--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখন সুন্দৰকৈ সজাবলৈ সকলোৱে ভাল পায়। আমাৰ ড্ৰয়িং ৰুমত বা বেড ৰুমত ধুনীয়া ধুনীয়া শ্ব’পিছ, ফটো বা কিছুমান ৰঙীন মৰমলগা বস্তু আমি ৰাখিবলৈ ভালপাওঁ। ঘৰখন সুন্দৰকৈ সজাই থলে দেখি ভাল লাগে। এই সকলোবোৰ বস্তু বাস্তুশাস্ত্ৰ অনুযায়ী ৰাখিলে ঘৰখনত ধনাত্মক শক্তিৰ সৃষ্টি হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰ সজাওতে এযোৰ উট আনিলে আপুনি বহু উপকৃত হ’ব।

উট কঠোৰ পৰিশ্ৰমৰ প্ৰতীক

ঘৰত যদি উটৰ প্ৰতিমূৰ্তি থাকে তেন্তে সেয়া শুভ বুলি বিশ্বাস কৰা হয়। ই কৰ্মক্ষেত্ৰত প্ৰগতি আনে আৰু সফলতাৰ পথ মুকলি কৰে। উটে অক্লান্তভাৱে কাম কৰে, গতিকে উটক পৰিশ্ৰমৰ প্ৰতীক বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰই কয় যে ঘৰত এযোৰ উটৰ মূৰ্তি ৰাখিলে কেৰিয়াৰত সফলতা পোৱা যায় আৰু টকাৰ লগত জড়িত সমস্যাবোৰো সমাধান হয়।

ইয়াক ৰখাৰ সঠিক দিশ কি?

দুটা উটৰ মূৰ্তি ড্ৰয়িং ৰূম বা বহা কোঠাত উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে। তেতিয়া উপকাৰী ফল লাভ হ’ব।

কোনো আৰ্থিক সংকট নহয়

বাস্তুশাস্ত্ৰই কৈছে যে ঘৰত উটৰ মূৰ্তি ৰাখিলে ঘৰৰ অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ পৰে। কোনো ধৰণৰ বিত্তীয় সংকটে দেখা নিদিয়ে। উটৰ মূৰ্তি যদি যোৰকৈ ৰখা হয় তেন্তে ই ঘৰলৈ ধন-সম্পত্তি কঢ়িয়াই আনে।

ফেংছুইয়ে কি কয়?

ফেংছুইৰ মতে উটৰ মূৰ্তিয়ে ব্যৱসায় আৰু অৰ্থনৈতিক বাধা আঁতৰাই পেলায়।

চাকৰিই হওক বা ব্যৱসায়েই হওক সুফল পাব

কোৱা হয় যে যদি এজন ব্যক্তিয়ে নিজৰ জীৱনত অহৰহ সমস্যাৰ সন্মুখীন হৈ থাকে, তেন্তে তেওঁ ঘৰত বা অফিচত এযোৰ উটৰ মূৰ্তি ৰাখিব লাগে। ইয়াৰ ফলত কেৰিয়াৰৰ সংকট হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ