--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰ এখনৰ অন্যতম মুখ্য অংশটো হৈছে আমাৰ পাকঘৰটো। বাস্তুশাস্ত্ৰত পাকঘৰৰ বিষয়ে বহুতো কথা উল্লেখ আছে।  পাকঘৰৰ দোষ থাকিলে পৰিয়ালত অশান্তি হোৱাৰ লগতে মানুহ অসুস্থ হয়। বাস্তুৰ নিয়ম অনুসৰি পাকঘৰৰ কথাবোৰত গুৰুত্ব দিয়া প্ৰয়োজন। 

পাকঘৰৰ দিশ

দক্ষিণ বা পূব দিশঃ পাকঘৰটো সদায় দক্ষিণ বা পূব দিশত থাকিব লাগে।এই দিশত পাকঘৰ থাকিলে ঘৰৰ সদস্যসকলৰ ওপৰত সুপ্ৰভাৱ পৰে। 

উত্তৰ দিশঃ এই দিশত পাকঘৰ থাকিলে ঘৰত ধনৰ অভাৱ হ'ব পাৰে আৰু ই সন্তানৰ সৈতে সম্পৰ্কও নষ্ট কৰিব পাৰে।উত্তৰ দিশত পাকঘৰ থকাটো সন্তানৰ স্বাস্থ্যৰ বাবেও হানিকাৰক।

উত্তৰ-পশ্চিম দিশঃ পাকঘৰটো ঘৰৰ উত্তৰ-পশ্চিম দিশত থকাটো অনুচিত। এনে হোৱাৰ ফলত শাহু আৰু বোৱাৰীৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে।

দক্ষিণ-পশ্চিম দিশঃ দক্ষিণ-পশ্চিম দিশত পাকঘৰ থাকিলে ঘৰটোৰ মুৰব্বীৰ যি কোনো সমস্যা হ'ব পাৰে। ইয়াৰ ফলত তেওঁৰ সন্মান আৰু স্বাস্থ্যও বেয়াকৈ প্ৰভাৱিত হয়।



এই নিয়মবোৰ অনুসৰণ কৰক 

১) পাকঘৰত পূব দিশত মা অন্নপূৰ্ণাৰ এখন ছবি ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি সম্ভৱ হয়,ছবিখনত চন্দন কাঠৰ মালা এডাল লগাই থ’ব। এনে কৰাৰ ফলত ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়।

২) যদি পাকঘৰত কোনো ইতিবাচক শক্তি নাথাকে, তেন্তে আপুনি পাকঘৰত ফুল বা ফুলৰ ছবি ৰাখিব পাৰে। বাস্তু মতে, এনে কৰিলে ঘৰলৈ ইতিবাচক শক্তিৰ আগমন ঘটে আৰু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যও ভালে থাকে।

৩) নিমখ খোলাকৈ নাৰাখিব। পাকঘৰত ৰখা নিমখ কেতিয়াও খোলাকৈ ৰাখিব নালাগে।নিমখ থোৱা পাত্ৰটোৰ ঢাকনি সদায়ে বন্ধ ৰাখিব। অন্যথা ই আপোনাৰ ঋণ বৃদ্ধি কৰিব।

৪) পাকঘৰ সদায় চাফ-চিকুণকৈ ৰাখিব লাগে। পাকঘৰ লেতেৰাকৈ ৰাখিলে ঘৰত কুপ্ৰভাৱ পৰে।

৫) বাহি বাচন-বৰ্তন পাকঘৰত পেলাই নথব। মা লক্ষ্মী ক্ষুণ্ণ হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement