--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰ এক বিজ্ঞান৷ আমাৰ দৈনন্দিন জীৱনৰ বহু সৰু-সুৰা কথাৰ ওপৰতে সুখ-সমৃদ্ধিৰ বিষয়সমূহো নিৰ্ভৰ কৰে৷ দৈনন্দিন জীৱনৰ তেনে বহু সৰু-সুৰা কথাই বাস্তুশাস্ত্ৰই নিৰ্ধাৰণ কৰি দিছে৷ বাস্তুশাস্ত্ৰৰ মতে ঘৰ খন সজাব পাৰিলে বহু সুফল পোৱা যায়৷ পাকঘৰ বা ৰান্ধনীশাল ঘৰ এখনৰ এৰাব নোৱাৰা অংগ৷ সেয়ে পাকঘৰটো ঘৰৰ সঠিক দিশত স্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ কথা৷

 বাস্তু শাস্ত্ৰই ৰান্ধনীশাল নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ বিধান দিছে। ৰান্ধনীশালত পৰ্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন হয়। সেইবাবে পাকঘৰ বা ৰান্ধনীশাল সদায় অগ্নিদেৱতা যিটো দিশৰ অধিপতি সেই দিশত নিৰ্মাণ কৰিব লাগে। দক্ষিণ-পূব কোণটো নিয়ন্ত্ৰণ কৰে অগ্নিদেৱতাই। 

সেইবাবে এই কোণক অগ্নিস্থান বুলি কোৱা হয়। ঘৰৰ দক্ষিণ-পূর্ব কোণটোত সেইবাবে ৰান্ধনীশাল নিৰ্মাণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। উত্তৰ পূব কোণতো ৰান্ধনীশাল নিৰ্মাণ কৰিব পৰা যায়। ৰান্ধনীশাল কেতিয়াও ঘৰৰ মাজভাগত নিৰ্মাণ কৰিব নালাগে। 


খাদ্যবস্তু প্ৰস্তুত কৰাৰ সময়ত দিশৰ কথাটোৰ প্রতি বিশেষ মন দিব লাগে। সাধাৰণতে পূব মুৱাহৈ খাদ্য বস্তু প্ৰস্তুত কৰাটো অতি ভাল। কেতিয়াও উত্তৰ বা পশ্চিমমুৱা হৈ খাদ্যবস্তু প্ৰস্তুত কৰিব নালাগে। ৰান্ধনীশালৰ বিভিন্ন সা-সঁজুলি আদি ৰাখিবলৈ যদি কোনো আলমাৰী আদি ব্যৱহাৰ কৰা হয় তেন্তে তেনে আলমাৰী দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত স্থাপন কৰিব লাগে। 

ফ্রীজ আদি ৰখাৰ ক্ষেত্ৰত সদায় ৰান্ধনীশালৰ উত্তৰ-পশ্চিম দিশটো নিৰ্বাচন কৰিব লাগে। খোৱা চকী, মেজ আদি ৰান্ধনীশালৰ পশ্চিম দিশত স্থাপন কৰিব লাগে। বাচন-বৰ্তন থোৱা স্থান ৰান্ধনীশালৰ দক্ষিণ দিশত হ'ব লাগে। একেদৰে জলাধাৰ, ফিল্টাৰ আদি ৰাজনীশালৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী