--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ নিখুঁত জীৱন সংগী এগৰাকী বিচাৰি লোৱাটো বহৰ সহজ কথা নহয়। জীৱন সংগী বাচনি কৰোতে সামান্য ভুল হ’লেই সংসাৰত আউল লাগিব পাৰে। প্ৰায় ২৫০০ বছৰ আগতে চাণক্যই কৈ যোৱা কথাবোৰ আজিও সমাজত প্ৰাসংগিক হৈ আছে। নিখুঁত জীৱন সংগী বাছনি কৰাৰ ক্ষেত্ৰত চাণক্যই কৈ যোৱা  এই বিশেষ কথা কেইটালৈ মন কৰিব

(ক)জীৱন সংগী বাছনি কৰোঁতে, গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব।
মুখলৈ নহয়, মনলৈ চোৱাঃ জীৱন সংগী বাছনি কৰোতে  সঙ্গীৰ মুখৰ সলনি মনলৈ চাবলৈ কৈছে চাণক্যই।  চাণক্য নীতি অনুসৰি, এজনব্যক্তিয়ে জীৱন সংগীৰ মুখতকৈ নিজৰ মনৰ প্ৰতি অধিক মনোযোগ দিব লাগে। আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন ভাল ব্যক্তিত্বৰ ব্যক্তি, অৰ্থাৎ উৎকৃষ্ট গুণ থকা ব্যক্তিয়ে ভিৰৰ মাজতো নিজৰ পৰিচয় দাঙি ধৰিবলৈ  সক্ষম হয়। 

একে সময়তে, এজন ব্যক্তিৰ ভাল গুণবোৰে তেওঁৰ সফলতাৰ পথ নিশ্চিত কৰে।সেয়েহে জীৱন সংগী বাছনি কৰোঁতে এনে  গুণবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰক।'চুৰট পে মত যাও চিৰট পে যাও' বুলি হিন্দীত এষাৰি  অতি জনপ্ৰিয় কথা, যাৰ অৰ্থ হৈছে তেওঁৰ মুখৰ সলনি এজন সঙ্গীৰ মনলৈ চোৱা।  চাণক্যয়ো সেই কথাই কৈ গৈছে।

(খ) খং নিয়ন্ত্ৰণঃ খং হৈছে মানুহৰ শত্ৰু। খং উঠাটো মানুহৰ প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ। কিন্তু খং নামেই যিহেতু চণ্ডাল সেয়ে খং নিয়ন্তে্ৰণ কৰিব পৰা ব্যক্তিক সকলোৱে পছন্দ কৰে।  বিশেষকৈ বিবাহিত জীৱনত, অত্যধিক খঙে সাংসাৰিক  সম্পৰ্ককো প্ৰভাৱিত কৰিব পাৰে, সেয়েহে জীৱন সংগী কিমান খঙাল সেই বিষয়ে খা-খবৰ লৈহে সংগী নিৰ্বাচনৰ সিদ্ধান্ত ল’ব লাগে।

(গ)ধৰ্মীয় প্ৰকৃতিঃ জীৱন সংগী বাছনি কৰোঁতে, তেওঁৰ ধৰ্মীয় আচৰণৰ প্ৰতি তেওঁৰ কিমান  আকৰ্ষণ  বা আস্থা আছে সেই বিষয়টো জানি লোৱা উচিৎ। ধৰ্মই সদাচাৰ শিকায়। পানীৰ যিদৰে নামনিলৈ বৈ যোৱাৰ ধৰ্ম আছে , বতাহৰ যিদৰে বৈ যোৱাৰ ধৰ্ম থাকে তেনেদৰে মানুহৰো কেতবোৰ নিজা বৈশিষ্ট অৰ্থাৎ ধৰ্ম  থাকে। ধৰ্ম মানে কেৱল নেদেখা জনক আৰাধনা কৰি থকাই নুবুজায়। সদাচাৰী জীৱনৰ প্ৰতি আকৃষ্ট জনক জীৱন সংগী হিচাবে পালে মানুহ সুখী হ’ব পাৰে। চাণক্য নীতি অনুসৰি, ধৰ্মীয় প্ৰকৃতি হৈছে এজন ভাল মানুহৰ এক আশ্চৰ্যকৰ গুণ, সেয়েহে জীৱন সংগী বাছনি কৰাৰ আগতে, তেওঁৰ ধৰ্মীয় প্ৰকৃতি বুজিবলৈ চেষ্টা কৰিব লাগিব।

(ঘ) সন্মান: চাণক্য নীতি অনুসৰি আনক  সন্মান কৰিব জনা ব্যক্তিজনে সকলো ঠাইতে সন্মান লাভ কৰে। লগতে সুখী বিবাহিত জীৱনত ইজনে- সিজনক সন্মান কৰাটো অতি  প্ৰয়োজনীয় কথা।এনে গুণ বাছি ল’ব বিচৰা জীৱন সংগীৰ আছে নে নাই সেই জানি লোৱাটো ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?