--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বিজ্ঞানীৰ এটা দলে বৃহস্পতি গ্ৰহতকৈ প্ৰায় ১৩ গুণ ডাঙৰ গ্ৰহ এটা আৱিষ্কাৰ কৰিছে। আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্ছ লেবৰেটৰী (PRL)-ৰ বিজ্ঞানীসকলৰ মতে, সৌৰজগতৰ বাহিৰৰ সেই গ্ৰহটোৱেই হৈছে মহাকাশৰ আটাইতকৈ ঘন গ্ৰহ।

এই আৱিষ্কাৰৰ আঁৰত আছে বিজ্ঞানী অভিজিৎ চক্ৰৱৰ্তীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞানীৰ এটা দল। শেহতীয়াকৈ ‘Astronomy and Astrophysics Letters’ নামৰ এখন আলোচনীয়ে এই গৱেষণাৰ বিষয়ে বিতং তথ্য প্ৰকাশ কৰিছে।

ভাৰতৰ বাহিৰেও পি আৰ এলৰ এই গৱেষণা দলটোত আমেৰিকা, জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ দৰে দেশৰ বিজ্ঞানীসকলো অন্তৰ্ভুক্ত আছে। শেহতীয়াকৈ তেওঁলোকে আৱিষ্কাৰ কৰা নতুন গ্ৰহটো আচলতে এটা বহিঃগ্ৰহ। অৰ্থাৎ এই ছুপাৰ নিউ গ্ৰহটো সৌৰজগতৰ বাহিৰৰ এটা বিশাল তৰাৰ চাৰিওফালে ঘূৰি থাকে।

নতুনকৈ আৱিষ্কৃত গ্ৰহটোৰ ভৰ জুখিছিল ৰাজস্থানৰ শিলৰ চহৰ মাউণ্ট আবুৰ গুৰুশিখৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ পৰা থলুৱাভাৱে নিৰ্মিত ‘পি আৰ এল এডভান্সড ৰেডিয়েল-ভেলচিটি আবু স্কাই চাৰ্চ স্পেকট’গ্ৰাফ’ (সংক্ষিপ্তভাৱে PARS)ৰ দ্বাৰা। বিজ্ঞানীসকলৰ মতে এই নতুন গ্ৰহটোৰ ভৰ ১৪ গ্ৰাম/ঘন চেণ্টিমিটাৰ।

পৃথিৱীৰ পৰা ৭৩১ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এই গ্ৰহটোক ‘TOI 4603b’ বা ‘HD245134b’ নাম দিয়া হৈছে। নতুন গ্ৰহটোৱে TOI 4603 বা HD245134 নামৰ এটা বিশাল তৰাক প্ৰদক্ষিণ কৰিছে।

এই গ্ৰহটোৱে এবাৰ তৰাটোক প্ৰদক্ষিণ কৰিবলৈ ৭.২৪ দিন সময় লাগে। এই নতুন গ্ৰহটো অতি উষ্ণ আৰু ইয়াৰ বাহিৰৰ উষ্ণতা প্ৰায় ১৩৯৬ ডিগ্ৰী চেলছিয়াছ বুলিও বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বেও ভাৰতীয় বিজ্ঞানীৰ এটা দলে এনে দুটা বহিঃগ্ৰহ আৱিষ্কাৰ কৰিছিল। এই পৰ্যন্ত সৌৰজগতৰ বাহিৰত এনেধৰণৰ ৫,০০০ৰো অধিক বহিঃগ্ৰহ আৱিষ্কাৰ হৈছে। যাৰ প্ৰকৃতি, বৈশিষ্ট্য আৰু জলবায়ু ইটোৱে সিটোৰ পৰা সম্পূৰ্ণ পৃথক।

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোই এক বিবৃতিত কয় যে, পি আৰ এলৰ বৈজ্ঞানিক দলৰ এই নতুন আৱিষ্কাৰৰ ফলস্বৰূপে সৌৰজগতৰ বাহিৰত বহিঃগ্ৰহৰ গঠন পদ্ধতি, বিৱৰ্তন, প্ৰব্ৰজন সম্পৰ্কীয় বিভিন্ন অজ্ঞাত তথ্য সহজেই বিতংভাৱে জানিব পৰা যাব।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে