--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা মেকুৰীৰ জীৱন বচাবলৈ গৈ মৃত্যুমুখত পৰিল এটা পৰিয়ালৰ ৫জনকৈ লোক। মেকুৰীটোক বচাবলৈ একেটা পৰিয়ালৰ ৬জন লোকে বায়’গেছ চেম্বাৰত জপিয়াই পৰে। হৃদয় বিদাৰক ঘটনাত ৫জন লোকে প্ৰাণ হেৰুৱাইছে।এজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষী আৰু প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত এজনৰ প্ৰাণ ৰক্ষা পৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোক কিয় কুঁৱাটোত জপিয়াই পৰিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মহাৰাষ্ট্ৰৰ আহমেদনগৰ অঞ্চলৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে। মঙলবাৰে বিয়লি ৪ বজাত নেভাছা তালুকৰ ৱাকাডি অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। বায়’গেছ চেম্বাৰত পৰি যোৱা মেকুৰী এটাক বচাবলৈ পৰিয়ালটোৰ ছয়জন সদস্যই ইজনৰ পিছত সিজনকৈ জঁপিয়াই পৰে। ইয়াৰ পিছত বায়’গেছ চেম্বাৰত তেওঁলোকৰ শ্বাসৰুদ্ধ হ’বলৈ ধৰিলে।  এই হুলস্থুল শুনি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে।

ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা কেইজন হ’ল মাণিক গোবিন্দ কালে, সন্দীপ মানিক কালে, বাবলু অনিল কালে, অনিল বাপুৰাও কালে, বাবাছাহেব গাইকৱাদ। এই উদ্ধাৰ অভিযানৰ বাবে দলটোৱে চাৰি-পাঁচ ঘণ্টা সময় লৈছিল। তাকে লৈ মানুহে ক্ষোভ প্ৰকাশ কৰে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি বায়’গেছ চেম্বাৰত পৰি যোৱা মেকুৰীটোক বচাবলৈকে তেওঁলোক ইজনৰ পাছত জঁপিয়াই পৰিছিল। অৱশেষত সাবটিলে কৰুণ মৃত্যু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী