--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিগ বছ ১৩ৰ জৰিয়তে সকলোৰে নয়নমণি হৈ পৰা  শ্বেহনাজ গিলে পৰৱৰ্তী সময়ত দক্ষতা,ব্যক্তিত্বৰ জৰিয়তে এগৰাকী অভিনেত্ৰী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত ২০২২ চনৰ ফিল্মফেয়াৰ মিডল ইষ্ট এচিভছ নাইট এৱাৰ্ডত বঁটা লাভ কৰি অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰতিভাৰ কথা পুনৰ প্ৰমাণ কৰে।

কিন্তু ইমানখিনি প্ৰাপ্তিয়েও আঁচোৰ পেলাব পৰা নাই শ্বেহনাজৰ সৰলতাত৷ এই সন্মানীয় বঁটা শ্বেহনাজে উৎসৰ্গা কৰিলে প্ৰয়াত প্ৰিয় বন্ধু সিদ্ধাৰ্থ শুক্লাৰ নামত৷ সিদ্ধাৰ্থৰ প্ৰতি থকা শ্বেহনাজৰ এনে আন্তৰিকতাই স্বাভাৱিকেই আকৰ্ষিত কৰিছে সকলোকে৷ লগতে অকালতে প্ৰাণ হেৰুওৱা সিদ্ধাৰ্থৰ  স্মৃতিত  আকৌ এবাৰ আৱেগিক  হৈ উঠিল সকলো। 

উক্ত বটাঁ গ্ৰহণ কৰি শ্বেহনাজে কয় যে, ” মই মোৰ পৰিয়াল,  বন্ধু আৰু অথবা  দলক  এই বঁটাটো  উৎসৰ্গা নকৰো কাৰণ এইয়া মোৰ পৰিশ্ৰমৰ ফল ৷”
লগতে তুমি মোৰেই হয় মোৰ হৈয়েই থাকিবা বুলি সোঁৱৰে সিদ্ধাৰ্থক৷ 

শেষত শ্বেহনাজে তেওঁৰ জীৱনত সিদ্ধাৰ্থৰ যে এক গুৰুত্বপূৰ্ণ স্থান আছে সেইয়া পুনৰ প্ৰমাণ কৰি  কয় যে, “ মই এজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, ধন্যবাদ মোৰ জীৱনলৈ অহাৰ বাবে৷  তেওঁ মোৰ ওপৰত ইমান বিনিয়োগ কৰিলে যে মই ইয়াত আহি ইয়াত উপনীত হ’লো। সিদ্ধাৰ্থ শুক্লা, এইয়া কেৱল তোমাৰ বাবে।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু