--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিগ বছ ১৩ৰ জৰিয়তে সকলোৰে নয়নমণি হৈ পৰা  শ্বেহনাজ গিলে পৰৱৰ্তী সময়ত দক্ষতা,ব্যক্তিত্বৰ জৰিয়তে এগৰাকী অভিনেত্ৰী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত ২০২২ চনৰ ফিল্মফেয়াৰ মিডল ইষ্ট এচিভছ নাইট এৱাৰ্ডত বঁটা লাভ কৰি অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰতিভাৰ কথা পুনৰ প্ৰমাণ কৰে।

কিন্তু ইমানখিনি প্ৰাপ্তিয়েও আঁচোৰ পেলাব পৰা নাই শ্বেহনাজৰ সৰলতাত৷ এই সন্মানীয় বঁটা শ্বেহনাজে উৎসৰ্গা কৰিলে প্ৰয়াত প্ৰিয় বন্ধু সিদ্ধাৰ্থ শুক্লাৰ নামত৷ সিদ্ধাৰ্থৰ প্ৰতি থকা শ্বেহনাজৰ এনে আন্তৰিকতাই স্বাভাৱিকেই আকৰ্ষিত কৰিছে সকলোকে৷ লগতে অকালতে প্ৰাণ হেৰুওৱা সিদ্ধাৰ্থৰ  স্মৃতিত  আকৌ এবাৰ আৱেগিক  হৈ উঠিল সকলো। 

উক্ত বটাঁ গ্ৰহণ কৰি শ্বেহনাজে কয় যে, ” মই মোৰ পৰিয়াল,  বন্ধু আৰু অথবা  দলক  এই বঁটাটো  উৎসৰ্গা নকৰো কাৰণ এইয়া মোৰ পৰিশ্ৰমৰ ফল ৷”
লগতে তুমি মোৰেই হয় মোৰ হৈয়েই থাকিবা বুলি সোঁৱৰে সিদ্ধাৰ্থক৷ 

শেষত শ্বেহনাজে তেওঁৰ জীৱনত সিদ্ধাৰ্থৰ যে এক গুৰুত্বপূৰ্ণ স্থান আছে সেইয়া পুনৰ প্ৰমাণ কৰি  কয় যে, “ মই এজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, ধন্যবাদ মোৰ জীৱনলৈ অহাৰ বাবে৷  তেওঁ মোৰ ওপৰত ইমান বিনিয়োগ কৰিলে যে মই ইয়াত আহি ইয়াত উপনীত হ’লো। সিদ্ধাৰ্থ শুক্লা, এইয়া কেৱল তোমাৰ বাবে।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক