--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰত পাণৰ বিশেষ মৰ্যাদা আছে। জানো আহক বাস্তুশাস্ত্ৰত পাণৰ গুৰুত্ব কিমান। যদি আপুনি আৰ্থিক সমস্যাত ভুগি আছে, যদি আপোনাৰ কামবোৰ আবদ্ধ হৈ আছে, যদি আপোনাৰ ঘৰত অস্থিৰতা আৰু দুখৰ পৰিবেশ আছে বা যদি ৰোগে ঘৰৰ পৰা ওলাই যোৱাৰ নাম লোৱা নাই তেন্তে আপুনি বাস্তুশাস্ত্ৰত পাব ইয়াৰ সমাধান। 

আমি সকলোৱে জানো যে হিন্দু ধৰ্মত পূজাৰ বাবে বহু ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়। এই প্ৰতিটো উপাদানৰ নিজস্ব গুৰুত্ব আছে, যাৰ পৰা আমি বিভিন্ন ধৰণৰ ফল পাওঁ। ইয়াৰে এটা উপাদান হ’ল পাণ। বহুতে পাণক কেৱল খোৱা বস্তু বুলি গণ্য কৰে যদিও সেয়া নহয়। দেৱতা-দেৱীকো পাণেৰে পূজা কৰা হয়।

অপশক্তিৰ পৰা মুক্তি পাবলৈ এইবোৰ ব্যৱস্থা কৰক

বহু শাস্ত্ৰত কোৱা হৈছে যে যদি কোনো ব্যক্তি অপশক্তিৰ চিকাৰ হয় বা কাৰোবাৰ নজৰ লাগে তেন্তে তেনে মানুহক পাণৰ লগত গোলাপৰ পাহি মিহলাই খুৱালে অশুভ শক্তি সেই ব্যক্তিজনৰ পৰা আঁতৰি যায়। যদি আপুনি কোনো শুভ কাম আৰম্ভ কৰিব বিচাৰে তেন্তে পাণৰ লগত কেশৰ মিলাই ভগৱান গণেশৰ ওচৰত উৎসৰ্গা কৰক। এনে কৰিলে প্ৰভু গজানন সুখী হৈ পৰে আৰু জীৱনৰ সকলো কষ্টৰ পৰা মুক্তি দিয়ে।

এই প্ৰতিকাৰৰ সহায়ত ঘৰৰ পৰিবেশ সুস্থ হৈ পৰে

যদি আপোনাৰ ঘৰত নেতিবাচক শক্তি বিয়পি পৰে আৰু পৰিয়ালৰ সদস্যৰ মাজত বিবাদৰ পৰিবেশ সৃষ্টি হয়, তেন্তে ঘৰৰ মূল গেটত দৈনিক পান  ওলোমাই দিবলৈ আৰম্ভ কৰক। এনে কৰিলে ঘৰৰ নেতিবাচকতা শেষ হয় আৰু ইতিবাচক শক্তি পৰিয়ালটোত বাস কৰে বুলি বিশ্বাস কৰা হয়।

পাণ ফটা-চিঙা বা শুকান হ'ব নালাগে

ঘৰত যেতিয়াই পূজাৰ থালী প্ৰস্তুত কৰে তেতিয়াই বিশেষ ধ্যান ৰাখিব পাণ ফটা-চিঙা বা শুকান যাতে নহয়। থালীত সদায় সতেজ সেউজীয়া, চিকচিকিয়া আৰু সম্পূৰ্ণ পাণ ৰাখিব লাগে। যদি এনে নকৰে তেন্তে আপুনি পূজা-পাতলৰ পূৰ্ণ ফল নাপাব। 

মঙল-শনিবাৰে প্ৰভু হনুমানলৈ পাণ আগবঢ়াওক

ধৰ্মীয় গ্ৰন্থসমূহত কোৱা হৈছে যে যদি মঙলবাৰ আৰু শনিবাৰে প্ৰভু হনুমানক পাণ আগবঢ়োৱা হয় তেন্তে স্থবিৰ হৈ থকা সকলো কাম সম্পূৰ্ণ হয়। ইয়াৰ সমান্তৰালকৈ ঘৰত হৈ থকা সমস্যা আৰু ৰোগো পলাই যায়। বুধবাৰে পাণ সেৱন কৰিলে শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে মানুহৰ মাংসপেশীৰ শক্তি আৰু মানসিক শক্তি বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ