--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰৰ নিয়ম পালন কৰি জীৱনটো সুখ আৰু সমৃদ্ধিৰে ভৰপূৰ কৰি তুলিব পাৰি। এনে বহু কথা বাস্তুত কোৱা হৈছে, যাৰ দ্বাৰা দেৱী লক্ষ্মী সন্তুষ্ট হয়। বাস্তুৰ নিয়ম মানি চলিলে মা লক্ষ্মীৰ আশীৰ্বাদ জীৱনত সদায় থাকি যায়। পাৰ্চত কি কি নিয়ম মানি চলিলে টকা-পইচা সদায় থাকে সেই কথা বাস্তুশাস্ত্ৰত উল্লেখ আছে। নতুন বছৰ আহি আছে। এই নতুন বছৰটোত আপোনাৰ পাৰ্চত যাতে সদায় পইচা থাকে তাৰবাবে কি কি নিয়ম মানি চলিব লাগে জানো আহক

১) বাস্তু বিশেষজ্ঞসকলে কয় যে ফটা নোট কেতিয়াও পাৰ্চত ৰাখিব নালাগে। লগতে পেলনীয়া কাগজ বা ব্লেড আদি নাৰাখিব। এই কাম কৰিলে দেৱী লক্ষ্মীৰ খং উঠে আৰু ঘৰত টকাৰ অভাৱ হয়। কোৱা হয় যে মৃত ব্যক্তিৰ ফটো কেতিয়াও পাৰ্চত ৰাখিব নালাগে। যিমানেই মৰমৰ নহওক কিয়। এই কাম কৰিলে মা লক্ষ্মীৰ খং উঠে।

২) বাস্তুৰ মতে পাৰ্চত লক্ষ্মী দেৱীৰ বহি থকা ফটো এখন ৰখাটোও লাভজনক। এই প্ৰতিকাৰ কৰিলে এজন ব্যক্তি কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয় আৰু দেৱী লক্ষ্মীৰ কৃপা সদায় থাকে। 

৩) বাস্তুৰ নিয়ম অনুসৰি ৰঙা ৰঙৰ কাগজ এখনত নিজৰ ইচ্ছা লিখি ৰেচমৰ সূতাৰে বান্ধি লওক। ইয়াৰ পিছত দেৱী লক্ষ্মীক স্মৰণ কৰি পাৰ্চত ৰাখক। এনে কৰিলে গোটেই বছৰটো লক্ষ্মী দেৱীৰ কৃপা থাকিব।  

৪) পকেট খালী হৈ নাথাকিবলৈ পাৰ্চত চাউল কেইটামান ৰাখক। ইয়াৰ দ্বাৰা অবাঞ্চিত খৰচৰ পৰা সকাহ পাব। হিন্দু ধৰ্মত চাউল অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণে ঘৰত ধন-সম্পত্তি বৃদ্ধি পায়।

৫) নতুন বছৰত পাৰ্চত নতুন সোণ বা ৰূপৰ মুদ্ৰা এটা ৰাখক। প্ৰথমে এই মুদ্ৰাটো মা লক্ষ্মীৰ ভৰিত স্পৰ্শ কৰক আৰু তাৰপিছত পাৰ্চত ৰাখক। ইয়াৰ দ্বাৰা ধনৰ ঈশ্বৰ সন্তুষ্ট হ’ব আৰু ব্যক্তিজনৰ সকলো উন্নতিৰ পথ মুকলি হ’ব।














FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক