--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃদ্ধি হ’ব মুকেশ কুমাৰ আৰু আকাশদীপৰ দৰমহা। ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ মাজতে নতুন সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। কিন্তু এই সিদ্ধান্ত কিয় লোৱা হৈছে তাক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত যথেষ্ট গুণাগঁথা চলিছে৷বহুতে উল্লেখ কৰিছে যে এই সিদ্ধান্ত এইবাবেই লোৱা হৈছে যাতে ক্ৰিকেটাৰসকলে অধিক টেষ্ট ক্ৰিকেট খেলে।

অৱশ্যে এতিয়া খেলুৱৈদুজনক অতিৰিক্ত দৰমহা দিয়া নহ’ব। আই পি এলৰ পাছত অনুষ্ঠিত হ’বলগীয়া টেষ্ট ছিৰিজত ক্ৰিকেটাৰসকলে মেচ মাচুলৰ বাহিৰেও অতিৰিক্ত ধন লাভ কৰিব। এতিয়া প্ৰতিখন টেষ্টত ১৫ লাখ, এদিনীয়া মেচৰ বাবে ৬ লাখ আৰু টি-২০ৰ বাবে ৩ লাখ মেচ মাচুল হিচাপে দিয়া হৈছে। আই পি এলৰ পাছত ১৫ লাখ টকা দিয়াৰ লগতে অতিৰিক্ত ৫০ লাখ টকা প্ৰদান কৰা হ’ব।ইতিমধ্যে টেষ্ট ফৰ্মেটত অভিষেক ঘটালে বংগৰ মুকেশে। আন এজন পেচাৰ আকাশেও টেষ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল। কেৰিয়াৰৰ আৰম্ভণিতে খেলুৱৈ দুজনৰ দৰমহা বৃদ্ধি পাব।

একাংশ ক্ৰিকেটাৰৰ মনোভাৱত সুখী নহয় ব’ৰ্ড। ভাৰতৰ উইকেটকীপাৰ ঈশান কিষাণে নুশুনে ব’ৰ্ডৰ কথা। ঘৰুৱা ক্ৰিকেট খেলা নাই। তাৰ পৰিৱৰ্তে কিষাণে আন এখন প্ৰতিযোগিতা খেলিছে। কিন্তু ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে স্পষ্টভাৱে কয় যে যদি ঘৰুৱা ক্ৰিকেট খেলা নহয় তেন্তে জাতীয় দলৰ বাবে ক্ৰিকেট খেলাটো দূৰৰে কথা আই পি এল খেলাটোও কঠিন হ’ব। তাৰ পাছতো ঈশানে শুনা নাই কথা। শ্ৰেয়াছ আয়াৰেও সেই দিশত ভৰি দিছে। সেয়েহে বিচিচিআইয়ে এই ধাৰাটো হ্ৰাস কৰিব বিচাৰিছে।

নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ব’ৰ্ডৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে, “যদি কোনো ক্ৰিকেটাৰে বছৰৰ সকলো টেষ্ট শৃংখলা খেলে, তেন্তে তেওঁক অতিৰিক্ত ধন দিয়া হ’ব।কেন্দ্ৰীয় চুক্তি আৰু মেচ মাচুলৰ বাহিৰেও সেই ধন তেওঁলোকে পাব। ইয়াৰ কাৰণ হ’ল ক্ৰিকেটাৰসকল ৰেড বলৰ ফৰ্মেটৰ প্ৰতি অধিক আগ্ৰহী।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক