজাওতে এযোৰ উট আনিলে আপুনি বহু উপকৃত হ’ব।

উট কঠোৰ পৰিশ্ৰমৰ প্ৰতীক

ঘৰত যদি উটৰ প্ৰতিমূৰ্তি থাকে তেন্তে সেয়া শুভ বুলি বিশ্বাস কৰা হয়। ই কৰ্মক্ষেত্ৰত প্ৰগতি আনে আৰু সফলতাৰ পথ মুকলি কৰে। উটে অক্লান্তভাৱে কাম কৰে, গতিকে উটক পৰিশ্ৰমৰ প্ৰতীক বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰই কয় যে ঘৰত এযোৰ উটৰ মূৰ্তি ৰাখিলে কেৰিয়াৰত সফলতা পোৱা যায় আৰু টকাৰ লগত জড়িত সমস্যাবোৰো সমাধান হয়।

ইয়াক ৰখাৰ সঠিক দিশ কি?

দুটা উটৰ মূৰ্তি ড্ৰয়িং ৰূম বা বহা কোঠাত উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে। তেতিয়া উপকাৰী ফল লাভ হ’ব।

কোনো আৰ্থিক সংকট নহয়

বাস্তুশাস্ত্ৰই কৈছে যে ঘৰত উটৰ মূৰ্তি ৰাখিলে ঘৰৰ অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ পৰে। কোনো ধৰণৰ বিত্তীয় সংকটে দেখা নিদিয়ে। উটৰ মূৰ্তি যদি যোৰকৈ ৰখা হয় তেন্তে ই ঘৰলৈ ধন-সম্পত্তি কঢ়িয়াই আনে।

ফেংছুইয়ে কি কয়?

ফেংছুইৰ মতে উটৰ মূৰ্তিয়ে ব্যৱসায় আৰু অৰ্থনৈতিক বাধা আঁতৰাই পেলায়।

চাকৰিই হওক বা ব্যৱসায়েই হওক সুফল পাব

কোৱা হয় যে যদি এজন ব্যক্তিয়ে নিজৰ জীৱনত অহৰহ সমস্যাৰ সন্মুখীন হৈ থাকে, তেন্তে তেওঁ ঘৰত বা অফিচত এযোৰ উটৰ মূৰ্তি ৰাখিব লাগে। ইয়াৰ ফলত কেৰিয়াৰৰ সংকট হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই