--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানি প্লাণ্ট হৈছে এনে এবিধ উদ্ভিদ যিটো সাধাৰণতে প্ৰতিখন ঘৰতে পোৱা যায়। মানুহে ঘৰৰ ভিতৰত বা বেলকনিত মানি প্লাণ্ট সজায় ৰাখি ভাল পায়। আনকি কিছুমানে অফিচতো মানি প্লাণ্ট ৰাখে। 

মানি প্লাণ্টৰ ভাল কথাটো হ’ল ইয়াৰ বেছি যত্ন ল’ব নালাগে আৰু ইয়াৰ খেতি কৰাটো অতি সহজ। মানি প্লাণ্টৰ বহু উপকাৰিতা আছে। বাস্তুশাস্ত্ৰৰ মতে, মানি প্লাণ্ট থকা ঘৰত পজিটিভ এনাৰ্জি সদায় থাকে।

বাস্তুশাস্তুত মানি প্লাণ্টৰ বিষয়ে বহু প্ৰতিকাৰৰ কথা কোৱা হৈছে। মানি প্লাণ্ট ঘৰতে ৰাখিলে ধন সম্পৰ্কীয় সমস্যাবোৰ আঁতৰি যায়, কাৰণ মানি প্লাণ্ট  শুক্ৰ গ্ৰহৰ সৈতে জড়িত। যি ঘৰত মানি প্লাণ্ট সঠিক দিশত স্থাপন কৰা হয়, তাত শুক্ৰ গ্ৰহৰ কোনো বেয়া প্ৰভাৱ নপৰে আৰু সুখ আৰু সমৃদ্ধি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।

বাস্তুশাস্ত্ৰৰ মতে মানি প্লাণ্টত ৰঙা ৰঙৰ সূতা বান্ধি দিয়াটো অতি শুভ। যদি কোনোবাই টকাৰ সমস্যাৰ পৰা মুক্তি পাব বিচাৰে আৰু জীৱনত উন্নতি কৰিব বিচাৰে তেন্তে শুকুৰবাৰে তেওঁ মানি প্লাণ্টত ৰঙা সূতা বান্ধিলে সুফল পাব।

মানি প্লাণ্টত ৰঙা সূতা বন্ধাৰ কিছুমান নিয়ম মানি চলাটো প্ৰয়োজনীয়। শুকুৰবাৰে ৰাতিপুৱা স্নান কৰাৰ পাছত লক্ষ্মী দেৱীক পূজা কৰি ধূপ-দীপ জ্বলোৱা উচিত। মানি প্লাণ্টত বান্ধিবলৈ বিচৰা ৰঙা ৰঙৰ সূতা প্ৰথমে দেৱী লক্ষ্মীৰ চৰণত আগবঢ়াওক, তাৰ পিছত মাতৃ লক্ষ্মীৰ আৰতি কৰি ৰঙা সূতাটোত কুমকুম লগাওক। এতিয়া এই সূতাটো মানি প্লাণ্টজোপাৰ গুৰিটোৰ চাৰিওফালে বান্ধি দিয়ক। এই প্ৰতিকাৰ কিছুদিন কৰাৰ পাছতে ইয়াৰ উপকাৰিতা দেখিবলৈ আপুনি আৰম্ভ কৰিব। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ