--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰত পাণৰ বিশেষ মৰ্যাদা আছে। জানো আহক বাস্তুশাস্ত্ৰত পাণৰ গুৰুত্ব কিমান। যদি আপুনি আৰ্থিক সমস্যাত ভুগি আছে, যদি আপোনাৰ কামবোৰ আবদ্ধ হৈ আছে, যদি আপোনাৰ ঘৰত অস্থিৰতা আৰু দুখৰ পৰিবেশ আছে বা যদি ৰোগে ঘৰৰ পৰা ওলাই যোৱাৰ নাম লোৱা নাই তেন্তে আপুনি বাস্তুশাস্ত্ৰত পাব ইয়াৰ সমাধান। 

আমি সকলোৱে জানো যে হিন্দু ধৰ্মত পূজাৰ বাবে বহু ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়। এই প্ৰতিটো উপাদানৰ নিজস্ব গুৰুত্ব আছে, যাৰ পৰা আমি বিভিন্ন ধৰণৰ ফল পাওঁ। ইয়াৰে এটা উপাদান হ’ল পাণ। বহুতে পাণক কেৱল খোৱা বস্তু বুলি গণ্য কৰে যদিও সেয়া নহয়। দেৱতা-দেৱীকো পাণেৰে পূজা কৰা হয়।

অপশক্তিৰ পৰা মুক্তি পাবলৈ এইবোৰ ব্যৱস্থা কৰক

বহু শাস্ত্ৰত কোৱা হৈছে যে যদি কোনো ব্যক্তি অপশক্তিৰ চিকাৰ হয় বা কাৰোবাৰ নজৰ লাগে তেন্তে তেনে মানুহক পাণৰ লগত গোলাপৰ পাহি মিহলাই খুৱালে অশুভ শক্তি সেই ব্যক্তিজনৰ পৰা আঁতৰি যায়। যদি আপুনি কোনো শুভ কাম আৰম্ভ কৰিব বিচাৰে তেন্তে পাণৰ লগত কেশৰ মিলাই ভগৱান গণেশৰ ওচৰত উৎসৰ্গা কৰক। এনে কৰিলে প্ৰভু গজানন সুখী হৈ পৰে আৰু জীৱনৰ সকলো কষ্টৰ পৰা মুক্তি দিয়ে।

এই প্ৰতিকাৰৰ সহায়ত ঘৰৰ পৰিবেশ সুস্থ হৈ পৰে

যদি আপোনাৰ ঘৰত নেতিবাচক শক্তি বিয়পি পৰে আৰু পৰিয়ালৰ সদস্যৰ মাজত বিবাদৰ পৰিবেশ সৃষ্টি হয়, তেন্তে ঘৰৰ মূল গেটত দৈনিক পান  ওলোমাই দিবলৈ আৰম্ভ কৰক। এনে কৰিলে ঘৰৰ নেতিবাচকতা শেষ হয় আৰু ইতিবাচক শক্তি পৰিয়ালটোত বাস কৰে বুলি বিশ্বাস কৰা হয়।

পাণ ফটা-চিঙা বা শুকান হ'ব নালাগে

ঘৰত যেতিয়াই পূজাৰ থালী প্ৰস্তুত কৰে তেতিয়াই বিশেষ ধ্যান ৰাখিব পাণ ফটা-চিঙা বা শুকান যাতে নহয়। থালীত সদায় সতেজ সেউজীয়া, চিকচিকিয়া আৰু সম্পূৰ্ণ পাণ ৰাখিব লাগে। যদি এনে নকৰে তেন্তে আপুনি পূজা-পাতলৰ পূৰ্ণ ফল নাপাব। 

মঙল-শনিবাৰে প্ৰভু হনুমানলৈ পাণ আগবঢ়াওক

ধৰ্মীয় গ্ৰন্থসমূহত কোৱা হৈছে যে যদি মঙলবাৰ আৰু শনিবাৰে প্ৰভু হনুমানক পাণ আগবঢ়োৱা হয় তেন্তে স্থবিৰ হৈ থকা সকলো কাম সম্পূৰ্ণ হয়। ইয়াৰ সমান্তৰালকৈ ঘৰত হৈ থকা সমস্যা আৰু ৰোগো পলাই যায়। বুধবাৰে পাণ সেৱন কৰিলে শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে মানুহৰ মাংসপেশীৰ শক্তি আৰু মানসিক শক্তি বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে