--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ক্ষোভিত ৰেলযাত্ৰীৰ সৈতে হোৱা ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ অৱতাৰণা কৰিছে৷ঘটনা অনুসৰি গুজৰাটৰ বদোদৰাৰ এজন লোকে টিকট অবিহনে যাত্ৰা কৰা যাত্ৰীৰ ভিৰৰ বাবে ৰে’লত উঠিবলৈ ব্যৰ্থ হয়। অংশুল ছাক্সেনা নামৰ যাত্ৰীজনে নিজৰ গৃহ চহৰলৈ যোৱা ৩ টায়াৰৰ এচি টিকট নিশ্চিত কৰিলেও বিশৃংখল জনসমাগমৰ ক্ৰোধ সহ্য কৰিবলগীয়া হৈছিল। এক্সত অংশুলে ধাৰাবাহিকভাৱে পোষ্টত ভাৰতীয় ৰে’লৱেক নিন্দা কৰি কয়, “মোৰ দীপাৱলী নষ্ট কৰাৰ বাবে ধন্যবাদ”।




ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ডি আৰ এম বডোদৰাক টেগ কৰি অংশুলে নিজৰ পোষ্টত কয় যে, ‘মই মুঠ ১১৭৩.৯৫ টকা ঘূৰাই দিব বিচাৰো।’অংশুলে নিজৰ পোষ্টসমূহত ৰে’লত উঠিবলৈ চেষ্টা কৰাৰ সময়ত ৰে’ল ষ্টেচনত সৃষ্টি হোৱা বিশৃংখলতাৰ কেইটামান ভিডিঅ’ আৰু ছবিও শ্বেয়াৰ কৰিছে।



অংশুলে নিজৰ পোষ্টত কয় যে-“ভাৰতীয় ৰেলৱেৰ আটাইতকৈ বেয়া ব্যৱস্থাপনা। মোৰ দীপাৱলী নষ্ট কৰাৰ বাবে ধন্যবাদ। নিশ্চিত 3rd AC টিকট থাকিলেও এইটোৱেই পায়। আৰক্ষীৰ কোনো সহায় নাই। মোৰ দৰে বহুজন উঠিব পৰা নাছিল। @AshwiniVaishnaw।’ অংশুলে লগতে কয়- এজন আৰক্ষী বিষয়াই মোক সহায় কৰিবলৈ অস্বীকাৰ কৰে৷শ্ৰমিক ৰাইজে মোক ৰেলৰ পৰা উলিয়াই দিলে। দুৱাৰত লক লগোৱাত কাকো ট্ৰেইনত সোমাবলৈ দিয়া নাছিল। আৰক্ষীয়ে মোক সহায় কৰিবলৈ স্পষ্টকৈ প্ৰত্যাখান কৰে আৰু পৰিস্থিতিৰ ওপৰত হাঁহিবলৈ ধৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement