--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰৰ নিয়ম পালন কৰি জীৱনটো সুখ আৰু সমৃদ্ধিৰে ভৰপূৰ কৰি তুলিব পাৰি। এনে বহু কথা বাস্তুত কোৱা হৈছে, যাৰ দ্বাৰা দেৱী লক্ষ্মী সন্তুষ্ট হয়। বাস্তুৰ নিয়ম মানি চলিলে মা লক্ষ্মীৰ আশীৰ্বাদ জীৱনত সদায় থাকি যায়। পাৰ্চত কি কি নিয়ম মানি চলিলে টকা-পইচা সদায় থাকে সেই কথা বাস্তুশাস্ত্ৰত উল্লেখ আছে। নতুন বছৰ আহি আছে। এই নতুন বছৰটোত আপোনাৰ পাৰ্চত যাতে সদায় পইচা থাকে তাৰবাবে কি কি নিয়ম মানি চলিব লাগে জানো আহক

১) বাস্তু বিশেষজ্ঞসকলে কয় যে ফটা নোট কেতিয়াও পাৰ্চত ৰাখিব নালাগে। লগতে পেলনীয়া কাগজ বা ব্লেড আদি নাৰাখিব। এই কাম কৰিলে দেৱী লক্ষ্মীৰ খং উঠে আৰু ঘৰত টকাৰ অভাৱ হয়। কোৱা হয় যে মৃত ব্যক্তিৰ ফটো কেতিয়াও পাৰ্চত ৰাখিব নালাগে। যিমানেই মৰমৰ নহওক কিয়। এই কাম কৰিলে মা লক্ষ্মীৰ খং উঠে।

২) বাস্তুৰ মতে পাৰ্চত লক্ষ্মী দেৱীৰ বহি থকা ফটো এখন ৰখাটোও লাভজনক। এই প্ৰতিকাৰ কৰিলে এজন ব্যক্তি কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয় আৰু দেৱী লক্ষ্মীৰ কৃপা সদায় থাকে। 

৩) বাস্তুৰ নিয়ম অনুসৰি ৰঙা ৰঙৰ কাগজ এখনত নিজৰ ইচ্ছা লিখি ৰেচমৰ সূতাৰে বান্ধি লওক। ইয়াৰ পিছত দেৱী লক্ষ্মীক স্মৰণ কৰি পাৰ্চত ৰাখক। এনে কৰিলে গোটেই বছৰটো লক্ষ্মী দেৱীৰ কৃপা থাকিব।  

৪) পকেট খালী হৈ নাথাকিবলৈ পাৰ্চত চাউল কেইটামান ৰাখক। ইয়াৰ দ্বাৰা অবাঞ্চিত খৰচৰ পৰা সকাহ পাব। হিন্দু ধৰ্মত চাউল অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণে ঘৰত ধন-সম্পত্তি বৃদ্ধি পায়।

৫) নতুন বছৰত পাৰ্চত নতুন সোণ বা ৰূপৰ মুদ্ৰা এটা ৰাখক। প্ৰথমে এই মুদ্ৰাটো মা লক্ষ্মীৰ ভৰিত স্পৰ্শ কৰক আৰু তাৰপিছত পাৰ্চত ৰাখক। ইয়াৰ দ্বাৰা ধনৰ ঈশ্বৰ সন্তুষ্ট হ’ব আৰু ব্যক্তিজনৰ সকলো উন্নতিৰ পথ মুকলি হ’ব।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস