--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বিজ্ঞানীৰ এটা দলে বৃহস্পতি গ্ৰহতকৈ প্ৰায় ১৩ গুণ ডাঙৰ গ্ৰহ এটা আৱিষ্কাৰ কৰিছে। আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্ছ লেবৰেটৰী (PRL)-ৰ বিজ্ঞানীসকলৰ মতে, সৌৰজগতৰ বাহিৰৰ সেই গ্ৰহটোৱেই হৈছে মহাকাশৰ আটাইতকৈ ঘন গ্ৰহ।

এই আৱিষ্কাৰৰ আঁৰত আছে বিজ্ঞানী অভিজিৎ চক্ৰৱৰ্তীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞানীৰ এটা দল। শেহতীয়াকৈ ‘Astronomy and Astrophysics Letters’ নামৰ এখন আলোচনীয়ে এই গৱেষণাৰ বিষয়ে বিতং তথ্য প্ৰকাশ কৰিছে।

ভাৰতৰ বাহিৰেও পি আৰ এলৰ এই গৱেষণা দলটোত আমেৰিকা, জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ দৰে দেশৰ বিজ্ঞানীসকলো অন্তৰ্ভুক্ত আছে। শেহতীয়াকৈ তেওঁলোকে আৱিষ্কাৰ কৰা নতুন গ্ৰহটো আচলতে এটা বহিঃগ্ৰহ। অৰ্থাৎ এই ছুপাৰ নিউ গ্ৰহটো সৌৰজগতৰ বাহিৰৰ এটা বিশাল তৰাৰ চাৰিওফালে ঘূৰি থাকে।

নতুনকৈ আৱিষ্কৃত গ্ৰহটোৰ ভৰ জুখিছিল ৰাজস্থানৰ শিলৰ চহৰ মাউণ্ট আবুৰ গুৰুশিখৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ পৰা থলুৱাভাৱে নিৰ্মিত ‘পি আৰ এল এডভান্সড ৰেডিয়েল-ভেলচিটি আবু স্কাই চাৰ্চ স্পেকট’গ্ৰাফ’ (সংক্ষিপ্তভাৱে PARS)ৰ দ্বাৰা। বিজ্ঞানীসকলৰ মতে এই নতুন গ্ৰহটোৰ ভৰ ১৪ গ্ৰাম/ঘন চেণ্টিমিটাৰ।

পৃথিৱীৰ পৰা ৭৩১ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এই গ্ৰহটোক ‘TOI 4603b’ বা ‘HD245134b’ নাম দিয়া হৈছে। নতুন গ্ৰহটোৱে TOI 4603 বা HD245134 নামৰ এটা বিশাল তৰাক প্ৰদক্ষিণ কৰিছে।

এই গ্ৰহটোৱে এবাৰ তৰাটোক প্ৰদক্ষিণ কৰিবলৈ ৭.২৪ দিন সময় লাগে। এই নতুন গ্ৰহটো অতি উষ্ণ আৰু ইয়াৰ বাহিৰৰ উষ্ণতা প্ৰায় ১৩৯৬ ডিগ্ৰী চেলছিয়াছ বুলিও বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বেও ভাৰতীয় বিজ্ঞানীৰ এটা দলে এনে দুটা বহিঃগ্ৰহ আৱিষ্কাৰ কৰিছিল। এই পৰ্যন্ত সৌৰজগতৰ বাহিৰত এনেধৰণৰ ৫,০০০ৰো অধিক বহিঃগ্ৰহ আৱিষ্কাৰ হৈছে। যাৰ প্ৰকৃতি, বৈশিষ্ট্য আৰু জলবায়ু ইটোৱে সিটোৰ পৰা সম্পূৰ্ণ পৃথক।

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোই এক বিবৃতিত কয় যে, পি আৰ এলৰ বৈজ্ঞানিক দলৰ এই নতুন আৱিষ্কাৰৰ ফলস্বৰূপে সৌৰজগতৰ বাহিৰত বহিঃগ্ৰহৰ গঠন পদ্ধতি, বিৱৰ্তন, প্ৰব্ৰজন সম্পৰ্কীয় বিভিন্ন অজ্ঞাত তথ্য সহজেই বিতংভাৱে জানিব পৰা যাব।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু