--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃদ্ধি হ’ব মুকেশ কুমাৰ আৰু আকাশদীপৰ দৰমহা। ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ মাজতে নতুন সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। কিন্তু এই সিদ্ধান্ত কিয় লোৱা হৈছে তাক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত যথেষ্ট গুণাগঁথা চলিছে৷বহুতে উল্লেখ কৰিছে যে এই সিদ্ধান্ত এইবাবেই লোৱা হৈছে যাতে ক্ৰিকেটাৰসকলে অধিক টেষ্ট ক্ৰিকেট খেলে।

অৱশ্যে এতিয়া খেলুৱৈদুজনক অতিৰিক্ত দৰমহা দিয়া নহ’ব। আই পি এলৰ পাছত অনুষ্ঠিত হ’বলগীয়া টেষ্ট ছিৰিজত ক্ৰিকেটাৰসকলে মেচ মাচুলৰ বাহিৰেও অতিৰিক্ত ধন লাভ কৰিব। এতিয়া প্ৰতিখন টেষ্টত ১৫ লাখ, এদিনীয়া মেচৰ বাবে ৬ লাখ আৰু টি-২০ৰ বাবে ৩ লাখ মেচ মাচুল হিচাপে দিয়া হৈছে। আই পি এলৰ পাছত ১৫ লাখ টকা দিয়াৰ লগতে অতিৰিক্ত ৫০ লাখ টকা প্ৰদান কৰা হ’ব।ইতিমধ্যে টেষ্ট ফৰ্মেটত অভিষেক ঘটালে বংগৰ মুকেশে। আন এজন পেচাৰ আকাশেও টেষ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল। কেৰিয়াৰৰ আৰম্ভণিতে খেলুৱৈ দুজনৰ দৰমহা বৃদ্ধি পাব।

একাংশ ক্ৰিকেটাৰৰ মনোভাৱত সুখী নহয় ব’ৰ্ড। ভাৰতৰ উইকেটকীপাৰ ঈশান কিষাণে নুশুনে ব’ৰ্ডৰ কথা। ঘৰুৱা ক্ৰিকেট খেলা নাই। তাৰ পৰিৱৰ্তে কিষাণে আন এখন প্ৰতিযোগিতা খেলিছে। কিন্তু ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে স্পষ্টভাৱে কয় যে যদি ঘৰুৱা ক্ৰিকেট খেলা নহয় তেন্তে জাতীয় দলৰ বাবে ক্ৰিকেট খেলাটো দূৰৰে কথা আই পি এল খেলাটোও কঠিন হ’ব। তাৰ পাছতো ঈশানে শুনা নাই কথা। শ্ৰেয়াছ আয়াৰেও সেই দিশত ভৰি দিছে। সেয়েহে বিচিচিআইয়ে এই ধাৰাটো হ্ৰাস কৰিব বিচাৰিছে।

নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ব’ৰ্ডৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে, “যদি কোনো ক্ৰিকেটাৰে বছৰৰ সকলো টেষ্ট শৃংখলা খেলে, তেন্তে তেওঁক অতিৰিক্ত ধন দিয়া হ’ব।কেন্দ্ৰীয় চুক্তি আৰু মেচ মাচুলৰ বাহিৰেও সেই ধন তেওঁলোকে পাব। ইয়াৰ কাৰণ হ’ল ক্ৰিকেটাৰসকল ৰেড বলৰ ফৰ্মেটৰ প্ৰতি অধিক আগ্ৰহী।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু