--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিটো বিষয়ৰ বাবে বিজেপিৰ সমালোচনাৰ লক্ষ্য হৈ পৰে কংগ্ৰেছ, যিটো বিষয়ৰ বাবে জনতাৰ মনৰ পৰা নিলগলৈ গৈছে কংগ্ৰেছ৷ সেই বিষয়টোৱেই হ‘ল পৰিয়ালতন্ত্ৰ৷ পৰিয়ালতন্ত্ৰই হৈ পৰিছে কংগ্ৰেছৰ পৰিচয়। পুনৰবাৰ এই কথা প্ৰমাণ হ’বলৈ আগবাঢ়িছে। এইবাৰ কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰৰ পতাকাখন বহন কৰিবলৈ ওলাইছে এতিয়া ৰবাৰ্ট ৱাদ্ৰাই। উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন যুঁজ দিয়াৰ মন বান্ধিছে ৱাদ্ৰাই। বিগত ৩০টা বছৰত প্ৰথমতে ছোনিয়া গান্ধীয়ে ৰাজনীতিত পদাৰ্পন কৰিছিল। তাৰ পাছত ৰাজনীতিত প্ৰৱেশ ঘটিছিল ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ। এতিয়া আমেথিৰ পৰা সাংসদ হোৱাৰ মন প্ৰিয়ংকাৰে স্বামী ৰবাৰ্ট ৱাদ্ৰাৰ। কালি ৰবাৰ্ট ৱাদ্ৰাই আকস্মিকভাৱে এটা ৰাজনৈতিক সাক্ষাৎকাৰ প্ৰদান কৰে। সাক্ষাৎকাৰটোত ৱাদ্ৰাই আমেথিৰ পৰা নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰে। আমেথিৰ জনতাই তেওঁক সমষ্টিটোৰ পৰা নিৰ্বাচন খেলাটো বিচাৰিছে বুলি সাক্ষাৎকাৰটোত মন্তব্য কৰে ৱাদ্ৰাই।‌ 

২০১৯ চনলৈকে আমেথি কংগ্ৰেছৰ অভেদ্য দূৰ্গ হিচাপে পৰিচিত আছিল। কিন্তু সেই লোকসভা নিৰ্বাচনত বিজেপিৰ স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক হৰুৱাই কংগ্ৰেছৰ দূৰ্গ ধ্বংস কৰিছিল। এইবাৰ আমেথিত ৰাহুলৰ পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ ইচ্ছা ছোনিয়া গান্ধীৰ জোঁৱাইৰ। বিগত সময়ত এইটো স্পষ্ট হৈছে পৰিয়ালতন্ত্ৰৰ বাবেই কংগ্ৰেছৰ ৰাজনৈতিক বিপৰ্যয়। কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতি জনতাই গ্ৰহণ নকৰে বুলি দিছে স্পষ্ট ইংগিত। ছোনিয়া আৰু ৰাহুল গান্ধীৰ নেতৃত্বৰ বহুকেইটা লোকসভা-বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছে দলটো। তাৰ পাছতো দলটোৱে এৰিব বিচৰা নাই পৰিয়ালতন্ত্ৰ। বৰ্তমান ৰাহুল গান্ধী কংগ্ৰেছ সভাপতি নহ’লেও তেওঁয়েই পৰোক্ষভাৱে কংগ্ৰেছৰ মুৰব্বী। দৰাচলতে ভাৰতীয় ৰাজনীতিত স্থিতি বজাই ৰাখিবলৈকে গান্ধী পৰিয়ালে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছক। শেহতীয়াকৈ জ্যেষ্ঠ নেতা সঞ্জয় নিৰূপমে কংগ্ৰেছ ত্যাগ কৰিছিল। দলত্যাগ কৰি নিৰূপমে কংগ্ৰেছ হাইকমাণ্ডত ৫টা লবী চলা বুলি বিস্ফোৰণ ঘটাইছিল। নিৰূপমৰ মতে কংগ্ৰেছ শীৰ্ষ নেতৃত্বত বৰ্তমান ছোনিয়া,ৰাহুলৰ লগতে প্ৰিয়ংকাৰো লবী। প্ৰিয়ংকা গান্ধীৰ লবীৰে ৰবাৰ্ট ৱাদ্ৰাই এতিয়া বিচাৰিছে নিৰ্বাচনত যুঁজিবলৈ। 

অহা ২০ মে’ত আমেথিৰ লোকসভা নিৰ্বাচন। কিন্তু এতিয়ালৈকে আমেথিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই কংগ্ৰেছে। আমেথিত বৰ্তমান কংগ্ৰেছৰ স্থিতি দুৰ্বল। সেই বাবেই সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ সম্ভাৱনা কম। পুনৰ আমেথিত পৰাস্ত হৈ ৰাজনৈতিক লজ্জাৰ সন্মুখীন হবলৈ নিবিচাৰে ৰাহুলে। এনে প্ৰেক্ষাপটত ৰবাৰ্ট ৱাদ্ৰাই আমেথিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবিলৈ আগবাঢ়িছে। বৰ্তমানলৈ ৱাদ্ৰাই আমেথিৰ টিকট পোৱা নাই যদিও বিজেপিয়ে আক্ৰমণ আৰম্ভ কৰিছে তেওঁৰ বিৰুদ্ধে। ৰবাৰ্ট ৱাদ্ৰাই কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ নিদৰ্শন বুলি মন্তব্য বিজেপি নেতা মনজিন্দৰ সিং শিৰচাৰ। ছোনিয়া গান্ধীৰ জোঁৱাইৰ বাহিৰে ৱাদ্ৰাৰ পৰিচয় কি বুলি প্ৰশ্ন কৰে শিৰচাই। 

আমেথিত বিগত ৫ বছৰত গণভিত্তি দৃঢ় কৰিছে সমষ্টিটোৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে। ৱাদ্ৰাই টিকট পালে কেনেদৰে স্মৃতি ইৰাণীৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিব সেই দিশলৈ দৃষ্টি থাকিব দেশবাসীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক