--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এখন কিমান বছৰলৈ ভালদৰে ভালদৰে থিয় দি থাকিব? এয়া ঘৰ তৈয়াৰ কৰাৰ সময়তে বহুতে চিন্তা কৰে৷ দৰাচলতে পৃথিৱীত সকলো  বস্তুৱেই  একো একোটা নির্দিষ্ট সময়ৰ বাবে সকলো বস্তুৱেই ইয়াৰ স্থায়িত্ব বজাই ৰাখিব পাৰে। পৰিৱেশ, পৰিস্থিতি, কাল, ক্ষণ আদিৰ ওপৰত নিৰ্ভৰ কৰি এনে স্থায়িত্ব বেলেগ বেলেগ হ'ব পাৰে। গৃহ নিৰ্মাণ সদায় কৰা কাৰ্য নহয়। এবাৰ ঘৰ এটা তৈয়াৰ কৰাৰ পিছত সেই ঘৰটো দীর্ঘস্থায়ী হোৱাটো গৃহস্থই সদায় কামনা কৰে।

বাস্তুশাস্ত্ৰ অনুসৰি গৃহ এটাৰ স্থায়িত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ কেতবোৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। এইক্ষেত্ৰত গ্ৰহ আদিৰ অৱস্থাৰ বিষয়সমূহো বিশেষভাৱে মন কৰিবলগীয়া কথা।

গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ত যদি বৃহস্পতি, ৰবি, শুক্র আৰু শনি গ্রহকেইটা ক্ৰমে লগ্নৰ ষষ্ঠ, সপ্তম, চতুৰ্থ আৰু তৃতীয় স্থানত থাকে তেন্তে সেই গৃহ শতব ছৰ ধৰি স্থায়ী হৈ থাকে যদি লগ্নত শুক্র, বৃহস্পতি সপ্তম স্থানত থাকে তেতিয়াহ'লে সেই গৃহ শতবছৰ স্থায়ী হোৱাৰ লগতে গৃহস্থৰ আয়ুসো বৃদ্ধি পায়। যদি লগ্নত ৰবি তৃতীয়ত, মংগল ষষ্ঠত, বৃহস্পতি পঞ্চমত থাকে, তেন্তে সেই গৃহৰ স্থায়িত্ব বৃদ্ধি পায় ।

যদি লগ্নত বৃহস্পতি সপ্তমত, চন্দ্ৰ দশমত অৱস্থান কৰে, তেন্তে সেই সময়ত নিৰ্মাণ কৰা গৃহই হেজাৰ বছৰ স্থায়িত্ব লাভ কৰে।

যদি লগ্নত সপ্তমত বৃহস্পতি, দশমত বুধ নাইবা শুক্র থাকে তেন্তে সেই লগ্নত নিৰ্মাণ কৰা গৃহ প্রায় ৫০০ বছৰ স্থায়ী হৈ থাকে ।

যদি লগ্নত বৃহস্পতি চতুর্থত, চন্দ্ৰ দশমত, শনি বা মঙলে একাদশত অৱস্থান কৰে তেন্তে সেই সময়ত নিৰ্মাণ কৰা ঘৰ ১০০ বছৰতকৈ কম সময় স্থায়ী হৈ থাকে।

গৃহ প্ৰৱেশৰ সময়ত বা কলহত পূজা কৰা হয়। সেই কলহটো ঘৰৰ উত্তৰ পূব অথবা ঈশাণ দিশত সংৰক্ষণ কৰিব লাগে। বাস্ত পূজাত ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী আদি পূজা শেষ হোৱাৰ পিছত বিসর্জন দিব লাগে। বাস্তুৰ বিধি মানি গৃহ নিৰ্মাণ কৰিলে ঘৰত সুখ-শান্তিয়ে বিৰাজ কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে