--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''অসমৰ জনসাধাৰণে আম আদমী পাৰ্টিক আঁকোৱালি লৈছে। সেইবাবেই ৰাজ্যখনৰ দুটাকৈ লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিছে।'' ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ক্ৰমে মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত উপস্থিত হোৱা দলৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই আজি ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত সংবাদ মাধ্যমক এনেদৰে কয়। 

অসমৰ চাহ শ্ৰমিকক প্ৰাপ্য মজুৰি লাভৰ পৰা বঞ্চিত কৰি ৰখা বুলিও অভিযোগ উত্থাপন কৰে আপৰ নেত্ৰী গৰাকীয়ে। চাহ মজদুৰৰ মজুৰি বৃদ্ধিৰ গেৰাণ্টি আপৰ। আপৰ কেন্দ্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমতো দিল্লীৰ দৰে উন্নত মানৰ শিক্ষা ব্যৱস্থা আৰু বিনামূলীয়া স্বাস্থ্য সেৱাৰ বাবে মহল্লা ক্লিনিকৰ পোষকতা কৰে। বিমানবন্দৰৰ পৰা পোনে পোনে দুলীয়াজানলৈ যায় আপৰ নেত্ৰীগৰাকী। 

দুলীয়াজান ৰে'ল ষ্টেচনৰ সমীপৰ পৰা দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এক বিশাল ৰোড শ্ব' মুকলি কৰে। হাজাৰ হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ হৰ্ষধ্বনি, বিহুনাচ, ঝুমুৰ নৃত্যৰে আতিশীক আদৰণি জনায়। দুলীয়াজান চহৰৰ মাজেৰে ৰোড শ্ব' কৰি গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে দলৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে। 

পাছত শ্বহীদ বেদীতো আতিশীয়ে অসমৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। দুলীয়াজানত অনুষ্ঠিত বিশাল ৰোড শ্ব'ত আতিশীৰ সৈতে অংশগ্ৰহণ কৰে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাষ্ট্ৰীয় নেতা অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰাহুল পানৱাৰ আৰু দলৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃবৃন্দই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ