--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত বিজেপিক চিন্তাত পেলালে  মাতুৱা সম্প্ৰদায়ে।    শেহতীয়াকৈ জানিব পৰা মতে বংগত 'কা'ৰ জৰিয়তে নাগৰিকত্ব দিব বিচৰা মাতুৱা সম্প্ৰদায়ে নিজাববীয়াকৈ দিব তিনিগৰাকী প্ৰাৰ্থী। ফলত এই সম্প্ৰদায়ৰ পৰা বিজেপিয়ে আশা কৰা ভোট নাপাবও পাৰে বুলি বিভিন্ন জনে আলোচনা কৰিছে। 

শেহতীয়া  খবৰ অনুসৰি লোকসভা নিৰ্বাচনত মতুৱাসকলে ৰাজ্যখনৰ তিনিখন আসনত 'নিৰ্দলীয়' প্ৰাৰ্থী প্ৰদান কৰিছে। মাতুৱাসকলৰ  সংগঠনশান্তিহৰি মতুৱা ফাউণ্ডেচনে প্বাৰকাশ কৰা মতে বাৰাসত, বঙাওঁ আৰু কৃষ্ণনগৰত মাতুৱাসকলে প্ৰাৰ্থী প্ৰদান কৰিছে। ফলস্বৰূপে, ৰাজনৈতিক মহলে ভাবিছে  যে বিজেপিৰ উদ্বেগ বৃদ্ধি পাব। দলটোৱে পূব বৰ্ধমানতো প্ৰাৰ্থী প্ৰদান কৰাৰ কথা আছিল, কিন্তু পিছত সিদ্ধান্তৰ সলনি কৰা হয়। সংগঠনটোৱে অভিযোগ কৰিছে  যে ৰাজ্যখনত মাতুৱা আৰু অন্যান্য জনজাতিৰ বিকাশৰ কথা কোনো দলেই চিন্তা কৰা নাই।  

গতিকে এইবাৰ মতুৱা সংগঠনে ৰাজ্যখনৰ তিনিখন আসনত প্ৰাৰ্থী দিছে। পশ্চিম বংগৰ যোৱা লোকসভা আৰু বিধানসভা নিৰ্বাচনত চিএএ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ বাবে এটা মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। ৰাজ্যখনত এক কোটিতকৈও অধিক ভোটাৰ থকা এই সম্প্ৰদায়টো বাংলাদেশৰ সীমান্তৱৰ্তী নদিয়া, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ ২৪ পৰগণা জিলাত বিয়পি আছে। চিএএ আইন খনৰ বিৰুদ্ধে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত কেইবা খনো আবেদন কৰা হৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জীয়ে কাৰ বিৰোধিতা কৰি কৈ আহিছে "ইয়াৰ কোনো ভিত্তি নাই, কোনো স্বচ্ছতা নাই। এয়া ভোটৰ আগতে খেলা এক খেল। এনে কাম ১৯৯০ চনৰ আগতে অসমতো কৰা হৈছিল। ১৪ লাখ লোকক এন আৰ চিৰ অধীনলৈ অনা হৈছিল। এয়া এক অবৈধ খেল। এয়া বিজেপিৰ লুডো খেল। তেওঁলোকে ভাবিছে তেওঁলোকে মই ছয় মাৰিছে। কিন্তু প্ৰকৃততে তেনে নহয়। " 

 মমতাই কৈ আহিছে  "মই বংগত চিএএ কাৰ্যকৰী হ'বলৈ নিদিওঁ। আমি ইয়াত কাকো এন আৰ চিৰ অংশ হ'বলৈ নিদিওঁ। তেওঁলোকে (বিজেপি) ভোট বেংকৰ ৰাজনীতিৰ বাবে মাতুৱা সম্প্ৰদায়ৰ লোকসকলক মিছা কথা কৈ আছে। আপোনালোকে নিজকে বিপদত পেলাব বিচাৰে নেকি? আপোনালোকে চিএএৰ বাবে আবেদন কৰাৰ পিছতে সামাজিক আঁচনিবোৰত সকলো লাভালাভ হেৰুৱাব। " বেনাৰ্জীয়ে মাতুৱা সম্প্ৰদায়ক চিএএৰ বাবে আবেদন নকৰিবলৈ আহ্বান জনায় আৰু তেনে কৰিলে বংগত তেওঁলোকে তেওঁলোকৰ নাগৰিকত্ব হেৰুৱাব বুলি মমতাই সকিয়াই দিয়ে। মমতাই "যদি কোনোবাই চিএএৰ বাবে আবেদন কৰে, তেন্তে পাঁচ বছৰৰ বাবে নাগৰিকত্ব হেৰুৱাব লাগিব," ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী