--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা বাহিনীত নিযুক্তিৰ বাবে গ্ৰহণ কৰা অগ্নিপথ আঁচনিক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। দেশজুৰি অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিবাদৰ পিছত উচ্চতম ন্যায়ালয়ত এই আঁচনিখনৰ বিৰুদ্ধে পৃথকে পৃথকে দাখিল কৰা হৈছিল তিনিখন আবেদন। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনক প্ৰত্যাহ্বান জনাই মনোহৰ লাল শৰ্মা, হৰ্ষ অজয় সিং আৰু ৰবীন্দ্ৰ সিং শ্বেখাৱতে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি পৃথকে পৃথকে আবেদন দাখিল কৰিছিল। 

তিনিওগৰাকী আবেদনকাৰীয়ে অগ্নিপথ আঁচনিক দেশৰ হিত সাধনৰ বিৰোধী বুলি অভিহিত কৰিছে। দেশৰ যুৱ প্ৰজন্ম বিৰোধী অগ্নিপথ আঁচনিক ভুলকৈ ৰূপায়ণ কৰা হৈছে বুলি দাবী কৰা হৈছে আবেদনত। অগ্নিপথক অবৈধ আৰু অসাংবিধানিক বুলি অভিহিত কৰি মনোহৰ লাল শৰ্মাই আঁচনিখন বাতিল কৰাৰ দাবী জনাইছে। 

একে সময়তে হৰ্ষ অজয় সিঙে আবেদনযোগে আঁচনিখনৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান জনোৱাৰ লগতে বৰ্তমানৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ ৰখাৰ বাবে অনুৰোধ জনাইছে। আবেদধখনত তেওঁ উল্লেখ কৰিছে যে অগ্নিপথ আঁচনিৰ ঘোষণাই সমগ্ৰ দেশতে আন্দোলনৰ সৃষ্টি কৰিছে। সামৰিক বাহিনীত মাত্ৰ চাৰি বছৰৰ হস্ৰকালীন ম্যাদে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছে বুলি তেওঁ অভিযোগ কৰিছে।  

একে সময়তে কেন্দ্ৰীয় চৰকাৰেও আত্মপক্ষ সমৰ্থনৰ বাবে আঁচনিখনৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহত চৰকাৰৰ শুনানি গ্ৰহণৰ বাবে আহ্বান জনাই আন এখন আবেদন দাখিল কৰিছিল। এনে পৰিস্থিতিত চৰকাৰী পক্ষৰ শুনানি গ্ৰহণ নকৰাকৈ আদালতে গোচৰটোৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। 

সেয়েহে আদালতে দুয়োপক্ষকে শীৰ্ষ আদালতৰ মজিয়াত আত্মপক্ষ সমৰ্থনৰ সুযোগ প্ৰদান কৰিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, সূৰ্যকান্ত আৰু এ এছ বোপান্নাৰ তিনিজনীয়া বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য যে সামৰিক বিভাগত নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ আন্দোলনৰ। সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতাৰে নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই অগ্নিপথ যোজনাৰ বিৰুদ্ধে সৃষ্টি কৰা আন্দোলনে সমগ্ৰ দেশতে ব্যাপক ৰূপত মূৰ দাঙি উঠিছিল। কেইবাখনো ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপো ধাৰণ কৰিছিল। 

যুৱ প্ৰজন্মৰ এই প্ৰতিবাদলৈ সঁহাৰি জনাই দেশৰ কৃষক সংগঠন সমূহৰ একত্ৰিত সংস্থা সংযুক্ত কিষাণ মৰ্চাইও দেশজুৰি আন্দোলনৰ হুংকাৰ দিছিল।দেশৰ যুৱ প্ৰজন্মৰ এই প্ৰাসংগিক আন্দোলনে গা লৰাব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰৰ। আন্দোলনলৈ কোনো ভ্ৰুক্ষেপ নকৰাকৈ কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে অগ্নিপথ বাতিল নহয় বুলি স্পষ্টকৈ ঘোষণা কৰে। মাত্ৰ আঁচনিখনত সংশোধন কৰি সংযোগ কৰা হয় কিছু নতুন নিয়ম।

তাৰ পিছতে যোৱা মাহত চৰকাৰে অগ্নিপথৰ অধীনত মুকলি কৰে বায়ুসেনাত নিযুক্তিৰ পদ। নতুনকৈ নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ পাছতে দেশৰ অগনণ নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীয়ে আবেদন জনায়। আৰু এইদৰেই কাৰ্যত: অগ্নিপথ বিৰোধী প্ৰতিবাদৰ ঢৌ হৈ পৰে ফুটুকাৰ ফেন।

অৱশ্যে দেশত নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত অগ্নিপথৰ প্ৰতি এই সঁহাৰি অসম্ভৱ নহয়। কৰ্ম সংস্থাপনৰ সংশয়ত ভুগা দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতীৰ বাবে অগ্নিপথ হৈ পৰিছে পানীৰ মাজত খেৰকুটা সদৃশ। সেয়ে আন কোনো বিকল্প পথ নেদেখি অগ্নিপথ যোজনাৰ অধীনত নিযুক্তিৰ বাবে আবেদন জনাবলৈ বাধ্য হৈ পৰিছে এই নিবনুৱা যুৱক-যুৱতীসকল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক