--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে গছ ৰোপণ কৰি ভাল পাওঁ। বৰ্তমান পৰিৱেশৰ অৱস্থা দেখি বহুতে কয় যে পৰিৱেশ অনুকূল গছ-গছনি ঘৰতে ৰোপণ কৰিব লাগে। পৰিৱেশ সুস্থিৰ কৰি ৰাখিবৰ বাবে নাছাই কেইবাজোপা উদ্ভিদৰ তালিকা প্ৰস্তুত কৰিছে য’ত এলোভেৰা উদ্ভিদো অন্তৰ্ভুক্ত। সৌন্দৰ্যচৰ্চাতো এল’ভেৰা ব্যৱহাৰ হয়। কিন্তু বাস্তু বিশেষজ্ঞসকলে কয় যে এলোভেৰা উদ্ভিদে ঘৰলৈ যথেষ্ট অক্সিজেন অনাই নহয়, এলোভেৰাই ঘৰখনক নতুন গতিও প্ৰদান কৰে। 

বাস্তু বিশেষজ্ঞসকলৰ মতে এই গছ ৰোপণৰ নিয়ম হ’ল –

১) বাস্তু বিশেষজ্ঞসকলে কয় যে এই গছজোপা সদায় পৰিষ্কাৰ ঠাইত ৰোপণ কৰিব লাগে। এই গছজোপা লেতেৰা, অপৰিষ্কাৰ ঠাইত ৰোপণ কৰিলে এক ডাঙৰ বিপদ হ’ব পাৰে।

২) বাস্তু বিশেষজ্ঞসকলে কয় যে ঘৰৰ ভিতৰত এলোভেৰা গছ ৰোপণ কৰিব পাৰিলে ভাল। পাত্ৰত এলোভেৰা গছেৰে ঘৰ সজাই দিলে মনলৈ শান্তি আহে। কোঠাটোত ভাল অক্সিজেন থাকে। যাৰ ফলত কোঠাটোত এক অদ্ভুত ধনাত্মক শক্তিৰ সৃষ্টি হ’ব।

৩) বাস্তু বিশেষজ্ঞৰ মতে প্ৰৱেশদ্বাৰৰ সন্মুখত এলোভেৰা ৰোপণ কৰিলে সকলো ধনাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। ঋণাত্মক শক্তি ঘৰৰ পৰা ওলাই যাব।

৪) বাস্তু বিশেষজ্ঞৰ ভাষাত যদি আপুনি ঘৰৰ উত্তৰ-পূবত এলোভেৰা ৰোপণ কৰিব পাৰে তেন্তে আপুনি দেখিব আপোনাৰ জীৱনটো কিমান সলনি হৈছে।

এতিয়া এই গছজোপা ৰোপণ কৰিলে আপুনি কেনেদৰে উপকৃত হ’ব জানি লওক-

১) এলোভেৰা গছ ৰোপণ কৰিলে ঘৰলৈ ধনাত্মক শক্তি আহিব, সকলো ঋণাত্মক শক্তি নোহোৱা হৈ যাব।

২) এলোভেৰা গছ ৰোপণ কৰিলে ঘৰত অক্সিজেনৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পাব, যাৰ ফলত শৰীৰ আৰু মন বহুত ভালকৈ ৰখাত সহায়ক হ’ব।

৩) বাস্তু বিশেষজ্ঞসকলে কয় যে ঘৰত এলোভেৰা ৰোপণ কৰিলে মানসিক শান্তি অটুট থাকে।

এতিয়া এই গছজোপা ৰোপণ কৰিব জানি লওক-

এই গছজোপাৰ বিশেষ যত্নৰ প্ৰয়োজন নাই, গছজোপা এনে ঠাইত ৰাখক য’ত ই ৰ’দ পায়। মাটি শুকান হ’লে মাজে মাজে পানী দিব লাগে। এনে কৰিলে আপুনি দেখিব যে এই এলোভেৰা গছজোপা বৰ ধুনীয়াকৈ গজিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ