--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিয়ে জীৱনত কেতিয়াবা সুখত সময় কটায়, আৰু কেতিয়াবা অতি দুখত দিন কটাবলগীয়া হয়।  কিন্তু কেতিয়াবা সোনকালে সুখৰ অন্ত পৰে।  আনহাতে শোকৰ সময়সীমা বাঢ়ি গৈ থাকে।  বাস্তু শাস্ত্ৰৰ মতে এজন ব্যক্তিৰ কিছুমান সৰল ভুলে তেওঁক অতি দুখ-কষ্টত পেলাব পাৰে।  ঘৰৰ ভুল বাস্তুৱে পৰিয়ালৰ সদস্যৰ জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।  

বাস্তু দোষৰ বাবে পাৰিবাৰিক কাজিয়া, আৰ্থিক সমস্যা, ইয়াৰ উপৰিও ব্যক্তিজনৰ ওপৰত বিপুল পৰিমাণৰ ঋণৰ বোজা বৃদ্ধি হয়।  আচলতে কিহৰ বাবে এনে হয় আৰু পাৰিবাৰিক সুখ বজাই ৰাখি সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিবলৈ কি কি কথা মানি চলিব লাগে জানো আহক... 

১. বাস্তুৰ মতে ঘৰৰ প্ৰৱেশদ্বাৰত কেতিয়াও ডাষ্টবিন স্থাপন কৰিব নালাগে।  তেনে কৰিলে দেৱী লক্ষ্মীৰ খং উঠিব পাৰে।  এনে কৰিলে বাস্তু দোষৰ সৃষ্টি হব পাৰে। ঘৰৰ প্ৰৱেশদ্বাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।  

২. কেতিয়াবা বহুতে হাত নোধোৱাকৈ বিচনাত আহাৰ খায়।  যাৰ ফলস্বৰূপে বাস্তু দোষ বাঢ়িব পাৰে।  এই ভুলে ব্যক্তিজনক দুখীয়া কৰি তুলিব পাৰে।  গতিকে এতিয়াৰ পৰাই বিচনাত খাদ্য খোৱা বাদ দিয়ক আৰু খোৱাৰ আগতে সদায় হাত-ভৰি ধুৱক।

২. ৰাতি কেতিয়াও বাহি বাচন পাকঘৰত নাৰাখিব।  যদি কিবা কাৰণত ৰাতি বাচন ধুব নোৱাৰে তেন্তে পাকঘৰৰ পৰিৱৰ্তে বাহিৰত ৰাখক।  ৰাতি শোৱাৰ আগতে পাকঘৰ চাফা কৰি লওক।  বাস্তুৰ মতে, ৰাতি পাকঘৰটো পৰিষ্কাৰকৈ নাৰাখিলে আৰ্থিক সমস্যাৰ সৃষ্টি হয়। লগতে পাৰিবাৰিক সমস্যায়ো আপোনাক আগুৰি ধৰিব পাৰে।

৩. বাস্তু শাস্ত্ৰৰ মতে সন্ধিয়া কাকো গাখীৰ, দৈ বা নিমখ নিদিব।  ফলত আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে।   ৰাতিপুৱা হ'লে আগবঢ়াব পাৰিব।  কিন্তু সন্ধিয়া এই বস্তুসমূহ দান নকৰিব।

৪. বহুতো লোকে য'তে ত'তে  শাস্ত্ৰ বা ধৰ্মীয় পুথি ৰাখে।  কিন্তু ই একেবাৰে শুভ নহয়।  বাস্তুৰ মতে ধৰ্মীয় গ্ৰন্থ বা  শাস্ত্ৰ সদায় পশ্চিম দিশত ৰাখিব লাগে।  বহুতে বিচনাত তলত শাস্ত্ৰ ৰাখে।  এনে কৰিলে আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক