--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত এই পৃথিৱীত জীয়াই থকা নাই যদিও অনুৰাগীৰ স্মৃতিত তেওঁ এতিয়াও জীয়াই আছে। সুশান্তৰ মৃত্যুৰ পাছৰে পৰা তেওঁৰ ফ্লেটটো খালী হৈ পৰি আছে। সেই ফ্লেটটো ভাড়া ল'বলৈ কোনো সাজু নাছিল। কোনোবাই ফ্লেটটো লোৱাৰ কথা ভাবিলেও যেতিয়া গম পায় যে তাতে সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল তেতিয়াই তেওঁ সেই সিদ্ধান্ত বাতিল কৰিছিল। কিন্তু নতুন তথ্য অনুসৰি সুশান্তৰ ফ্লেটত তেওঁৰ মৃত্যুৰ প্ৰায় আঢ়ৈ বছৰৰ পাছত নতুন ভাড়াতীয়া পোৱা গৈছে।

সুশান্ত সিং ৰাজপুত বাস কৰা ডুপ্লেক্স ফ্লেটটোত অভিনেতাজনৰ মৃত্যুৰ পাছত কোনো ভাড়াতীয়া পোৱা নাছিল মালিকে। তাত থাকিবলৈ মানুহ ভয় খাইছিল কাৰণ ২০২০ চনৰ ১৪ জুনত সুশান্তই সেই ফ্লেটত আত্মহত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। আজিলৈকে সেয়া হত্যা নে আত্মহত্যা তাৰ ৰহস্য উদঘাটন হোৱা নাই। এই ঘৰটোক লৈ বহু কথাই চৰ্চালৈ আহিছিল। বহুতে ফ্লেটটোক অভিশপ্ত বুলি মন্তব্য কৰিছিল।

ঘৰৰ মালিক বিদেশত থাকে। এনে অৱস্থাত তেওঁ বহুদিন ভাড়াতীয়া বিচাৰি আছিল যদিও পোৱা নাছিল। এতিয়া যেন তেওঁৰ সেই সন্ধান শেষ হৈছে। সুশান্তৰ ঘৰত বহুদিনৰ মূৰত নতুন ভাড়াতীয়া পোৱাৰ খবৰ আহিছে।

ৰিয়েল এষ্টেট ব্ৰোকাৰে জনাইছে যে সুশান্তৰ ফ্লেটৰ ভাড়া মাহে ৫ লাখ টকা। ছিকিউৰিটী মানী হিচাপেও লাভ কৰিব ঘৰৰ মালিকে ৩০ লাখ টকা। ৰিয়েল এষ্টেট ব্ৰোকাৰ ৰফিক মাৰ্চেণ্টে জনাইছে – ''আমি এজন ভাড়াতীয়া পাইছো। আমাৰ সৈতে কথাবোৰ চূড়ান্ত কৰিবলৈ কথা-বতৰা চলি আছে। সুশান্তৰ মৃত্যুৰ বহুদিন পাৰ হৈ গ’ল, গতিকে মানুহে এতিয়া সহজভাৱে লৈছে।'' উল্লেখ্য যে সুশান্তই সেই ফ্লেটৰ ভাড়া দিছিল মাহিলী ৪.৫ লাখ টকা কিন্তু এতিয়া মালিকে ভাড়া বঢ়াই মাহিলী ৫ লাখ টকা কৰিছে। ফ্লেটটোত  চাৰিটা শোৱনি কোঠা, বাথৰুম, পাকঘৰ আৰু এখন চাদ আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ