--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ঢৌ।  লোকসভা নিৰ্বাচনত এজন প্ৰাৰ্থীৰ জয়ৰ ভৱিষ্যদ্বাণী কৰিলে এটা ভাটৌৱে। এতিয়া বিপদত পৰিছে ভাটৌৰ মালিক। বিষয়টো ইমান গভীৰতালৈ সোমাই গল যে মালিকক গ্ৰেপ্তাৰ কৰা হ’ল। এই ঘটনা তামিলনাডুৰ কুড্ডালোৰ অঞ্চলৰ।

এটা ভৱিষ্যদ্বাণীকাৰী ভাটৌৱে পট্টলি মক্কল কট্চি (পিএমকে) দলৰ এজন প্ৰাৰ্থীৰ জয়ৰ ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ ভিডিঅ’ও ভাইৰেল হৈ পৰিল। বিষয়টো গৈ আৰক্ষীৰ কাষ চাপিল।

ইণ্ডিয়া টুডেৰ সৈতে জড়িত শিল্পা নাইৰৰ এক প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে কিছুদিনৰ পৰা কপৌটোক তেওঁলোকৰ লগত ৰাখিছিল। পিছত কপৌটোৰ মালিকক বন্দী কৰি নাৰাখিবলৈ সকীয়াই দিয়া হয়। ইয়াৰ পিছত তেওঁক মুকলি কৰি দিয়া হ’ল।

কুড্ডালোৰ অঞ্চলৰ পিএমকেৰ প্ৰাৰ্থী হৈছে চলচ্চিত্ৰ পৰিচালক থাংকৰ বসন। ৭ এপ্ৰিলত বসনে এটা মন্দিৰৰ কাষেৰে পাৰ হৈ গৈ আছিল। ইয়াত তেওঁ এজন জ্যোতিষীক দেখিলে, যিয়ে এটা ভাটৌক পিঞ্জৰাত ৰাখিছিল। এই ভাটোটোৱে বহু কাৰ্ডৰ পৰা এটা কাৰ্ড বাছি লৈ ভৱিষ্যদ্বাণী কৰি আছিল। নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাক লৈ থাংকৰ বসনৰো কৌতুহল বাঢ়িল। বসনে সমৰ্থকসকলৰ সৈতে ভাটৌটোৰ ওচৰ পালেগৈ।

ভাটৌটোক পিঞ্জৰাৰ পৰা উলিয়াই অনা লৈছিল। ভাটৌটোৱে কাৰ্ড এখন বাছি লৈছিল। এই কাৰ্ডৰ জৰিয়তে প্ৰাৰ্থীজনে নিজৰ ভৱিষ্যত জানিবলৈ ওলাইছিল। জ্যোতিষীজনে কাৰ্ডখন দেখি ভাল খবৰটো ক’লে। কাৰ্ডৰ মতে, এই নির্বাচনত থাংকৰ বসন জয়ী হ’বলৈ গৈ আছে। এই কথাত সুখী হৈ বসনে সুখী হৈ ভাটৌটোক কল খুৱাই দিয়ে।

এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। ইয়াৰ পিছতে ভাটৌটোৰ মালিক চেলভাৰজ আৰু তেওঁৰ ভাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কিয়নো পক্ষীক বন্দী কৰি থোৱাটো আইনমতে অপৰাধ।  আৰক্ষীয়ে চেলভাৰজৰ পৰা আৰু কিছু ভাটো উদ্ধাৰ কৰে আৰু সেইবোৰ হাবিত এৰি দিয়ে। পাছত  চেলভাৰজ আৰু তেওঁৰ ভাতৃক বুজাই মেলি আৰক্ষীয়ে থানাৰ পৰা মুকলি কৰি দিয়ে।

ভাটৌ উৰি গ’ল, ভাটৌৰ মালিককো পুলিচে পৰা মুক্ত কৰি দিলে কিন্তু এই বিষয়ত ৰাজনীতি আৰম্ভ হ’ল। আৰক্ষীৰ এই কাৰ্যক লৈ পিএমকে দলে ডিএমকে চৰকাৰক লক্ষ্য কৰি লৈছে। এই কথাক গৰিহণা দিছে পিএমকেৰ সভাপতি ড০ আনবুমণি ৰামাডোছে তেওঁ কয় যে ডিএমকে চৰকাৰে এই কাম কৰিছে কাৰণ তেওঁলোকে নিজৰ পৰাজয়ৰ কথা সহ্য কৰিব নোৱাৰে। ভাটৌটোৱে  পিএমকেৰ প্ৰাৰ্থী  থাংকৰ বসনক জয়ী হ'ব বুলি কোৱাত সহ্য কৰিব নোৱাৰি এই কাণ্ড কৰিছে চৰকাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী