--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দৈনন্দিন জীৱনৰ বহু সৰু-সুৰা কথাৰ ওপৰতে সুখ-সমৃদ্ধিৰ বিষয়সমূহো নিৰ্ভৰ কৰে৷ দৈনন্দিন জীৱনৰ তেনে বহু সৰু-সুৰা কথাই বাস্তুশাস্ত্ৰই নিৰ্ধাৰণ কৰি দিছে৷ বাস্তুশাস্ত্ৰৰ মতে ঘৰ খন সজাব পাৰিলে বহু সুফল পোৱা যায়৷ পাকঘৰ বা ৰান্ধনীশাল ঘৰ এখনৰ এৰাব নোৱাৰা অংগ৷ সেয়ে পাকঘৰটো ঘৰৰ সঠিক দিশত স্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ কথা৷

বাস্তু শাস্ত্ৰই ৰান্ধনীশাল নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ বিধান দিছে। ৰান্ধনীশালত পৰ্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন হয়। সেইবাবে পাকঘৰ বা ৰান্ধনীশাল সদায় অগ্নিদেৱতা যিটো দিশৰ অধিপতি সেই দিশত নিৰ্মাণ কৰিব লাগে। দক্ষিণ-পূব কোণটো নিয়ন্ত্ৰণ কৰে অগ্নিদেৱতাই। 

সেইবাবে এই কোণক অগ্নিস্থান বুলি কোৱা হয়। ঘৰৰ দক্ষিণ-পূর্ব কোণটোত সেইবাবে ৰান্ধনীশাল নিৰ্মাণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। উত্তৰ পূব কোণতো ৰান্ধনীশাল নিৰ্মাণ কৰিব পৰা যায়। ৰান্ধনীশাল কেতিয়াও ঘৰৰ মাজভাগত নিৰ্মাণ কৰিব নালাগে। 

খাদ্যবস্তু প্ৰস্তুত কৰাৰ সময়ত দিশৰ কথাটোৰ প্রতি বিশেষ মন দিব লাগে। সাধাৰণতে পূব মুৱাহৈ খাদ্য বস্তু প্ৰস্তুত কৰাটো অতি ভাল। কেতিয়াও উত্তৰ বা পশ্চিমমুৱা হৈ খাদ্যবস্তু প্ৰস্তুত কৰিব নালাগে। ৰান্ধনীশালৰ বিভিন্ন সা-সঁজুলি আদি ৰাখিবলৈ যদি কোনো আলমাৰী আদি ব্যৱহাৰ কৰা হয় তেন্তে তেনে আলমাৰী দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত স্থাপন কৰিব লাগে। 

ফ্রীজ আদি ৰখাৰ ক্ষেত্ৰত সদায় ৰান্ধনীশালৰ উত্তৰ-পশ্চিম দিশটো নিৰ্বাচন কৰিব লাগে। খোৱা চকী, মেজ আদি ৰান্ধনীশালৰ পশ্চিম দিশত স্থাপন কৰিব লাগে। বাচন-বৰ্তন থোৱা স্থান ৰান্ধনীশালৰ দক্ষিণ দিশত হ'ব লাগে। একেদৰে জলাধাৰ, ফিল্টাৰ আদি ৰাজনীশালৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
সুদক্ষ অভিনেতা গনেশ হাজৰিকা আৰু নাই; শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ