--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত বিজেপিক চিন্তাত পেলালে  মাতুৱা সম্প্ৰদায়ে।    শেহতীয়াকৈ জানিব পৰা মতে বংগত 'কা'ৰ জৰিয়তে নাগৰিকত্ব দিব বিচৰা মাতুৱা সম্প্ৰদায়ে নিজাববীয়াকৈ দিব তিনিগৰাকী প্ৰাৰ্থী। ফলত এই সম্প্ৰদায়ৰ পৰা বিজেপিয়ে আশা কৰা ভোট নাপাবও পাৰে বুলি বিভিন্ন জনে আলোচনা কৰিছে। 

শেহতীয়া  খবৰ অনুসৰি লোকসভা নিৰ্বাচনত মতুৱাসকলে ৰাজ্যখনৰ তিনিখন আসনত 'নিৰ্দলীয়' প্ৰাৰ্থী প্ৰদান কৰিছে। মাতুৱাসকলৰ  সংগঠনশান্তিহৰি মতুৱা ফাউণ্ডেচনে প্বাৰকাশ কৰা মতে বাৰাসত, বঙাওঁ আৰু কৃষ্ণনগৰত মাতুৱাসকলে প্ৰাৰ্থী প্ৰদান কৰিছে। ফলস্বৰূপে, ৰাজনৈতিক মহলে ভাবিছে  যে বিজেপিৰ উদ্বেগ বৃদ্ধি পাব। দলটোৱে পূব বৰ্ধমানতো প্ৰাৰ্থী প্ৰদান কৰাৰ কথা আছিল, কিন্তু পিছত সিদ্ধান্তৰ সলনি কৰা হয়। সংগঠনটোৱে অভিযোগ কৰিছে  যে ৰাজ্যখনত মাতুৱা আৰু অন্যান্য জনজাতিৰ বিকাশৰ কথা কোনো দলেই চিন্তা কৰা নাই।  

গতিকে এইবাৰ মতুৱা সংগঠনে ৰাজ্যখনৰ তিনিখন আসনত প্ৰাৰ্থী দিছে। পশ্চিম বংগৰ যোৱা লোকসভা আৰু বিধানসভা নিৰ্বাচনত চিএএ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ বাবে এটা মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। ৰাজ্যখনত এক কোটিতকৈও অধিক ভোটাৰ থকা এই সম্প্ৰদায়টো বাংলাদেশৰ সীমান্তৱৰ্তী নদিয়া, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ ২৪ পৰগণা জিলাত বিয়পি আছে। চিএএ আইন খনৰ বিৰুদ্ধে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত কেইবা খনো আবেদন কৰা হৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জীয়ে কাৰ বিৰোধিতা কৰি কৈ আহিছে "ইয়াৰ কোনো ভিত্তি নাই, কোনো স্বচ্ছতা নাই। এয়া ভোটৰ আগতে খেলা এক খেল। এনে কাম ১৯৯০ চনৰ আগতে অসমতো কৰা হৈছিল। ১৪ লাখ লোকক এন আৰ চিৰ অধীনলৈ অনা হৈছিল। এয়া এক অবৈধ খেল। এয়া বিজেপিৰ লুডো খেল। তেওঁলোকে ভাবিছে তেওঁলোকে মই ছয় মাৰিছে। কিন্তু প্ৰকৃততে তেনে নহয়। " 

 মমতাই কৈ আহিছে  "মই বংগত চিএএ কাৰ্যকৰী হ'বলৈ নিদিওঁ। আমি ইয়াত কাকো এন আৰ চিৰ অংশ হ'বলৈ নিদিওঁ। তেওঁলোকে (বিজেপি) ভোট বেংকৰ ৰাজনীতিৰ বাবে মাতুৱা সম্প্ৰদায়ৰ লোকসকলক মিছা কথা কৈ আছে। আপোনালোকে নিজকে বিপদত পেলাব বিচাৰে নেকি? আপোনালোকে চিএএৰ বাবে আবেদন কৰাৰ পিছতে সামাজিক আঁচনিবোৰত সকলো লাভালাভ হেৰুৱাব। " বেনাৰ্জীয়ে মাতুৱা সম্প্ৰদায়ক চিএএৰ বাবে আবেদন নকৰিবলৈ আহ্বান জনায় আৰু তেনে কৰিলে বংগত তেওঁলোকে তেওঁলোকৰ নাগৰিকত্ব হেৰুৱাব বুলি মমতাই সকিয়াই দিয়ে। মমতাই "যদি কোনোবাই চিএএৰ বাবে আবেদন কৰে, তেন্তে পাঁচ বছৰৰ বাবে নাগৰিকত্ব হেৰুৱাব লাগিব," ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে