--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰ এখনৰ অন্যতম মুখ্য অংশটো হৈছে আমাৰ পাকঘৰটো। বাস্তুশাস্ত্ৰত পাকঘৰৰ বিষয়ে বহুতো কথা উল্লেখ আছে।  পাকঘৰৰ দোষ থাকিলে পৰিয়ালত অশান্তি হোৱাৰ লগতে মানুহ অসুস্থ হয়। বাস্তুৰ নিয়ম অনুসৰি পাকঘৰৰ কথাবোৰত গুৰুত্ব দিয়া প্ৰয়োজন। 

পাকঘৰৰ দিশ

দক্ষিণ বা পূব দিশঃ পাকঘৰটো সদায় দক্ষিণ বা পূব দিশত থাকিব লাগে।এই দিশত পাকঘৰ থাকিলে ঘৰৰ সদস্যসকলৰ ওপৰত সুপ্ৰভাৱ পৰে। 

উত্তৰ দিশঃ এই দিশত পাকঘৰ থাকিলে ঘৰত ধনৰ অভাৱ হ'ব পাৰে আৰু ই সন্তানৰ সৈতে সম্পৰ্কও নষ্ট কৰিব পাৰে।উত্তৰ দিশত পাকঘৰ থকাটো সন্তানৰ স্বাস্থ্যৰ বাবেও হানিকাৰক।

উত্তৰ-পশ্চিম দিশঃ পাকঘৰটো ঘৰৰ উত্তৰ-পশ্চিম দিশত থকাটো অনুচিত। এনে হোৱাৰ ফলত শাহু আৰু বোৱাৰীৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে।

দক্ষিণ-পশ্চিম দিশঃ দক্ষিণ-পশ্চিম দিশত পাকঘৰ থাকিলে ঘৰটোৰ মুৰব্বীৰ যি কোনো সমস্যা হ'ব পাৰে। ইয়াৰ ফলত তেওঁৰ সন্মান আৰু স্বাস্থ্যও বেয়াকৈ প্ৰভাৱিত হয়।



এই নিয়মবোৰ অনুসৰণ কৰক 

১) পাকঘৰত পূব দিশত মা অন্নপূৰ্ণাৰ এখন ছবি ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি সম্ভৱ হয়,ছবিখনত চন্দন কাঠৰ মালা এডাল লগাই থ’ব। এনে কৰাৰ ফলত ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়।

২) যদি পাকঘৰত কোনো ইতিবাচক শক্তি নাথাকে, তেন্তে আপুনি পাকঘৰত ফুল বা ফুলৰ ছবি ৰাখিব পাৰে। বাস্তু মতে, এনে কৰিলে ঘৰলৈ ইতিবাচক শক্তিৰ আগমন ঘটে আৰু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যও ভালে থাকে।

৩) নিমখ খোলাকৈ নাৰাখিব। পাকঘৰত ৰখা নিমখ কেতিয়াও খোলাকৈ ৰাখিব নালাগে।নিমখ থোৱা পাত্ৰটোৰ ঢাকনি সদায়ে বন্ধ ৰাখিব। অন্যথা ই আপোনাৰ ঋণ বৃদ্ধি কৰিব।

৪) পাকঘৰ সদায় চাফ-চিকুণকৈ ৰাখিব লাগে। পাকঘৰ লেতেৰাকৈ ৰাখিলে ঘৰত কুপ্ৰভাৱ পৰে।

৫) বাহি বাচন-বৰ্তন পাকঘৰত পেলাই নথব। মা লক্ষ্মী ক্ষুণ্ণ হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ কিন্তু আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব: লুৰিণজ্যোতি গগৈ
দিল্লীৰ ২০খন মহাবিদ্যালয়ত বোমাৰ ভাবুকি, ভাবুকিপূৰ্ণ ই-মেইলে টোপনি কাঢ়িছে প্ৰশাসনৰ
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড