--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত এই পৃথিৱীত জীয়াই থকা নাই যদিও অনুৰাগীৰ স্মৃতিত তেওঁ এতিয়াও জীয়াই আছে। সুশান্তৰ মৃত্যুৰ পাছৰে পৰা তেওঁৰ ফ্লেটটো খালী হৈ পৰি আছে। সেই ফ্লেটটো ভাড়া ল'বলৈ কোনো সাজু নাছিল। কোনোবাই ফ্লেটটো লোৱাৰ কথা ভাবিলেও যেতিয়া গম পায় যে তাতে সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল তেতিয়াই তেওঁ সেই সিদ্ধান্ত বাতিল কৰিছিল। কিন্তু নতুন তথ্য অনুসৰি সুশান্তৰ ফ্লেটত তেওঁৰ মৃত্যুৰ প্ৰায় আঢ়ৈ বছৰৰ পাছত নতুন ভাড়াতীয়া পোৱা গৈছে।

সুশান্ত সিং ৰাজপুত বাস কৰা ডুপ্লেক্স ফ্লেটটোত অভিনেতাজনৰ মৃত্যুৰ পাছত কোনো ভাড়াতীয়া পোৱা নাছিল মালিকে। তাত থাকিবলৈ মানুহ ভয় খাইছিল কাৰণ ২০২০ চনৰ ১৪ জুনত সুশান্তই সেই ফ্লেটত আত্মহত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। আজিলৈকে সেয়া হত্যা নে আত্মহত্যা তাৰ ৰহস্য উদঘাটন হোৱা নাই। এই ঘৰটোক লৈ বহু কথাই চৰ্চালৈ আহিছিল। বহুতে ফ্লেটটোক অভিশপ্ত বুলি মন্তব্য কৰিছিল।

ঘৰৰ মালিক বিদেশত থাকে। এনে অৱস্থাত তেওঁ বহুদিন ভাড়াতীয়া বিচাৰি আছিল যদিও পোৱা নাছিল। এতিয়া যেন তেওঁৰ সেই সন্ধান শেষ হৈছে। সুশান্তৰ ঘৰত বহুদিনৰ মূৰত নতুন ভাড়াতীয়া পোৱাৰ খবৰ আহিছে।

ৰিয়েল এষ্টেট ব্ৰোকাৰে জনাইছে যে সুশান্তৰ ফ্লেটৰ ভাড়া মাহে ৫ লাখ টকা। ছিকিউৰিটী মানী হিচাপেও লাভ কৰিব ঘৰৰ মালিকে ৩০ লাখ টকা। ৰিয়েল এষ্টেট ব্ৰোকাৰ ৰফিক মাৰ্চেণ্টে জনাইছে – ''আমি এজন ভাড়াতীয়া পাইছো। আমাৰ সৈতে কথাবোৰ চূড়ান্ত কৰিবলৈ কথা-বতৰা চলি আছে। সুশান্তৰ মৃত্যুৰ বহুদিন পাৰ হৈ গ’ল, গতিকে মানুহে এতিয়া সহজভাৱে লৈছে।'' উল্লেখ্য যে সুশান্তই সেই ফ্লেটৰ ভাড়া দিছিল মাহিলী ৪.৫ লাখ টকা কিন্তু এতিয়া মালিকে ভাড়া বঢ়াই মাহিলী ৫ লাখ টকা কৰিছে। ফ্লেটটোত  চাৰিটা শোৱনি কোঠা, বাথৰুম, পাকঘৰ আৰু এখন চাদ আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক