--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ নিখুঁত জীৱন সংগী এগৰাকী বিচাৰি লোৱাটো বহৰ সহজ কথা নহয়। জীৱন সংগী বাচনি কৰোতে সামান্য ভুল হ’লেই সংসাৰত আউল লাগিব পাৰে। প্ৰায় ২৫০০ বছৰ আগতে চাণক্যই কৈ যোৱা কথাবোৰ আজিও সমাজত প্ৰাসংগিক হৈ আছে। নিখুঁত জীৱন সংগী বাছনি কৰাৰ ক্ষেত্ৰত চাণক্যই কৈ যোৱা  এই বিশেষ কথা কেইটালৈ মন কৰিব

(ক)জীৱন সংগী বাছনি কৰোঁতে, গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব।
মুখলৈ নহয়, মনলৈ চোৱাঃ জীৱন সংগী বাছনি কৰোতে  সঙ্গীৰ মুখৰ সলনি মনলৈ চাবলৈ কৈছে চাণক্যই।  চাণক্য নীতি অনুসৰি, এজনব্যক্তিয়ে জীৱন সংগীৰ মুখতকৈ নিজৰ মনৰ প্ৰতি অধিক মনোযোগ দিব লাগে। আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন ভাল ব্যক্তিত্বৰ ব্যক্তি, অৰ্থাৎ উৎকৃষ্ট গুণ থকা ব্যক্তিয়ে ভিৰৰ মাজতো নিজৰ পৰিচয় দাঙি ধৰিবলৈ  সক্ষম হয়। 

একে সময়তে, এজন ব্যক্তিৰ ভাল গুণবোৰে তেওঁৰ সফলতাৰ পথ নিশ্চিত কৰে।সেয়েহে জীৱন সংগী বাছনি কৰোঁতে এনে  গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰক।'চুৰট পে মত যাও চিৰট পে যাও' বুলি হিন্দীত এষাৰি  অতি জনপ্ৰিয় কথা, যাৰ অৰ্থ হৈছে তেওঁৰ মুখৰ সলনি এজন সঙ্গীৰ মনলৈ চোৱা।  চাণক্যয়ো সেই কথাই কৈ গৈছে।

(খ) খং নিয়ন্ত্ৰণঃ খং হৈছে মানুহৰ শত্ৰু। খং উঠাটো মানুহৰ প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ। কিন্তু খং নামেই যিহেতু চণ্ডাল সেয়ে খং নিয়ন্তে্ৰণ কৰিব পৰা ব্যক্তিক সকলোৱে পছন্দ কৰে।  বিশেষকৈ বিবাহিত জীৱনত, অত্যধিক খঙে সাংসাৰিক  সম্পৰ্ককো প্ৰভাৱিত কৰিব পাৰে, সেয়েহে জীৱন সংগী কিমান খঙাল সেই বিষয়ে খা-খবৰ লৈহে সংগী নিৰ্বাচনৰ সিদ্ধান্ত ল’ব লাগে।

(গ)ধৰ্মীয় প্ৰকৃতিঃ জীৱন সংগী বাছনি কৰোঁতে, তেওঁৰ ধৰ্মীয় আচৰণৰ প্ৰতি তেওঁৰ কিমান  আকৰ্ষণ  বা আস্থা আছে সেই বিষয়টো জানি লোৱা উচিৎ। ধৰ্মই সদাচাৰ শিকায়। পানীৰ যিদৰে নামনিলৈ বৈ যোৱাৰ ধৰ্ম আছে , বতাহৰ যিদৰে বৈ যোৱাৰ ধৰ্ম থাকে তেনেদৰে মানুহৰো কেতবোৰ নিজা বৈশিষ্ট অৰ্থাৎ ধৰ্ম  থাকে। ধৰ্ম মানে কেৱল নেদেখা জনক আৰাধনা কৰি থকাই নুবুজায়। সদাচাৰী জীৱনৰ প্ৰতি আকৃষ্ট জনক জীৱন সংগী হিচাবে পালে মানুহ সুখী হ’ব পাৰে। চাণক্য নীতি অনুসৰি, ধৰ্মীয় প্ৰকৃতি হৈছে এজন ভাল মানুহৰ এক আশ্চৰ্যকৰ গুণ, সেয়েহে জীৱন সংগী বাছনি কৰাৰ আগতে, তেওঁৰ ধৰ্মীয় প্ৰকৃতি বুজিবলৈ চেষ্টা কৰিব লাগিব।

(ঘ) সন্মান: চাণক্য নীতি অনুসৰি আনক  সন্মান কৰিব জনা ব্যক্তিজনে সকলো ঠাইতে সন্মান লাভ কৰে। লগতে সুখী বিবাহিত জীৱনত ইজনে- সিজনক সন্মান কৰাটো অতি  প্ৰয়োজনীয় কথা।এনে গুণ বাছি ল’ব বিচৰা জীৱন সংগীৰ আছে নে নাই সেই জানি লোৱাটো ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ