--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা মেকুৰীৰ জীৱন বচাবলৈ গৈ মৃত্যুমুখত পৰিল এটা পৰিয়ালৰ ৫জনকৈ লোক। মেকুৰীটোক বচাবলৈ একেটা পৰিয়ালৰ ৬জন লোকে বায়’গেছ চেম্বাৰত জপিয়াই পৰে। হৃদয় বিদাৰক ঘটনাত ৫জন লোকে প্ৰাণ হেৰুৱাইছে।এজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষী আৰু প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত এজনৰ প্ৰাণ ৰক্ষা পৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোক কিয় কুঁৱাটোত জপিয়াই পৰিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মহাৰাষ্ট্ৰৰ আহমেদনগৰ অঞ্চলৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে। মঙলবাৰে বিয়লি ৪ বজাত নেভাছা তালুকৰ ৱাকাডি অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। বায়’গেছ চেম্বাৰত পৰি যোৱা মেকুৰী এটাক বচাবলৈ পৰিয়ালটোৰ ছয়জন সদস্যই ইজনৰ পিছত সিজনকৈ জঁপিয়াই পৰে। ইয়াৰ পিছত বায়’গেছ চেম্বাৰত তেওঁলোকৰ শ্বাসৰুদ্ধ হ’বলৈ ধৰিলে।  এই হুলস্থুল শুনি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে।

ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা কেইজন হ’ল মাণিক গোবিন্দ কালে, সন্দীপ মানিক কালে, বাবলু অনিল কালে, অনিল বাপুৰাও কালে, বাবাছাহেব গাইকৱাদ। এই উদ্ধাৰ অভিযানৰ বাবে দলটোৱে চাৰি-পাঁচ ঘণ্টা সময় লৈছিল। তাকে লৈ মানুহে ক্ষোভ প্ৰকাশ কৰে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি বায়’গেছ চেম্বাৰত পৰি যোৱা মেকুৰীটোক বচাবলৈকে তেওঁলোক ইজনৰ পাছত জঁপিয়াই পৰিছিল। অৱশেষত সাবটিলে কৰুণ মৃত্যু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু