--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধুনীয়া দেখাটো সকলোৰে ইচ্ছা, ইয়াৰ বাবে আমি সকলো ধৰণৰ প্ৰচেষ্টা চলাওঁ আৰু ইয়াৰ বাবে আমাৰ পছন্দৰ সাজ-পোছাকটোও বাছি লওঁ। কিছুমান মানুহে আধা হাতৰ কাপোৰ পিন্ধি ভাল পায়, কাৰণ ইয়াত দেখাত অতি শীতল, কিন্তু বহুতে তেনে কৰিবলৈ কুণ্ঠাবোধ কৰে কাৰণ তেওঁলোকৰ কিলাকুটিত  মলি জমা হৈছে আৰু এতিয়া ইয়াৰ পৰা মুক্তি পোৱাটো কঠিন হৈ পৰিছে। সাধাৰণতে বিভিন্ন সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীসমূহ লগোৱাৰ জৰিয়তে হাতৰ সৌন্দৰ্য্য বাঢ়ি যায় যদিও কিলাকুটিৰ ক'লা ৰঙে বহুত আমনি কৰে। এই সমস্যাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম জানক।

১) দৈ আৰু ওটচ
আপুনি নিশ্চয় বা প্ৰায়ে ছালৰ সৌন্দৰ্য্যৰ বাবে দৈ ব্যৱহাৰ কৰিছে, এই গাখীৰৰ সামগ্ৰীৰ লগত ওটছ মিহলাই স্ক্ৰাবৰ সহায়ত প্ৰায় ৫ মিনিটমান কিলাকুটিত ঘঁহিব। কিছুদিন অবিৰতভাৱে ব্যৱহাৰ কৰিলে তেতিয়া ক'লা ৰং নাইকিয়া হৈ যাব।

২) বিলাহী আৰু মৌ
বিলাহী আৰু মৌ আমাৰ ছালৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰথমে বিলাহীখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মিহলাই তাত মৌ দিব। এতিয়া এই পেষ্ট কিলাকুটিৰ আক্ৰান্ত অংশত লগাওক আৰু শুকোৱাৰ পিছত পৰিষ্কাৰ কৰক। ক’লা ৰং কিলাকুটিৰ পৰা আঁতৰি যাব।

৩) এলোভেৰা আৰু নেমু
ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে যুগ যুগ ধৰি এলোভেৰা আৰু নেমু ব্যৱহাৰ কৰি আহিছে, গতিকে কিলাকুটিৰ ক'লা ৰং আঁতৰোৱাৰ বাবে ই এক অতি ফলপ্ৰসূ উপায়। আপুনি এটা বাটিত এলোভেৰা জেল আৰু নেমুৰ ৰস মিহলাই তাৰ পাছত এই পেষ্টটো কিলাকুটিত লগালে আৰু শুকাই গ’লে পৰিষ্কাৰ পানীৰে ধুব, কিছুদিনৰ ভিতৰত ইতিবাচক ফলাফল দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস