--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বৰ্তমান চহৰ-নগৰসমূহত মানুহৰ বাসযোগ্যস্থানৰ অভাৱ ঘটিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে চহৰ-নগৰসমূহত এতিয়া ফ্লেটৰ চাহিদা বৃদ্ধি পাইছে৷ একেটা অট্টালিকাতে এতিয়া যেন একো খন সৰু গাঁৱত থকা লোকৰ সমান মানুহে বাস কৰিব পাৰে৷ আপুনি যদি ফ্লেটত বাস কৰে বা ফ্লেট ক্ৰয় কৰিবলৈ মন মেলিছে তেন্তে ফ্লেটৰ সজ্জা যাতে বাস্তুৰ বিধান অনুসৰি হয় সেই কথাৰ প্ৰতি গুৰুত্ব দিলে সুফল পাব৷ 

ফ্লেটৰ ক্ষেত্ৰত বাস্তুৰ মতে মানি চলিবলগীয়া কেইটামান কথা হ'ল-

(১)ফ্লেটৰ আকাৰ আয়তাকাৰ বা বৰ্গাকাৰ হ'ব লাগে। বর্গাকাৰ স্থানত নিৰ্মাণ কৰা ফ্লেটসমূহৰ আকাৰো বর্গাকাৰ হ'ব লাগে। 

(২) প্ৰতিটো ফ্লেটৰ স্নানাগাৰ তথা শৌচাগাৰ উত্তৰ পশ্চিম দিশত হ'ব লাগে।

(৩)ফ্লেটৰ ভিতৰত মন্দিৰৰ বাবে উত্তৰ-পূব দিশত স্থান নির্ণয় কৰিব লাগে। ফ্লেটৰ ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। ৰান্ধনীশাল  উত্তৰ পূব দিশত যাতে স্থাপন কৰা নহয় সেই কথাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। প্রয়োজন হ'লে উত্তৰ পশ্চিম দিশতো ৰান্ধনীশাল স্থাপন কৰিব পাৰি। কিন্তু ৰান্ধনীশাল স্থাপনৰ উপযুক্ত দিশ হৈছে দক্ষিণ-পূব দিশ।

(৪)এটা কথালৈ সদায় মন কৰিব লাগে যে ফ্লেটৰ মধ্যভাগ যাতে সম্পূর্ণ মুকলিকৈ ৰখা হয়। ফ্লেটৰ মধ্যভাগত কোনো ধৰণৰ ওজনযুক্ত বস্তু ৰাখিব নালাগে।

(৫)মধ্যভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ফ্লেটৰ মালবস্তু থোৱা গুদামঘৰ সদায় দক্ষিণ পশ্চিম দিশত অথবা মধ্য পশ্চিম দিশত স্থাপন কৰিব লাগে।

(৬)ফ্লেটত যাতে সুন্দৰভাৱে বতাহ আৰু পোহৰ প্ৰৱেশ কৰিব পাৰে, তাৰ বাবে ফ্লেটৰ পূব আৰু উত্তৰ দিশ নাইবা উত্তৰ-পূব দিশত উপযুক্ত ভেন্টিলেচনৰ ব্যৱস্থা কৰিব লাগে৷

(৭)ফ্লেটৰ দক্ষিণ-পূব দিশত কিছু ওজনযুক্ত বস্ত ৰাখিব পাৰি । ২০০-৫০০ কিলোগ্ৰাম ওজনৰ বস্তু সদায় দক্ষিণ-পশ্চিম কোণত ৰাখিলে যথেষ্ট সুফল লাভ কৰিব পাৰি।

(৮)প্ৰতিটো ফ্লেটৰ ঘৰৰ প্ৰধান দুবাৰ যাতে ভিতৰৰ পৰা খুলিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে।

(৯)প্লেটৰ দুৱাৰ স্বয়ংক্রিয়াভাৱে খোল খোৱা অথবা জাপ খোৱা হ'ব নালাগে। এনে যান্ত্রিক দুৱাৰে নানান ধৰণৰ অপায়-অমংগল মাতি আনে।

(১০) 'ফেটৰ দুৱাৰ কেতিয়াও দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব নালাগে। 

(১১) ফ্লেটৰ চৌহদৰ ভিতৰত নলীনাদ, বৰিং আদি সদায় উত্তৰ-পূব, পূর্ব বা উত্তৰ দিশত স্থাপন কৰিব লাগে ।

(১২)ফ্লেটৰ জলাধাৰ বা পানীৰ টেংকী আদি উত্তৰ-পূব, পূব বা উত্তৰ দিশত থাকিব লাগে। জলাধাৰ কেতিয়াও দক্ষিণ পূর্ব কোণত স্থাপন কৰিব নালাগে।

(১৩) ফ্লেটৰ উত্তৰ আৰু পূব দিশ দুটা যথাসম্ভৱ মুকলিকৈ ৰাখিব লাগে ।

(১৪)ফ্ৰেটৰ উত্তৰ আৰু পশ্চিম দিশত গছ-গছনি ৰোপণ কৰিব লাগে। গছ-গছনিৰ ভিতৰত ওখ কনক চম্পা, নাৰিকল আদি গছ ৰুৱ পাৰে। 

(১৫)ফ্লেটৰ বৰ্জিত পানী ওলাই যাব পৰা নলা দক্ষিণ পশ্চিম বা উত্তৰ পশ্চিম দিশত স্থাপন কৰিব লাগে ।নলা পশ্চিম বা দক্ষিণ পূব দিশটো স্থাপন কৰিব পাৰি। ফ্লেটৰ নলাৰ জলপ্রবাহ যেন দক্ষিণৰ পৰা উত্তৰলৈ, পশ্চিমৰ পৰা পূবলৈ নাইবা উত্তৰ আৰু পূব দিশে গতি কৰে সেই কথালৈ মন দিব লাগে। 

(১৬)ফ্লেটৰ  বৈদ্যুতিক আহিলা আদি দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে।

(১৭)ফ্লেটত প্রায়ভাগ মানুহৰেই নিজা নিজা গাড়ী থাকে। কম ওজনৰ সৰু গাড়ী উত্তৰ-পূব দিশত আৰু বেছি ওজনৰ ডাঙৰ গাড়ী পশ্চিম নাইবা উত্তৰ দিশৰ মাজভাগত ৰাখিব লাগে ।

(১৮) ফ্লেটৰ  ছিৰিৰ ৰেলিং দক্ষিণ, পশ্চিম বা দক্ষিণ পশ্চিম দিশত থাকিব লাগে। উত্তৰ পূব দিশত ফ্লেটৰ  ছিৰিৰ ৰেলিং দিব নালাগে।

(১৯) ফ্লেটত শোৱনি কোঠা সদায় দক্ষিণ পশ্চিম দিশত স্থাপন কৰিব লাগে। ইয়াৰ উপৰি উত্তৰ পূব, উত্তৰ অথবা পূব দিশতো বিছনা স্থাপন কৰিব পাৰি।










FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ