--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''অসমৰ জনসাধাৰণে আম আদমী পাৰ্টিক আঁকোৱালি লৈছে। সেইবাবেই ৰাজ্যখনৰ দুটাকৈ লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিছে।'' ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ক্ৰমে মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত উপস্থিত হোৱা দলৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই আজি ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত সংবাদ মাধ্যমক এনেদৰে কয়। 

অসমৰ চাহ শ্ৰমিকক প্ৰাপ্য মজুৰি লাভৰ পৰা বঞ্চিত কৰি ৰখা বুলিও অভিযোগ উত্থাপন কৰে আপৰ নেত্ৰী গৰাকীয়ে। চাহ মজদুৰৰ মজুৰি বৃদ্ধিৰ গেৰাণ্টি আপৰ। আপৰ কেন্দ্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমতো দিল্লীৰ দৰে উন্নত মানৰ শিক্ষা ব্যৱস্থা আৰু বিনামূলীয়া স্বাস্থ্য সেৱাৰ বাবে মহল্লা ক্লিনিকৰ পোষকতা কৰে। বিমানবন্দৰৰ পৰা পোনে পোনে দুলীয়াজানলৈ যায় আপৰ নেত্ৰীগৰাকী। 

দুলীয়াজান ৰে'ল ষ্টেচনৰ সমীপৰ পৰা দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এক বিশাল ৰোড শ্ব' মুকলি কৰে। হাজাৰ হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ হৰ্ষধ্বনি, বিহুনাচ, ঝুমুৰ নৃত্যৰে আতিশীক আদৰণি জনায়। দুলীয়াজান চহৰৰ মাজেৰে ৰোড শ্ব' কৰি গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে দলৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে। 

পাছত শ্বহীদ বেদীতো আতিশীয়ে অসমৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। দুলীয়াজানত অনুষ্ঠিত বিশাল ৰোড শ্ব'ত আতিশীৰ সৈতে অংশগ্ৰহণ কৰে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাষ্ট্ৰীয় নেতা অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰাহুল পানৱাৰ আৰু দলৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃবৃন্দই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন